ETV Bharat / bharat

Priyanka Gandhi Rally : মধ্যপ্ৰদেশত কংগ্ৰেছৰ গেৰাণ্টিৰ পুনৰাবৃত্তি প্ৰিয়ংকাৰ; জাতিগত লোকপিয়লৰ প্ৰতিশ্ৰুতি - Priyanka Gandhi on caste census

কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীয়ে জনজাতীয় লোকসকলৰ বাবে ডাঙৰ ঘোষণা । তেওঁ কয় যে মধ্যপ্ৰদেশত টেণ্ডু পাতৰ বোনাচ দিয়া হ'ব । টেণ্ডু পাতৰ প্ৰতিটো বেগত ৪০০০ টকা পাব । ইয়াৰ উপৰি প্ৰিয়ংকা গান্ধীয়ে কংগ্ৰেছৰ গেৰাণ্টিৰ পুনৰাবৃত্তি কৰে । কংগ্ৰেছ চৰকাৰ গঠন হোৱাৰ লগে লগে অ'পিএছ কাৰ্যকৰী কৰা হ'ব । ইয়াৰ লগতে প্ৰিয়ংকা গান্ধীয়ে জাতিগত লোকপিয়ল অনুষ্ঠিত কৰাৰ বিষয়টোও উত্থাপন কৰে ।

মধ্যপ্ৰদেশত কংগ্ৰেছৰ গেৰাণ্টিৰ পুনৰাবৃত্তি প্ৰিয়ংকাৰ
Priyanka Gandhi Rally
author img

By ETV Bharat Assamese Team

Published : Oct 12, 2023, 4:24 PM IST

নিউজ ডেস্ক, ১২ অক্টোবৰ : নিৰ্বাচনমুখী মধ্যপ্ৰদেশৰ মহাকৌশলৰ জনজাতীয় অধ্যুষিত জিলা মাণ্ডলাত এক ৰাজহুৱা সভা সম্বোধন কৰি প্ৰিয়ংকা গান্ধীয়ে কংগ্ৰেছে পূৰ্বতে কৰা ঘোষণাৰ কথা দোহাৰে । তেওঁ লগতে প্ৰতিশ্ৰুতি দিয়ে যে যদি কংগ্ৰেছে মধ্যপ্ৰদেশত চৰকাৰ গঠন কৰে তেন্তে কৃষকৰ ঋণ মাফ কৰা হ'ব । ১০০ ইউনিট বিদ্যুৎ ১০০ টকাত উপলব্ধ হ'ব । ইয়াৰ উপৰি বিদ্যুতৰ বিল ২০০ ইউনিটত আধা হ'ব । পুৰণি পেঞ্চন আঁচনি ৰূপায়ণ কৰাৰো তেওঁ প্ৰতিশ্ৰুতি প্ৰদান কৰে । আনহাতে, গেছ চিলিণ্ডাৰ ৫০০ টকাত উপলব্ধ হ'ব । কংগ্ৰেছ চৰকাৰ গঠন হ'লে প্ৰতিমাহে মহিলাৰ একাউণ্টত ১৫০০ টকাকৈ প্ৰদান কৰিব কংগ্ৰেছে । লগতে কৃষকসকলে জলসিঞ্চনৰ বাবে বিনামূলীয়াকৈ ৫ অশ্বশক্তিৰ বিদ্যুৎ লাভ কৰিব । শিশুসকলৰ শিক্ষা প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ বিনামূলীয়া কৰাৰো প্ৰতিশ্ৰুতি দিয়ে । এই আঁচনিখনৰ নাম হ'ব 'পঢ়ক আৰু পঢ়াওক' ।

  • Live : कांग्रेस की राष्ट्रीय महासचिव श्रीमती प्रियंका गांधी जी एवं प्रदेश कांग्रेस अध्यक्ष कमलनाथ जी मंडला जिले में विशाल जनसभा में शामिल। https://t.co/up9nv2u6nh

    — MP Congress (@INCMP) October 12, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

