ETV Bharat / bharat

PM Modi thanked people of NE: দিল্লী আৰু দিল কোনোটোৰ পৰাই দূৰত নহয় পূৰ্বোত্তৰ; প্ৰধানমন্ত্ৰী - Tripura assembly election results

উত্তৰ-পূবৰ তিনি ৰাজ্যৰ নিৰ্বাচনৰ ফলাফল ঘোষণা ৷ ত্ৰিপুৰা আৰু নাগালেণ্ডত পুনৰ চৰকাৰ গঠনৰ বাবে জনাদেশ লাভ বিজেপি মিত্ৰজোঁটৰ ৷ মেঘালয়তো চৰকাৰৰ অংশীদাৰ হোৱাৰ সম্ভাৱনা বিজেপিৰ ৷ প্ৰধানমন্ত্ৰী মোদীয়ে ধন্যবাদ জনালে উত্তৰ-পূববাসীক (NE states election result updates) ৷

NE states election result updates
PM Modi thanked people of NE
author img

By

Published : Mar 2, 2023, 10:59 PM IST

নিউজডেস্ক, 2 মাৰ্চ: উত্তৰ-পূবৰ তিনিৰাজ্যৰ নিৰ্বাচনৰ ফলাফলক লৈ যথেষ্ট সুখী দেখা গৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে বিজেপি দলৰ নেতা-কৰ্মীসকলক ৷ প্ৰধানমন্ত্ৰীয়ে বৃহস্পতিবাৰে কয় যে, নিৰ্বাচনত বিজেপিৰ বিজয়ে ভাৰত আৰু বিশ্বত গণতন্ত্ৰ আৰু গণতান্ত্ৰিক সংস্থাৰ ওপৰত ৰাইজৰ বিশ্বাস কিমান গভীৰ তাকেই প্ৰমাণ কৰিলে ৷ নাগালেণ্ড, মেঘালয় আৰু ত্ৰিপুৰা নিৰ্বাচনৰ ফলাফল প্ৰকাশৰ পাচতে প্ৰধানমন্ত্ৰীয়ে নতুন দিল্লীত দেশবাসীক সম্বোধন কৰে ৷ প্ৰধানমন্ত্ৰী মোদীয়ে এই বিজয়ৰ কৃতিত্ব দিয়ে চৰকাৰৰ কৰ্ম সংস্কৃতি আৰু দলীয় কাৰ্যকৰ্তাক (PM Modi on election results) ৷

প্ৰধানমন্ত্ৰীয়ে কয় যে, উত্তৰ-পূবত বিজেপিৰ জয়যাত্ৰাই এয়া প্ৰমাণ কৰিছে যে, এই অঞ্চলটো ‘‘দিল্লী আৰু দিল’’ কোনোটোৰ পৰাই দূৰত নহয় ৷ উত্তৰ-পূবৰ মানুহে অনুভৱ কৰিব পৰা হৈছে যে, তেওঁলোকক কোনেও অবজ্ঞা নকৰে ৷ বিজেপিৰ শাসনত তেওঁলোকক সমান গুৰুত্ব প্ৰদান কৰা হৈছে ৷ ‘‘মই সুখী যে, আমি তেওঁলোকৰ হৃদয়ত স্থান দখল কৰিবলৈ সক্ষম হৈছোঁ ৷’’ দিল্লীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত এই কথা কয় প্ৰধানমন্ত্ৰী মোদীয়ে (PM Modi thanked people of NE) ৷

বিৰোধী দলসমূহক তীব্ৰ সমালোচনা কৰি মোদীয়ে কয় যে, সংখ্যালঘুসকলক বছৰ বছৰ ধৰি বিজেপিৰ বিষয়ে ভয় খুওৱা হৈছিল ৷ কিন্তু গোৱা আৰু এতিয়া উত্তৰ-পূবৰ লোকসকলে এই অপপ্ৰচাৰ উদঙাই দিছে । তেওঁ লগতে এই কথাও আলোকপাত কৰে যে, কংগ্ৰেছে উত্তৰ-পূবৰ ৰাজ্যসমূহক কেনেদৰে আওকাণ কৰিছিল ৷ তেওঁ কয়, ‘‘কংগ্ৰেছে ভাবিছিল যে সৰু সৰু ৰাজ্যসমূহে কোনো গুৰুত্ব নাপায়’’। কিন্তু কংগ্ৰেছে এনে চিন্তা কৰি এক বৃহৎ ভুল কৰিলে । তেওঁলোকে এই ৰাজ্যসমূহৰ শক্তি নাজানে (NE states assembly poll results) ।

