ETV Bharat / bharat

PM Modi Slams Congress : পুৰণি সংসদক বিদায় দিয়াৰ পূৰ্বে কংগ্ৰেছক আক্ৰমণ প্ৰধানমন্ত্ৰীৰ - India new parliament building

গৌৰৱপূৰ্ণ পুৰণি সংসদ ভৱনত অধিবেশন সমাপ্তিৰ দিনা দিয়া এক ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ ঘটনাবহুল ৰাজনৈতিক যাত্ৰাৰ বিষয়ে উল্লেখ কৰি বিৰোধীক আক্ৰমণৰ সুযোগ গ্ৰহণ কৰে । নষ্টালজিয়া আৰু ৰাজনৈতিক আলোচনাৰ আভাসেৰে দিয়া ভাষণত মোদীয়ে জৰুৰীকালীন অৱস্থাৰ প্ৰত্যাহ্বানপূৰ্ণ সময়ৰ পৰা তেলেংগানা স্থাপনলৈকে গুৰুত্বপূৰ্ণ মুহূৰ্তবোৰৰ কথা উল্লেখ কৰি ভাৰতীয় গণতন্ত্ৰৰ গভীৰতাৰ বিষয়ে তেওঁ উল্লেখ কৰে । লগতে তেওঁ কংগ্ৰেছ নেতৃত্বাধীন পূৰ্বৰ ইউপিএ চৰকাৰক সমালোচনাৰে থকাসৰকা কৰে ।

PM Modi Slams Congress
PM Modi Slams Congress
author img

By ETV Bharat Assamese Team

Published : Sep 18, 2023, 2:55 PM IST

নিউজ ডেস্ক, ১৮ ছেপ্টেম্বৰ : ঐতিহাসিক পুৰণি সংসদ ভৱনত অধিবেশনৰ অন্তিম দিনটোত এক আৱেগপূৰ্ণ ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ অশান্ত ৰাজনৈতিক ইতিহাসৰ প্ৰতিফলন ঘটাবলৈ গৈ বিৰোধীক আক্ৰমণৰ সুযোগ গ্ৰহণ কৰে । নষ্টালজিয়াৰ অনুভূতি আৰু ৰাজনৈতিক বাক্যবাণৰ সৈতে মোদীয়ে ভাৰতীয় গণতন্ত্ৰৰ বিষয়বোৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে । তেওঁ জৰুৰীকালীন অৱস্থাৰ অন্ধকাৰ দিনৰ পৰা তেলেংগানা গঠনলৈকে ঘটনাবোৰৰ কথা উল্লেখ কৰি কংগ্ৰেছ দলৰ নেতৃত্বত পূৰ্বৰ ইউপিএ চৰকাৰৰ ভুল সিদ্ধান্ত বুলি উল্লেখ কৰে ।

মোদীয়ে পুৰণি সংসদ ভৱনৰ তাৎপৰ্যৰ কথা স্বীকাৰ কৰি তেওঁৰ ভাষণ আৰম্ভ কৰে । ইয়াক তেওঁ ভাৰতীয় গণতন্ত্ৰৰ অন্ধকাৰ সময় আৰু জনসাধাৰণৰ অটল স্থিতিস্থাপকতা দুয়োটাৰে সাক্ষী হিচাপে প্ৰশংসা কৰে । তেওঁ সংসদৰ ইতিহাসৰ বিভাজনৰ কথা উল্লেখ কৰি কয় যে যিখন ঠাইত কেৱল গণতন্ত্ৰৰ ওপৰত আক্ৰমণেই নহয়, গণতান্ত্ৰিক আদৰ্শৰ ওপৰত এখন ৰাষ্ট্ৰৰ বিশ্বাসৰ অদম্য মনোভাবো দেখা গৈছিল ।

