ETV Bharat / bharat

প্ৰিন্স ফিলিপ: ভাৰত ভ্ৰমণ আৰু বিতৰ্ক - ব্ৰিটেইনৰ ৰাজ দম্পতী

৯৯ বছৰ বয়সত ইহলীলী সম্বৰণ কৰিলে ৰাণী দ্বিতীয় এলিজাবেথৰ স্বামী প্ৰিন্স ফিলিপে । বাকিংহাম পেলেচৰ তৰফৰ পৰা এই কথা নিশ্চিত কৰা হৈছে । প্ৰিন্স ফিলিপে কেইবাবাৰো ভাৰত ভ্ৰমণ কৰিছিল । ১৯৫৯ চনৰ জানুৱাৰী মাহত ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ শাসন কালত প্ৰিন্স ফিলিপ প্ৰথমবাৰৰ বাবে ভাৰতলৈ আহিছিল ।

প্ৰিন্স ফিলিপৰ ভাৰত ভ্ৰমণ
প্ৰিন্স ফিলিপৰ ভাৰত ভ্ৰমণ
author img

By

Published : Apr 10, 2021, 2:19 PM IST

নেশ্যনেল ডেস্ক, ১০ এপ্ৰিল: শুক্ৰবাৰে দেহাৱসান ঘটে ৰাণী দ্বিতীয় এলিজাবেথৰ স্বামী প্ৰিন্স ফিলিপৰ । ৯৯ বছৰ বয়সত চিৰবিদায় মাগে প্ৰিন্স ফিলিপে । বাকিংহাম পেলেচৰ তৰফৰ পৰা এই কথা নিশ্চিত কৰা হৈছে । ব্ৰিটিছ ৰাজপৰিয়ালত তেওঁ এগৰাকী বিতৰ্কিত ব্যক্তি হিচাপে চৰ্চিত হৈ আছিল । বৰ্ণবাদী আৰু যৌনতাবাদী মন্তব্যৰ বাবে সময়ে সময়ে তেওঁ সমালোচিত হৈছিল ।

ফিলিপে তেওঁৰ বহুতো চেৰিটি সংস্থাৰ কামত সঘনাই ভ্ৰমণ কৰিছিল আৰু ব্ৰিটিছ উদ্যোগ আৰু বিজ্ঞানৰ প্ৰচাৰ চলাইছিল । এই সময়ছোৱাতে অধৈৰ্য্য আৰু অভব্য মন্তব্য কৰাৰ বাবে ফিলিপ একপ্ৰকাৰ চৰ্চিত হৈ পৰিছিল । ১৯৫৯ চনৰ জানুৱাৰী মাহত ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ শাসন কালত প্ৰিন্স ফিলিপ প্ৰথমবাৰৰ বাবে ভাৰতলৈ আহিছিল ।

ৰাজপৰিয়ালৰ আছিল যদিও তেওঁ নতুন দিল্লীত ভাৰতৰ অন্তিম ভাইচৰয় লুই মাউণ্টবেটেনৰ ভতিজা হিচাপে অধিক জনাজাত আছিল । পৰৱৰ্তী সময়ত তেওঁ ৰাণী এলিজাবেথৰ সৈতে ১৯৬১, ১৯৮৩ আৰু ১৯৯৭ চনত ভাৰতলৈ আহিছিল । ১৯৬১ চনত তেওঁলোকে মুম্বাই, চেন্নাই আৰু কলকাতা ভ্ৰমণ কৰিছিল । ১৯৮৩ চনত কমনৱেলথৰ মুৰব্বীসকলৰ সৈতে অনুষ্ঠিত চৰকাৰী বৈঠকত অংশ ল'বলৈ আহিছিল । তেওঁলোকে ১৯৯৭ চনত পুনৰ ভাৰতলৈ আহিছিল ।

