ETV Bharat / bharat

চিবিএচই পৰীক্ষা বাতিলৰ দাবী প্ৰিয়ংকা গান্ধীৰ - প্ৰিয়ংকা গান্ধী বাদ্ৰা

চিবিএছই ব'ৰ্ড পৰীক্ষাত শিক্ষাৰ্থীসকলক অৱতীৰ্ণ হ'বলৈ বাধ্য কৰোৱাটো দায়িত্বজ্ঞানহীন কাণ্ড বুলি কোৱাৰ লগতে চিবিএচই ব'ৰ্ডৰ পৰীক্ষাসমূহ বাতিল বা পুনৰ নিৰ্ধাৰণ কৰিবলৈ দাবী কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী বাদ্ৰাৰ ।

চিবিএচই ব'ৰ্ডলৈ টুইট প্ৰিয়ংকা গান্ধীৰ
চিবিএচই ব'ৰ্ডলৈ টুইট প্ৰিয়ংকা গান্ধীৰ
author img

By

Published : Apr 9, 2021, 1:39 PM IST

নেশ্যনেল ডেস্ক, ৯ এপ্ৰিল: দেশত শেহতীয়াকৈ COVID-১৯ ৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী বাদ্ৰাই চিবিএচই ব'ৰ্ডৰ পৰীক্ষাসমূহ বাতিল বা পুনৰ নিৰ্ধাৰণ কৰিবলৈ দাবী জনায় । লগতে শিক্ষাৰ্থীসকলক চিবিএছই ব'ৰ্ড পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ বাধ্য কৰোৱাটো দায়িত্বজ্ঞানহীন কাণ্ড বুলিও কয় । ব'ৰ্ডৰ পৰীক্ষাবোৰ হয় বাতিল কৰিব লাগে নহ'লে শিক্ষাৰ্থীসকল শাৰীৰিকভাৱে উপস্থিত নথকাকৈয়ে অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰিব লাগে বুলি শুকুৰবাৰে টুইটাৰযোগে কয় গান্ধীয়ে ।

চিবিএছই ব'ৰ্ড পৰীক্ষা ২০২১ ৰ অনুসৰি, দশম শ্ৰেণীৰ পৰীক্ষা ৪ মে'ৰ পৰা ৭ জুনৰ ভিতৰত অনুষ্ঠিত হ'ব আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা ৪ মে'ৰ পৰা ১৫ জুনৰ ভিতৰত অনুষ্ঠিত হ'ব । গতিকে আগন্তুক পৰীক্ষাৰ বাবে শিক্ষাৰ্থীসকলে অনলাইন পৰীক্ষা অনুষ্ঠিত কৰিবলৈ দাবী জনাইছে । এই সন্দৰ্ভত ইতিমধ্যে এক লাখতকৈও অধিক শিক্ষাৰ্থীয়ে চিবিএছই ব'ৰ্ডলৈ আবেদন জনাইছে । উল্লেখযোগ্য যে, দেশত বিগত কেইদিনমানৰ পৰা প্ৰতিদিনে এক লাখৰো অধিক লোক COVID-১৯ ত আক্ৰান্ত হৈছে । চৰকাৰী তথ্য অনুসৰি প্ৰায় ১.৩২ লাখ লোক নতুনকৈ COVID-১৯ ত আক্ৰান্ত হৈছে ।

লগতে পঢ়ক: উৎকোচ লৈ থকা সময়তে হাতে-লোটে কৰায়ত্ত স্বাস্থ্য বিষয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.