ETV Bharat / bharat

Vande Bharat Express Train flag off : কেৰালাত প্ৰথমখন বন্দে ভাৰত ৰে’লৰ শুভাৰম্ভ - বন্দে ভাৰত ৰে’লৰ শুভাৰম্ভ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কেৰালাৰ প্ৰথমখন বন্দে ভাৰত ৰে’লৰ শুভাৰম্ভ কৰে (PM Modi Flagged off Vande Bharat Express)। ত্ৰিবান্দ্ৰম কেন্দ্ৰীয় ৰে'ল ষ্টেচনৰ পৰা প্ৰধানমন্ত্ৰীয়ে মুকলি কৰে ৰে'লখন । শিক্ষাৰ্থীসকলৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰীৰ ।

Vande Bharat Express Train flag off
বন্দে ভাৰত ৰে'লৰ শুভাৰম্ভ
author img

By

Published : Apr 25, 2023, 2:15 PM IST

নেশ্যনেল ডেস্ক, ২৫ এপ্ৰিল : আগন্তুক লোকসভা নিৰ্বাচনৰ তৎপৰ হৈছে দেশৰ প্ৰতিটো ৰাজনৈতিক দল । শাসকীয় বিজেপি দলেও ভোটাৰক আকৰ্ষণ কৰাৰ বাবে ৰণনীতি প্ৰস্তুত কৰিছে । তাৰ অংশস্বৰূপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শেহতীয়াকৈ বিভিন্ন ৰাজ্য ভ্ৰমণ কৰিছে । য'ত তেওঁ কোটি কোটি টকাৰ অভিলাষী আঁচনিৰ শুভাৰম্ভ কৰিছে । সোমবাৰে কেৰালাত উপস্থিত হৈ প্ৰধানমন্ত্ৰীয়ে কেইবাটাও আঁচনিৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ৰাজ্যখনৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ ৰে'লৰ শুভাৰম্ভ কৰে (PM Modi Flagged off Vande Bharat Express)।

এক বিশাল অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কেৰালাৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ ৰে'লৰ শুভাৰম্ভ কৰে (First Vande Bharat Express of Kerala)। প্ৰধানমন্ত্ৰীয়ে পুৱা ১১.১০ বজাত ত্ৰিবান্দ্ৰম কেন্দ্ৰীয় ৰে'ল ষ্টেচনৰ পৰা বন্দে ভাৰত ৰে'লৰ ফ্লেগ অফ কৰে । অনুষ্ঠানত ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱ, ৰাজ্যপাল আৰিফ মহম্মদ খান, মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নৰ লগতে স্থানীয় সাংসদ শশী থাৰুৰও উপস্থিত থাকে ।

ৰে'লৰ ফ্লেগ অফ কৰাৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে ৰে'লৱেৰ লোকো পাইলট আৰু বিষয়াসকলৰ সৈতে বাৰ্তালাপ কৰে । তেওঁ চি ১ ডবাত নিৰ্বাচিত বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ সৈতেও বাৰ্তালাপ কৰে । শিক্ষাৰ্থীসকলে প্ৰধানমন্ত্ৰী মোডী আৰু বন্দে ভাৰতৰ চিত্ৰ অংকন কৰি তেওঁক দেখুৱায় । ইফালে ৰে'লৰ শুভাৰম্ভণি অনুষ্ঠানত অংশ লোৱাৰ বাবে প্লেটফৰ্মৰ বাহিৰত শ শ লোক ভিৰ কৰে ।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰীয়ে কোচিৰ পৰা ১০.১০ বজাত ত্ৰিবান্দ্ৰম আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয় (PM Modi in Kerala)। মুখ্যমন্ত্ৰী পিনাৰাই বিজয়ন আৰু কেৰালাৰ ৰাজ্যপাল আৰিফ মহম্মদ খানে তেওঁক বিমানবন্দৰত আদৰণী জনায় । ফ্লেগ-অফ অনুষ্ঠানৰ বাবে ৰে'ল ষ্টেচনলৈ যোৱাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে তেওঁৰ বাহনৰ পৰাই সমৰ্থকসকলক অভিনন্দন জ্ঞাপন কৰে ।

বন্দে ভাৰত ৰে'লখন ৮ টা ষ্টেচনত ৰ'ব । ষ্টেচন কেইটা হৈছে ক্ৰমে কোল্লাম, কোট্টায়াম, এৰ্নাকুলাম, ত্ৰিচুৰ, শ্ৰনুৰ, কোজিকোড, কান্নুৰ আৰু কাচাৰাগোড । কিন্তু মঙলবাৰৰ দিনটোৰ বাবে কোল্লাম, কায়ামকুলম, চেংগান্নুৰ, থিৰুভাল্লা, কোট্টায়াম, এৰ্নাকুলাম টাউন, চালাকুডি, ত্ৰিচুৰ, শ্ৰনুৰ, তিৰুৰ, কোজিকোড, থালাচেৰী, কান্নুৰ, পায়ান্নুৰ আৰু কাচাৰাগোডত দুই মিনিটৰ বিশেষ ষ্টপেজৰ ব্যৱস্থা কৰা হৈছে ।

লগতে পঢ়ক : First Water Metro of India : কেৰালাত মুকলি হ'ব দেশৰ প্ৰথম ৱাটাৰ মেট্ৰ’

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.