"এই সংসদত জৰুৰীকালীন অৱস্থা আৰু গণতন্ত্ৰৰ ওপৰত আক্ৰমণ প্ৰত্যক্ষ কৰা গৈছিল । কিন্তু এই সংসদখনে জনসাধাৰণৰ শক্তি আৰু গণতন্ত্ৰত বিশ্বাসো প্ৰত্যক্ষ কৰিছিল । দেশে প্ৰত্যক্ষ কৰিছিল যে কেনেকৈ এই দেশৰ জনসাধাৰণে জৰুৰীকালীন অৱস্থাৰ বিৰুদ্ধে যুঁজিবলৈ শক্তি সংগ্ৰহ কৰিছিল আৰু গণতন্ত্ৰৰ ওপৰত তেওঁলোকৰ বিশ্বাস হ্ৰাস কৰিছেল ।" প্ৰধানমন্ত্ৰীয়ে কয় ।

আনহাতে, সংসদত আটাইতকৈ কম সংখ্যক সদস্য থকা কিন্তু কংগ্ৰেছৰ সমৰ্থনৰ বাবে প্ৰধানমন্ত্ৰী হোৱা প্ৰাক্তন প্ৰধানমন্ত্ৰী চন্দ্ৰশেখৰৰ কাৰ্যকালৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, "এই সংসদত মাত্ৰ ৬৪ জন সাংসদেৰে প্ৰধানমন্ত্ৰীক নিজৰ আসনত আৰু সৰ্ববৃহৎ দলক বিৰোধীৰ আসনত বহি থকা দেখা গৈছিল ।"

প্ৰধানমন্ত্ৰীয়ে জনতা দলৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত লোৱা চন্দ্ৰশেখৰৰ কথা উল্লেখ কৰি কয় যে ৬৪ জন সাংসদক লগত লৈ তেওঁ আঁতৰি গৈছিল । পৰৱৰ্তী সময়ত তেওঁ সমাজবাদী জনতা পাৰ্টী প্ৰতিষ্ঠা কৰিছিল । কিন্তু ঘটনাৰ এক আশ্চৰ্যজনক পৰিৱৰ্তনত জনতা দলৰ বিৰোধিতা সত্ত্বেও চন্দ্ৰশেখৰে কংগ্ৰেছৰ সমৰ্থনত প্ৰধানমন্ত্ৰীৰ ভূমিকা গ্ৰহণ কৰে । অৱশ্যে এই চৰকাৰৰ কাৰ্যকাল অতি কম সময়ৰ বাবে আছিল । মাত্ৰ তিনি মাহ শাসনত থকাৰ পিছত কংগ্ৰেছে চন্দ্ৰশেখৰ চৰকাৰৰ প্ৰতি সমৰ্থন প্ৰত্যাহাৰ কৰে । তেওঁলোকৰ নেতা ৰাজীৱ গান্ধীৰ ওপৰত গুপ্তচৰবৃত্তিৰ অভিযোগ উত্থাপন কৰে । সংখ্যাগৰিষ্ঠ সমৰ্থন হেৰুওৱাৰ সন্মুখীন হৈ চন্দ্ৰশেখৰে ১৯৯১ চনৰ ৬ মাৰ্চত পদত্যাগ কৰিবলৈ বাধ্য হয় ।

প্ৰধানমন্ত্ৰীয়ে তেলেংগানা গঠনৰ ক্ষেত্ৰত ইউপিএ চৰকাৰক সমালোচনা কৰে । ভাৰতীয় ৰাজনীতিৰ এক বিতৰ্কিত বিষয় বুলি উল্লেখ কৰি মোদীয়ে দুখ প্ৰকাশ কৰে যে প্ৰক্ৰিয়াটো অধিক সুসংগত পৰিৱেশত সংঘটিত হোৱা নাই । তেওঁ পৰামৰ্শ দিয়ে যে অধিক সহযোগিতামূলক দৃষ্টিভংগীয়ে তেলেংগানাক বৰ্তমানৰ ৰাজ্যতকৈ অধিক উচ্চতালৈ লৈ যাব পাৰে । অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাৰ মাজত থকা দীৰ্ঘদিনীয়া বিদ্বেষ পুনৰ উদ্ভৱ হোৱাৰ লগে লগে তেলেংগানা গঠন প্ৰক্ৰিয়া হিংসা আৰু বিভেদৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱা বুলি মোদীয়ে কয় ।

লগতে পঢ়ক :Parliament Special Session 2023: পুৰণি সাংসদ ভৱনক ৰোমন্থন কৰি নষ্টালজিক হৈ পৰিল সাংসদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.