ETV Bharat / bharat

Oppositions Alliance INDIA : ইণ্ডিয়া শক্তিশালী হোৱাত আতংকিত হৈছে প্ৰধানমন্ত্ৰী মোদী; মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পৃথ্বীৰাজ চৱন

author img

By ETV Bharat Assamese Team

Published : Aug 29, 2023, 6:48 PM IST

প্ৰধানমন্ত্ৰী আতংকিত হৈ পৰিছে আৰু সেইকাৰণে তেওঁ একেদিনাই মুম্বাইত এনডিএৰ বৈঠক আহ্বান কৰিছে । এইটো আমাৰ বাবে ভাল । তেওঁলোকে কৰা ভুলে বিৰোধীপক্ষক সহায় কৰিব । প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা পৃথ্বীৰাজ চৱনে কয় ।

Oppositions Alliance INDIA
Oppositions Alliance INDIA

নিউজ ডেস্ক, ২৯ আগষ্ট : মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পৃথ্বীৰাজ চৱনে মঙলবাৰে কয় যে বিৰোধী মিত্ৰজোঁট ইণ্ডিয়া ক্ৰমান্বয়ে শক্তিশালী হ'বলৈ আগবাঢ়িছে । যাৰ ফলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপৰত প্ৰভাৱ পৰিছে ।

"বিৰোধী মিত্ৰজোঁট ইণ্ডিয়া ক্ৰমান্বয়ে শক্তিশালী হ'বলৈ আগবাঢ়িছে । ইয়াৰ ফলস্বৰূপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ইতিমধ্যে প্ৰভাৱিত হৈছে । প্ৰধানমন্ত্ৰী আতংকিত হৈ পৰিছে আৰু সেইকাৰণে ইণ্ডিয়াৰ নেতাসকল একত্ৰিত হোৱাৰ দিনাই তেওঁ মুম্বাইত এনডিএৰ এক বৈঠকৰ আহ্বান কৰিছে । এইটো আমাৰ বাবে ভাল । তেওঁলোকে ভুল কৰিব আৰু ই বিৰোধীক সহায় কৰিব ।" মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পৃথ্বীৰাজ চৱনে ইটিভি ভাৰতৰ আগত কয় ।

উল্লেখ্য যে বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ তৃতীয়খন বৈঠক অহা ৩১ আগষ্ট আৰু ১ ছেপ্টেম্বৰত মুম্বাইত অনুষ্ঠিত হ'ব । দেশৰ পশ্চিম প্ৰান্তৰ ৰাজ্যখনত কংগ্ৰেছ-শিৱসেনা (উদ্ধৱ থাকৰে)-নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টী (এনচিপি) মিত্ৰজোঁটৰ অংশীদাৰ শিৱসেনা উদ্ধৱ বালাচাহেব থাকৰে গোটে বৈঠকখন আয়োজন কৰিছে ।

মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ মতে, জনতা দল-ইউনাইটেডে ২৩ জুনত পাটনাত প্ৰথমখন মিত্ৰজোঁটৰ বৈঠক আয়োজন কৰিছিল আৰু শিৱসেনা উদ্ধৱ থাকৰেয়ে মুম্বাইত তৃতীয়খন মিত্ৰজোঁটৰ বৈঠক আয়োজন কৰিছ । এইটোৱে দেখুৱাইছে যে আঞ্চলিক দলসমূহে বিৰোধী মিত্ৰজোঁটত উপযুক্ত গুৰুত্ব লাভ কৰিছে আৰু গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে ।

"যদিও কংগ্ৰেছ আৰু এনচিপিয়েও শিৱসেনা উদ্ধৱ থাকৰেক বিৰোধীৰ সন্মিলন আয়োজন কৰিবলৈ সহায় কৰি আছে, শিৱসেনা উদ্ধৱ থাকৰেয়ে ইয়াৰ কৃতিত্ব লোৱাত আমাৰ কোনো সমস্যা নাই ।" বিধানসভাৰ সদস্য তথা চাটাৰা জিলাৰ কাৰাদৰ বাসিন্দা চৱনে কয় ।

আন এক ঘটনাক্ৰমত ইণ্ডিয়া মিত্ৰজোঁটে ১৮ জুলাইত বেংগালুৰুত দ্বিতীয়খন বৈঠক অনুষ্ঠিত কৰাৰ সময়তে নেচনেল ডেমোক্ৰেটিক এলায়েন্সেও একেদিনাই দিল্লীত অধিবেশন অনুষ্ঠিত কৰিছিল ।

প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমান ইণ্ডিয়া মিত্ৰজোঁটত ২৬ টা দল আছে আৰু এই বিৰোধী মিত্ৰজোঁটত আন কিছু নতুন দল সংযোজন হোৱাৰ সম্ভাৱনা আছে । কিন্তু মুম্বাইত অনুষ্ঠিত হ'বলগীয়া তৃতীয়খন বৈঠকত এই প্ৰস্তাৱ সন্দৰ্ভত আলোচনা কৰা হ'ব ।

লগতে পঢ়ক :Lok Sabha Election 2024 : যিকোনো সময়তে অনুষ্ঠিত হ'ব পাৰে লোকসভা নিৰ্বাচন; বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.