প্ৰিন্স ফিলিপে অমৃতসৰ ভ্ৰমণৰ সময়ত জালিয়ানৱালা বাগ গণহত্যাৰ বলি হোৱা লোকৰ সংখ্যা সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰিছিল । তেওঁলোকৰ ১৯৯৭ চনৰ ভ্ৰমণৰ পটভূমিও কম বিতৰ্কিত নাছিল । ৰাণী এলিজাবেথ আৰু প্ৰিন্স ফিলিপে নতুন দিল্লীত অৱতৰণ কৰাৰ কেইঘণ্টামান পূৰ্বে তদানীন্তন প্ৰধানমন্ত্ৰী আই কে গুজৰালে কায়ৰোত ইজিপ্তৰ বুদ্ধিজীৱীসকলৰ এখন সভাত কৈছিল যে, ব্ৰিটেইন হৈছে "তৃতীয় স্তৰৰ শক্তি" ।

পাকিস্তান ভ্ৰমণৰ সময়ত ব্ৰিটেইনে কাশ্মীৰ সমস্যা সন্দৰ্ভত ভাৰত আৰু পাকিস্তানৰ মাজত মধ্যস্থতা কৰিব পাৰে বুলি বৈদেশিক সচিব ৰবিন কুকে পৰামৰ্শ দিয়াৰ বাবে গুজৰাল ক্ষুদ্ধ হৈছিল । ১৯০১ চনত প্ৰথমে লৰ্ড কাৰ্জনে "তৃতীয় স্তৰৰ শক্তি" বাক্যাংশ ব্যৱহাৰ কৰি কৈছিল যে, যেতিয়ালৈকে তেওঁলোকে ভাৰত শাসন কৰিব, তেতিয়ালৈকে ব্ৰিটেইন বিশ্বৰ সৰ্বশ্ৰেষ্ঠ শক্তি ।

তেওঁ লগতে কৈছিল যে, যদি ভাৰতে তেওঁলোকৰ অধীনৰ পৰা মুক্তি লাভ কৰে অথবা তেওঁলোকে ভাৰত হেৰুৱায় তেন্তে তেওঁলোক পোনপটীয়াকৈ "তৃতীয় স্তৰৰ শক্তি"লৈ অৱনমিত হ'ব । ১৯৯৭ চনত ব্ৰিটেইনৰ ৰাজ দম্পতীক ভ্ৰমণৰ সময়ত ১৯১৯ চনৰ গণহত্যাৰ বাবে ক্ষমা বিচাৰিবলৈ দাবী জনোৱা হৈছিল । কেইবা দশক ধৰি, কৰ্ণেল ৰেজিনাল্ড ডায়েৰে নিৰ্দেশ দিয়া গুলীচালনাত প্ৰায় ৩৭৯ জন লোক হতাহত হোৱাৰ তথ্য লাভ কৰা হৈছে ।

আনহাতে, ভাৰতীয় তথ্য অনুসৰি হতাহতৰ সংখ্যা হাজাৰৰো অধিক আছিল । স্মাৰকৰ এখন ফলকত উল্লেখ কৰা হৈছে যে, এই ঠাইখন প্ৰায় দুই হাজাৰ হিন্দু, শিখ আৰু মুছলমান সম্প্ৰদায়ৰ লোকৰ তেজৰে ৰক্তাক্ত হৈ আছে যিসকলে দেশৰ স্বাৰ্থত অহিংস সংগ্ৰাম কৰিবলৈ আহি শ্বহীদ হৈছিল । ১৯৯৭ চনৰ ভ্ৰমণৰ সময়ত, ৰাণী এলিজাবেথে নটশিৰ কৰি স্মাৰকত পুষ্প অৰ্পণ কৰে ।

বাহিৰলৈ ওলাই যাওঁতে প্ৰিন্স ফিলিপে এজন বিষয়াক মৃতকৰ সংখ্যা সম্পৰ্কে প্ৰশ্ন কৰি কৈছিল, "দুই হাজাৰ? এয়া নাছিল নেকি ? সেয়া ভুল" । লগতে তেওঁ সেই সময়ত ডায়েৰৰ পুত্ৰৰ সৈতে নৌসেনাত আছিল বুলিও মন্তব্য কৰিছিল । তেওঁ লগতে কৈছিল যে, মৃত্যু হোৱা লোকৰ সংখ্যা অতিৰঞ্জিত কৰা হৈছে আৰু ইয়াত নিশ্চয় আহতসকলো সংখ্যাও অন্তৰ্ভুক্ত হৈ আছে ।

লগতে পঢ়ক:কংগ্ৰেছ শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীৰ সৈতে ছোনিয়া গান্ধীৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.