নিউজ ডেস্ক, 13 ডিচেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে উত্তৰ প্ৰদেশত উদ্বোধন কৰিলে কাশী বিশ্বনাথ ধাম প্ৰকল্পৰ প্ৰথমটো পৰ্যায় (PM Modi inaugurated Kashi Vishwanath Dham) প্ৰায় 399 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে এই প্ৰকল্প ৷ বাৰাণসীত উপস্থিত হৈ দিনৰ প্ৰায় 10.30 বজাত প্ৰধানমন্ত্ৰী মোদীয়ে কাল ভৈৰৱ মন্দিৰত সেৱা আগবঢ়াই আৰতি কৰে (Modi prays at Kal Bhairav temple) ৷ দুদিনীয়া ভ্ৰমণসূচীৰে নিৰ্বাচনৰ পূৰ্বে নিজৰ সংসদীয় সমষ্টি বাৰাণসীলৈ গৈছে প্ৰধানমন্ত্ৰী মোদী (PM Modi in Varanasi) ৷
এই ভ্ৰমণকালত তেওঁ অসম, অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী আৰু বিহাৰ, নাগালেণ্ডৰ উপমুখ্যমন্ত্ৰীৰ সৈতে এক সন্মিলনত অংশ ল’ব (PM Modi's conclave with CMs) ৷ ৰাজ্য শাসন সম্পৰ্কীয় উন্নত পদ্ধতি সমূহৰ আলোচনা আৰু ভাৰতৰ বিকাশৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ উদ্দেশ্যসমূহ আলোচনাৰ বাবেই এই সন্মিলন অনুষ্ঠিত কৰা হ’ব ৷ কাশী বিশ্বনাথ ধাম উদ্বোধনৰ সমগ্ৰ আয়োজন নিজে তদাৰক কৰিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে ৷ সাংবাদিকৰ আগত প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জনোৱাৰ লগতে (Yogi Aditya Nath thanking PM Modi) মা-গংগাৰ বহু হাজাৰ বছৰ পুৰণি এটা ইচ্ছা পূৰণ কৰা বুলি উল্লেখ কৰে যোগী আদিত্য নাথে ৷
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, প্ৰায় এহেজাৰ বছৰ পাচত কাশীৰ এই অতি প্ৰাচীন তথা পবিত্ৰ বাবা বিশ্বনাথ মন্দিৰ পুনৰুদ্ধাৰ হৈছে ৷ কাশী বিশ্বনাথ ধামৰ পূৰ্ণতাৰ সম্পূৰ্ণ কৃতিত্ব প্ৰধানমন্ত্ৰী মোদীক প্ৰদান কৰিছে যোগী আদিত্য নাথে ৷
আজিৰ দিনটো ভাৰতৰ ইতিহাসত উল্লেখযোগ্য হৈ ৰ’ব বুলি উল্লেখ কৰে যোগী আদিত্য নাথে ৷ কিয়নো প্ৰধানমন্ত্ৰী মোডীয়ে বাবা শ্ৰী কাশী বিশ্বনাথ মন্দিৰক চমৎকাৰ ৰূপ দি বিশ্বনাথ ধামত পৰিণত কৰাৰ পণ লৈছিল ৷ মোদীৰ শাসন কালতেই 251 বছৰ পাচত এই ধামে পূৰ্ণতা পালে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ বিশ্বনাথ ধামক অনন্য ৰূপত সজাই তোলা হৈছে এই অনুষ্ঠানৰ বাবে ৷ 12 খন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু 21 গৰাকী উপ-মুখ্যমন্ত্ৰীয়ে অংশ লয় এই অনুষ্ঠানত ৷ সন্ধিয়া এখন ৰ’ ৰ’ জাহাজত উঠি গংগা আৰতিও উপভোগ কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে ৷