ETV Bharat / bharat

ৰমেশ চেন্নিথালাৰ বিৰুদ্ধে কৰা তদন্তত ৰাজ্যপালৰ অনুমোদনৰ প্ৰয়োজন নাই - আইনী পৰামৰ্শ

কেৰালাৰ বিৰোধী দলৰ নেতা ৰমেশ চেন্নিথালা বাৰ কেলেংকাৰী সন্দৰ্ভত জড়িত থকাৰ অভিযোগত ইতিমধ্যে প্ৰাথমিক তদন্ত সম্পন্ন কৰিছে ৰাজ্য় চৰকাৰে ৷ এই ক্ষেত্ৰত তদন্ত কৰিবলৈ ৰাজ্যপালৰ অনুমোদনৰ আৱশ্যকতা নাই বুলি ৰাজ্যপালে উল্লেখ কৰে ৷

Ramesh Chennithala
ৰমেশ চেন্নিথালা
author img

By

Published : Nov 28, 2020, 7:43 AM IST

নিউজ ডেস্ক,28 নৱেম্বৰ : বাৰ কেলেংকাৰী সন্দৰ্ভত বিৰোধী দলৰ নেতা ৰমেশ চেন্নিথালাৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে তদন্ত কৰিবলৈ ৰাজ্যপালৰ নৈতিক অনুমোদনৰ দৰকাৰ নাই ৷ কেৰালাৰ ৰাজ্যপালে ৰাজ্য চৰকাৰক এই কথা উল্লেখ কৰে ৷

পূৰ্বে ৰাজ্য় চৰকাৰে বাৰখনৰ স্বত্বাধিকাৰী বিজু ৰমেশৰ মন্তব্যৰ ভিত্তিত ৰমেশ চেন্নিথালাৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিবলৈ আইনী পৰামৰ্শ বিচাৰিছিল ৷

ৰমেশ চেন্নিথালা বিধায়ক আৰু কেৰালা প্ৰদেশ কংগ্ৰেছ কমিটী (KPCC)ৰ অধ্য়ক্ষ পদত থকাৰ সময়ত বিজু ৰমেশে তেওঁক 1 কোটি টকাৰ ঘোচ দিছিল ৷ বাৰখনৰ স্বত্বাধিকাৰী বিজু ৰমেশে এইদৰে মন্তব্য আগবঢ়ায় ৷

এই অভিযোগ উত্থাপন হোৱাৰ সময়ত ৰমেশ চেন্নিথালা কেবিনেটৰ কোনো পদত অধিষ্ঠিত নথকাৰ বাবে আইনী পৰামৰ্শনুসাৰে তেওঁৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিবলৈ ৰাজ্য়পালৰ অনুমোদনৰ প্ৰয়োজন নাই বুলি ৰাজ্য়পালে উল্লেখ কৰে ৷

ইয়াৰ পৰিৱৰ্তে তদন্ত আগবঢ়াবলৈ কেৱল বিধানসভাৰ অধ্যক্ষৰ অনুমতিৰ আৱশ্য়কতা আছে যিহেতু চেন্নিথালা সেই সময়ত বিধায়কৰ দায়িত্বত আছিল ৷

বিজু ৰমেশৰ মন্তব্য় অনুসৰি, সতৰ্কতা আৰু ভ্ৰষ্টাচাৰ নিৰ্মূল ব্যুৰ’ (VACB)য়ে ইতিমধ্য়ে চেন্নিথালাৰ বিৰুদ্ধে প্ৰাথমিক তদন্ত সম্পন্ন কৰিছে ৷ ইয়াৰ পাচতে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ চৰকাৰৰ অনুমতি বিচাৰিছিল ৷ ৰাজ্য়খনৰ মুখ্য়মন্ত্ৰী পিনাৰাই বিজয়নেও তদন্তৰ বাবে অনুমতি প্ৰদান কৰিছিল ৷

আনহাতে গৃহ মন্ত্ৰণালয়ৰ ৰাজ্য়িক বিভাগে বিধানসভাৰ অধ্যক্ষক পত্ৰ প্ৰেৰণ কৰি ৰমেশ চেন্নিথালাৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিবলৈ অনুমতি বিচাৰিছিল ৷

বিধানসভাৰ অধ্য়ক্ষ শ্ৰীৰামকৃষ্ণনে গুজৰাটত অনুষ্ঠিত হোৱা সন্মিলনৰ পৰা উভতি অহাৰ পাচতহে চেন্নিথালাৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিব ৰাজ্য চৰকাৰে ৷

লগতে পঢ়ক : ক’ভিড 19ৰ ভেকচিন প্ৰস্তুতৰ ক্ষেত্ৰত যুটীয়াভাৱে কাম কৰাৰ প্ৰতিশ্ৰুতি মোডী, জনচনৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.