ETV Bharat / bharat

ক্ৰমান্বয়ে ভাৰতত বৃদ্ধি পাইছে সিংহৰ সংখ্যা : PM মোডী - পৰ্যটন

সিংহ(Lion)ৰ সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ উদ্দেশ্যে পালন কৰা হয় বিশ্ব সিংহ দিৱস(World Lion Day) । সিংহ সংৰক্ষণৰে জড়িত হৈ থকা লোকসকললৈ শুভেচ্ছা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(PRIME MINISTER NARENDRA MODI)ৰ । টুইটযোগে তেওঁ কয় যে, বিগত কেইটামান বছৰত ভাৰতত বৃদ্ধি হৈছে সিংহৰ সংখ্যা ।

World Lion Day
আজি বিশ্ব সিংহ দিৱস
author img

By

Published : Aug 10, 2021, 12:02 PM IST

নেশ্যনেল ডেস্ক, ১০ আগষ্ট : 'ভাৰতত বিগত কেইবছৰ মানত ক্ৰমান্বয়ে সিংহৰ সংখ্যা বৃদ্ধি পাইছে । এছিয়াটিক সিংহৰ ঘৰত পৰিণত হ'বলৈ পাই ভাৰত গৌৰৱান্বিত' । বিশ্ব সিংহ দিৱসত এই মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । এই বিশেষ দিনটোত সিংহ সংৰক্ষণৰে জড়িত হৈ থকা লোকসকলক টুইটযোগে শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে ।

২০২০ চনত মূলতঃ গুজৰাটৰ গীৰ ৰাষ্ট্ৰীয় উদ্যানত বাস কৰা এছিয়াটিক সিংহৰ সংখ্যা ৬৭৪ টা আছিল বুলি অনুমান কৰা হৈছিল । বিগত পাঁচ বছৰত সিংহৰ সংখ্যা বৃদ্ধিৰ হাৰ ২৯ শতাংশ । প্ৰধানমন্ত্ৰী মোডীয়ে টুইটত উল্লেখ কৰে যে, যেতিয়া তেওঁ গুজৰাটৰ মুখ্যমন্ত্ৰী আছিল, তেতিয়া সিংহৰ বাবে সুৰক্ষিত বাসস্থান নিশ্চিত কৰাৰ ক্ষেত্ৰত কাম কৰাৰ সুযোগ পাইছিল । তেওঁ লগতে কয় যে, এই ক্ষেত্ৰত কেইবাটাও পদক্ষেপ লোৱা হৈছিল ।

স্থানীয় সম্প্ৰদায়বোৰ এই কামৰ সৈতে জড়িত হৈ আছিল । ইয়াৰ জৰিয়তে পৰ্যটন দিশটোও উন্নত কৰাতো নিশ্চিত কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছিল বুলি তেওঁ জানিবলৈ দিয়ে । এতিয়ালৈকে দেশৰ ভিতৰত গুজৰাটৰ গীৰ ৰাষ্ট্ৰীয় উদ্যানতে সিংহৰ সংখ্যা আটাইতকৈ বেছি পোৱা গৈছে ।

লগতে পঢ়ক: বিদেশী নাগৰিককো দিয়া হ’ব প্ৰতিষেধক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.