ETV Bharat / bharat

Manipur violence : মণিপুৰত পুনৰ সংঘৰ্ষ, চৰকাৰক তীব্ৰ সমালোচনা প্ৰিয়ংকা গান্ধীৰ - Priyanka Gandhi slams Govt

ইম্ফল পশ্চিম জিলাৰ লাম্ফেল অঞ্চলত মণিপুৰৰ মন্ত্ৰী নেমচা কিপগেনৰ চৰকাৰী কোৱাৰ্টাৰত একাংশ দুৰ্বৃত্তৰ আক্ৰমণ । দুটাকৈ ঘৰ জ্বলাই দিলে একাংশ লোকে । কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে ।

Manipur violence
চৰকাৰক তীব্ৰ সমালোচনা প্ৰিয়ংকা গান্ধীৰ
author img

By

Published : Jun 15, 2023, 5:49 PM IST

নেশ্যনেল ডেস্ক,১৫ জুন : শান্ত হোৱা নাই মণিপুৰ । পুনৰ ৰাজ্যখনৰ বিভিন্ন স্থানত সংঘৰ্ষৰ খবৰ আহিছে । বুধবাৰে আবেলি ইম্ফলৰ নিউ চেকন এলেকাত একাংশ লোকে দুটাকৈ ঘৰত অগ্নিসংযোগ কৰে । ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰে ।

উল্লেখ্য যে মণিপুৰত হিংসাত্মক ঘটনা বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত সেনা আৰু অসম ৰাইফলছে কটকটীয়া নিৰাপত্তা গঢ়ি তুলিছে । বিভিন্ন স্থানত আনকি অভিযানো চলাইছে নিৰাপত্তা বাহিনীয়ে । ইয়াৰ মাজতে বুধবাৰে নিশা ইম্ফল পশ্চিম জিলাৰ লাম্ফেল অঞ্চলত মণিপুৰৰ মন্ত্ৰী নেমচা কিপগেনৰ চৰকাৰী কোৱাৰ্টাৰত একাংশ দুৰ্বৃত্তই অগ্নিসংযোগ কৰে আৰু দুটাকৈ ঘৰ জ্বলাই দিয়ে । অৱশ্যে অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপণ কৰিবলৈ সক্ষম হয় ।

ইফালে মঙলবাৰে নিশা পূব ইম্ফলৰ খামেনলোক অঞ্চলৰ পূব ইম্ফলৰ এটা গীৰ্জাৰ ভিতৰত কিছু দুৰ্বৃত্তই গুলীচালনা কৰাৰ ফলত মহিলাসহ ৯ গৰাকী লোক নিহত হয় আৰু ১০ গৰাকী লোক আহত হয় । হিংসাত্মক ঘটনা বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে বৃহস্পতিবাৰে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰক তীব্ৰ সমালোচনা কৰে । তেওঁ কয় যে মণিপুৰত জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে কোনো তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই ।

প্ৰিয়ংকা গান্ধীয়ে এক টুইটত কয় যে মণিপুৰৰ পৰিস্থিতি অতি দুখজনক আৰু মণিপুৰৰ জনসাধাৰণৰ সুৰক্ষা আৰু শান্তি পুনৰুদ্ধাৰ নিশ্চিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ নকৰাটো অতি হতাশাজনক ।

  • The situation in Manipur is very distressing, and it is deeply disheartening to see that the Central government is not taking immediate measures to ensure the safety of the people of Manipur and the restoration of peace.

    — Priyanka Gandhi Vadra (@priyankagandhi) June 15, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে যোৱা প্ৰায় এমাহ ধৰি মণিপুৰত হিংসাত্মক ঘটনা সংঘটিত হৈ আছে । মেইটেই আৰু কুকিসকলৰ মাজত হোৱা সংঘৰ্ষই ৰাজ্যখনত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । কেন্দ্ৰীয় চৰকাৰেও পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও চৰকাৰ সফল হোৱা নাই । প্ৰতিমুহূৰ্ততে নিৰাপত্তা বাহিনীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বিভিন্ন পদক্ষেপ লৈছে ।

লগতে পঢ়ক :3rd Galwan clash anniversary : লাডাখ খণ্ডত জ্যেষ্ঠ সামৰিক বিষয়া মোতায়েন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.