নেশ্যনেল ডেস্ক,১১ এপ্ৰিল: দেশজুৰি আৰম্ভ হোৱা কৰ'ণা প্ৰতিষেধক প্ৰদানৰ দ্বিতীয় পৰ্যায়ৰ অভিযানক 'টীকা উৎসৱ' হিচাপে নামাকৰণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । ইয়াক কৰ'ণাৰ বিৰুদ্ধে দ্বিতীয় বৃহৎ যুদ্ধ আখ্যা মোডীৰ ।
এক বাৰ্তাযোগে প্ৰধানমন্ত্ৰীয়ে এই অভিযান সন্দৰ্ভত চাৰিটা বিষয়ত গুৰুত্ব আৰোপ কৰে । প্ৰধানমন্ত্ৰী মোডীয়ে লগতে দেশখনক প্ৰতিষেধকৰ শূন্য অপচয়ৰ দিশে আগবাঢ়িব লাগিব বুলি জোৰ দি কয় যে টীকাকৰণ ক্ষমতাৰ সৰ্বোত্তম ব্যৱহাৰ হৈছে ভাৰতৰ ক্ষমতা বৃদ্ধিৰ এক উপায় ।
প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা ৪ টা বিষয়ৰ প্ৰথমটো হৈছে 'প্ৰত্যককে-টীকাকৰণ', অৰ্থাৎ যিসকলে টীকাকৰণৰ বাবে নিজে যাব নোৱাৰে, যেনে নিৰক্ষৰ আৰু বৃদ্ধ লোকসকলক সহায় কৰিব লাগে । দ্বিতীয়তে 'প্ৰত্যককে-একে আচৰণ', ইয়াৰ ভিতৰত আছে কৰ'ণা চিকিৎসা প্ৰাপ্ত কৰাত লোকসকলক সহায় কৰা, যাৰ ইয়াক প্ৰাপ্ত কৰাৰ বাবে সম্পদ বা জ্ঞান নাই ।
-
आज से हम सभी, देशभर में टीका उत्सव की शुरुआत कर रहे हैं। कोरोना के खिलाफ लड़ाई के इस चरण में देशवासियों से मेरे चार आग्रह हैं… https://t.co/8zXZ0bqYgl
— Narendra Modi (@narendramodi) April 11, 2021 " class="align-text-top noRightClick twitterSection" data="
">आज से हम सभी, देशभर में टीका उत्सव की शुरुआत कर रहे हैं। कोरोना के खिलाफ लड़ाई के इस चरण में देशवासियों से मेरे चार आग्रह हैं… https://t.co/8zXZ0bqYgl
— Narendra Modi (@narendramodi) April 11, 2021आज से हम सभी, देशभर में टीका उत्सव की शुरुआत कर रहे हैं। कोरोना के खिलाफ लड़ाई के इस चरण में देशवासियों से मेरे चार आग्रह हैं… https://t.co/8zXZ0bqYgl
— Narendra Modi (@narendramodi) April 11, 2021
তৃতীয়তে, 'প্ৰত্যকে নিজে আনক ৰক্ষা কৰা ', অৰ্থাৎ মই মাস্ক পিন্ধিব লাগে আৰু নিজকে আৰু আনক বচাব লাগে । ইয়াক জোৰ দিয়া উচিত । অৱশেষত, সমাজ আৰু মানুহে 'মাইক্ৰ' কণ্টেইনমেণ্ট জ'ন' সৃষ্টি কৰাত নেতৃত্ব দিব লাগে । এজন লোক আক্ৰান্ত হোৱাৰ পিছতে পৰিয়ালৰ সদস্য আৰু সমাজৰ লোকসকলে 'মাইক্ৰ' কণ্টেইনমেণ্ট জ'ন' সৃষ্টি কৰিব লাগে বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে । প্ৰধানমন্ত্ৰীৰ মতে ভাৰতৰ দৰে ঘন বসতিপূৰ্ণ দেশত কৰ'ণাৰ বিৰুদ্ধে যুঁজৰ এক মুখ্য উপাদান হৈছে 'মাইক্ৰ' কণ্টেইনমেণ্ট জ'ন ।
প্ৰধানমন্ত্ৰীয়ে পৰীক্ষা আৰু সজাগতাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । তেওঁ লগতে প্ৰতিজন যোগ্য ব্যক্তিক টীকাকৰণৰ আহ্বান জনায় । প্ৰধানমন্ত্ৰীয়ে এই চাৰিদিনীয়া 'টীকা উৎসৱ'ৰ বাবে ব্যক্তিগত, সামাজিক আৰু প্ৰশাসনিক পৰ্যায়ত লক্ষ্য নিৰ্ধাৰণ কৰিবলৈ আৰু সেইবোৰ প্ৰাপ্ত কৰাৰ বাবে নিষ্ঠাৰে প্ৰয়াস কৰিবলৈ আহ্বান জনায় । তেওঁ অৱশেষত "দাৱাই ভি কাডাই ভি"ক পুনৰ দেশবাসীক স্মৰণ কৰাই দিয়ে ।
উল্লেখ্যে যে টীকাকৰণ কাৰ্যসূচী দেওবাৰে মহাত্মা জ্যোতিবা ফুলেৰ জন্ম জয়ন্তীত আৰম্ভ হৈছে আৰু এই অভিযান ১৪ এপ্ৰিলত বাবাচাহেব আম্বেদকাৰৰ জন্ম জয়ন্তীলৈকে চলিব ।
লগতে পঢ়ক: উত্তৰ প্ৰদেশত ধৰ্মীয়স্থানত একেলগে ৫ জনতকৈ অধিক লোকৰ প্ৰৱেশ নিষিদ্ধ