জনজাতীয় লোকসকলক লক্ষ্য কৰি প্ৰিয়ংকা গান্ধীয়ে কয় যে মধ্যপ্ৰদেশত টেণ্ডু পাত (বিড়ি বনোৱা পাত) চপোৱা ভাই-ভনীসকলৰ অধিকাৰ কাঢ়ি লোৱা হৈছে । মধ্যপ্ৰদেশত টেণ্ডু পাতে সঠিক মূল্য লাভ কৰা নাই । বিজেপি চৰকাৰে টেণ্ডু পাতৰ বোনাচো বন্ধ কৰিছে । কংগ্ৰেছে টেণ্ডু পাতৰ ওপৰত বোনাচ দিয়া আৰম্ভ কৰিছিল । তেওঁ ঘোষণা কৰে যে যদি কংগ্ৰেছে চৰকাৰ গঠন কৰে, তেন্তে টেণ্ডু পাতৰ প্ৰতিটো বেগৰ মূল্য হ'ব ৪,০০০ টকা । ইয়াৰ লগতে বিড়ি বনোৱাৰ কাম কৰাসকলকো বোনাচ দিয়া হ'ব । ইয়াৰ উপৰি ছত্তীশগড়ৰ দৰে মধ্যপ্ৰদেশতো পিইএছএ আইন কাৰ্যকৰী কৰা হ'ব ।

প্ৰিয়ংকা গান্ধীয়ে জাতিগত লোকপিয়লৰ বিষয়টোও উত্থাপন কৰে । তেওঁ কয় যে মোদী চৰকাৰে জাতিগত লোকপিয়ল কৰিব নিবিচাৰে । যদি কংগ্ৰেছে চৰকাৰ গঠন কৰে, তেন্তে জাতিগত লোকপিয়ল অনুষ্ঠিত কৰা হ'ব । প্ৰিয়ংকা গান্ধীয়ে লগতে আশ্বাস দিয়ে যে যদি কংগ্ৰেছে মধ্যপ্ৰদেশত চৰকাৰ গঠন কৰে, তেন্তে অ'বিচি সংৰক্ষণ ২৭ শতাংশলৈ বৃদ্ধি কৰা হ'ব । ইয়াৰ লগতে ষষ্ঠ অনুসূচীও কাৰ্যকৰী কৰা হ'ব । অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ সকলো খালী পদ পূৰণ কৰা হ'ব । প্ৰিয়ংকা গান্ধীয়ে ঘোষণা কৰে যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গাঁওবোৰত দিয়া ধনৰাশি চহৰৰ সমানে দিয়া হ'ব । বৰ্তমান ইয়াত যথেষ্ট পাৰ্থক্য আছে ।

ইফালে মাণ্ডলা আৰু জবলপুৰৰ মাজৰ পথৰ উদাহৰণ দাঙি ধৰি প্ৰিয়ংকা গান্ধীয়ে কয় যে ভাৰতীয় জনতা পাৰ্টীৰ কামত দুৰ্নীতি সংঘটিত হৈছে । ইয়াৰ এক জীৱন্ত উদাহৰণ হৈছে মাণ্ডলা-জবলপুৰ পথ । যাৰ বাবে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী গাডকাৰীয়ে ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছে । ইয়াৰ লগতে প্ৰিয়ংকা গান্ধীয়ে কয় যে টেণ্ডু পাত উলিওৱাৰ পিছত দিয়া বোনাচৰ পৰিৱৰ্তে সাধাৰণ লোকসকলক ইয়াত জোতা, চটি আৰু ছাতি দিয়া হৈছে, যাৰ ভিতৰত আছে তেওঁলোকৰ কমিছন । যদি কংগ্ৰেছে চৰকাৰ গঠন কৰে, তেন্তে জোতা, চটি আৰু ছাতিৰ সলনি জনজাতীয় লোকসকলক বোনাচ দিয়া হ'ব ।

লগতে পঢ়ক :Bihar train accident: বিহাৰৰ ৰে’ল দুৰ্ঘটনাত মৃত্যু শদিয়াৰ মাতৃ-কন্যাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.