লগতে পঢ়ক: Three state election results: নাগালেণ্ড ত্ৰিপুৰাত পুনৰ গেৰুৱা চৰকাৰ; মচনদত বহিবলৈ মিত্ৰ শক্তিৰ প্ৰয়োজন চাংমাক

প্ৰধানমন্ত্ৰী মোদীয়ে সমগ্ৰ দেশতে বিজেপিৰ শাসন ব্যৱস্থাৰ অধীনত মহিলাসকলৰ নিৰাপত্তা আৰু সবলীকৰণৰ কথাও উত্থাপন কৰে ৷ তেওঁ কয় যে, দেশখন ইয়াৰ পূৰ্বে মহিলাসকলৰ বাবে সুৰক্ষিত নাছিল । বিৰোধীয়ে কেনেকৈ সদায় তেওঁক দমাই ৰাখিবলৈ চেষ্টা কৰে আৰু তেওঁৰ দলটোৱে ইয়াৰ সত্ত্বেও কিদৰে সফল হ’বলৈ সক্ষম হয় সেই কথা উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে ৷ তেওঁ কয়, “কিছুমানে ‘‘মৰ জা মোদী, মৰ জা মোদী, ডাই, ডাই কৈ থাকে । মট জা মোদী, মট জা মোদী বুলিও বিৰোধীয়ে কয় । পদুম ফুলি আছে আৰু সমগ্ৰ ভাৰততে ফুলি থাকিব ৷’’ তেওঁ লগতে কয় (Meghalaya asembly poll result 2023)

এই ভাষণৰ পিচত টুইটাৰযোগে মোদীয়ে কয় যে, ত্ৰিপুৰা বিধানসভা নিৰ্বাচনত বিজেপিৰ জয় হৈছে অগ্ৰগতি আৰু স্থিতিশীলতাৰ বাবে ৷ তেওঁ লগতে কয় যে, দলটোৱে ৰাজ্যখনৰ উন্নয়নৰ বাবে কাম কৰি যাব । "ধন্যবাদ ত্ৰিপুৰা ! এইটো এটা অগ্ৰগতি আৰু স্থিতিশীলতাৰ বাবে জনাদেশ । @BJP4Tripura ই ৰাজ্যৰ উন্নয়নৰ বাবে কাম কৰি যাব । তৃণমূল পৰ্যায়ত তেওঁলোকৰ দৰ্শনীয় প্ৰচেষ্টাৰ বাবে মই সকলো ত্ৰিপুৰা বিজেপি কাৰ্যকৰ্তাক লৈ গৌৰৱান্বিত ।" টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয় (Tripura assembly election results) ৷

লগতে পঢ়ক: This is a vote for progress: এই জনাদেশ উন্নয়নৰ হকে; ত্ৰিপুৰাবাসী ধন্যবাদ জনালে প্ৰধানমন্ত্ৰীয়ে

এনডিপিপি-বিজেপি মিত্ৰজোঁটে নাগালেণ্ডত ক্ষমতা ৰক্ষা কৰিবলৈ সাজু হোৱাৰ লগে লগে মোদীয়ে লোকসকলক ৰাজ্যখনত সেৱা আগবঢ়াবলৈ মিত্ৰজোঁটক আন এক জনাদেশ দিয়াৰ বাবে ধন্যবাদ জনায় । তেওঁ টুইট কৰি কয়, "ৰাজ্যৰ অগ্ৰগতিৰ বাবে ডাবল ইঞ্জিন চৰকাৰে কাম কৰি থাকিব । মই আমাৰ দলৰ কৰ্মীসকলক তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ বাবে প্ৰশংসা কৰোঁ যিয়ে এই ফলাফল নিশ্চিত কৰিছিল ।" মেঘালয় নিৰ্বাচনৰ ওপৰত কৰা টুইটত তেওঁ কয় যে, “নিৰ্বাচনত বিজেপিক সমৰ্থন কৰা বাবে সকলোৰে ওচৰত কৃতজ্ঞ।” প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘আমি মেঘালয়ৰ উন্নয়ন বৃদ্ধি কৰাৰ বাবে কঠোৰ পৰিশ্ৰম কৰি যাম আৰু ৰাজ্যখনৰ জনসাধাৰণক সবলীকৰণ কৰাত মনোনিৱেশ কৰিম’’ (Nagaland assembly election results) ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.