নেশ্যনেল ডেস্ক,৮ ডিচেম্বৰ : আজিৰে পৰা উত্তৰাখণ্ড বিশ্ব বিনিয়োগকাৰী সন্মিলন ২০২৩ অনুষ্ঠিত হ'ব । এই সন্মিলনত অংশগ্ৰহণ কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । প্ৰধানমন্ত্ৰীগৰাকী ইতিমধ্যে উত্তৰাখণ্ডৰ ৰাজধানী দেহৰাদুনত উপস্থিত হৈছে । মধ্যপ্ৰদেশ, ৰাজস্থান আৰু ছত্তীশগড়ত বৃহৎ বিজয়ৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথমবাৰৰ বাবে উত্তৰাখণ্ডত উপস্থিত হৈছে । যিয়ে বিজেপি কৰ্মী আৰু নেতাসকলক উৎসাহিত কৰি তুলিছে । জলিগ্ৰাণ্ট বিমানবন্দৰৰ পৰা পোনে পোনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এফআৰআই দেহৰাদুনত অনুষ্ঠিত উত্তৰাখণ্ড বিশ্ব বিনিয়োগকাৰী সন্মিলন ২০২৩ৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে । য'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৰাজ্য চৰকাৰ আৰু বিভিন্ন সংগঠনে আদৰণি জনায় ।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এফআৰআইত উত্তৰাখণ্ড বিশ্ব বিনিয়োগকাৰী সন্মিলন ২০২৩ উদ্বোধন কৰিব আৰু তাত উপস্থিত থকা উদ্যোগপতিসকলকো সম্বোধন কৰিব । ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজ্যখনত প্ৰায় ৪৪ হাজাৰ কোটি টকাৰ প্ৰকল্প উদ্বোধন কৰিব । ইফালে উত্তৰাখণ্ড বিশ্ব বিনিয়োগকাৰী সন্মিলন ২০২৩ৰ বাবে উত্তৰাখণ্ড চৰকাৰে প্ৰায় ৩ লাখ কোটি টকাৰ বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে ।
উত্তৰাখণ্ড বিশ্ব বিনিয়োগকাৰী সন্মিলনত অংশ লোৱাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেহৰাদুনৰ উত্তৰকাশী চিল্কিয়াৰা সুৰংগৰ পৰা উদ্ধাৰ হোৱা উত্তৰাখণ্ডৰ দুগৰাকী শ্ৰমিক ক্ৰমে কোটদ্বাৰৰ গব্বৰ সিং নেগী আৰু চম্পাৱতৰ পুষ্কৰ সিঙকো সাক্ষাৎ কৰিব । ইয়াৰ পূৰ্বে সাহসী গব্বৰ সিং নেগীক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যথেষ্ট প্ৰশংসা কৰিছিল । আবেলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দিল্লীলৈ উভতি আহিব । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই ভ্ৰমণত ৰাজ্যিক বিজেপি অত্যন্ত আনন্দিত । কাৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই ভ্ৰমণে আগন্তুক লোকসভা নিৰ্বাচন ২০২৪ত বিজেপিক লাভান্বিত কৰিব বুলি আশা কৰা হৈছে ।