ETV Bharat / bharat

ত্ৰিপুৰাৰ প্ৰাথমিক বিদ্যালয়সমূহত পুনৰ পাঠদান আৰম্ভ - মহামাৰীসৃষ্ট পৰিস্থিতি

কম সংখ্যক ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰে ত্ৰিপুৰাৰ প্ৰাথমিক বিদ্যালয়সমূহত সোমবাৰৰ পৰা পুনৰ পাঠদান আৰম্ভ । ক'ভিড-১৯ প্ৰট'কল মানি বিদ্যালয়লৈ আহিছে শিক্ষাৰ্থী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকল ।

Primary classes resume with low attendance at Tripura
ত্ৰিপুৰাৰ প্ৰাথমিক বিদ্যালয়সমূহত পুনৰ পাঠদান আৰম্ভ
author img

By

Published : Sep 14, 2021, 1:58 PM IST

আগৰতলা, ১৪ ছেপ্টেম্বৰ: ক'ভিড-১৯ মহামাৰীৰ বাবে কেইবামাহো ধৰি বিদ্যালয় বন্ধ হৈ থকাৰ পিছত সোমবাৰৰ পৰা ক'ভিড প্ৰট'কল মানি ত্ৰিপুৰাৰ প্ৰাথমিক বিদ্যালয়সমূহত পুনৰ পাঠদান আৰম্ভ হৈছে । বিদ্য়ালয়লৈ অহা শিক্ষাৰ্থীয়ে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে আৰু লগতে শিক্ষাৰ্থীয়ে লগত ৰাখিব লাগিব ছেনিটাইজাৰ ।

কেইবামাহৰো অন্তত সোমবাৰে ত্ৰিপুৰাৰ প্ৰাথমিক বিদ্যালয়সমূহত পুৱা শিক্ষাৰ্থীসকল সমবেত হৈ পৰিৱেশন কৰিলে ৰাষ্ট্ৰীয় সংগীত । পূৰ্বৰ দৰেই আৰম্ভ হ'ল পাঠদান । অৱশ্যে, ছাত্ৰ-ছাত্ৰীসকল শ্ৰেণীকোঠাত বহাৰ ক্ষেত্ৰত কিছু নিৰ্দেশনা জাৰি কৰা হৈছে । বেছি সংখ্যক বিদ্যালয়তে তৃতীয়ৰ পৰা পঞ্চম শ্ৰেণীলৈকে পাঠদান কৰা হৈছে ।

উমাকান্ত একাডেমীৰ প্ৰাথমিক শাখাৰ দায়িত্বত থকা সোমা পলে জনোৱা মতে, শ্ৰেণীকোঠাত পৰ্যাপ্ত সংখ্যক বেঞ্চৰ ব্যৱস্থা কৰা হৈছে । সামাজিক দূৰত্ব আৰু নিয়মীয়া ছেনিটাইজেন কৰাটো নিশ্চিত কৰিবলৈ কেৱল এজন শিক্ষাৰ্থীক এখন বেঞ্চত বহিবলৈ অনুমতি দিয়া হৈছে ।

লগতে পঢ়ক : ওড়িশাত প্ৰৱল বৃষ্টিপাত: প্ৰায় ১৯ লাখ লোক প্ৰভাৱিত

আনহাতে, আনন্দ বিদ্যা নিকেতন বিদ্যালয়ত এতিয়াও প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ পাঠদান আৰম্ভ কৰা হোৱা নাই । যাৱতীয় ব্যৱস্থাবোৰ সম্পূৰ্ণ হোৱাৰ পাছতহে পাঠদান পুনৰ আৰম্ভ কৰা হ'ব বুলি বিদ্যালয়ৰ শিক্ষকে জানিবলৈ দিয়ে । এই সন্দৰ্ভত প্ৰাথমিক শিক্ষা সঞ্চালক চান্দনী চন্দ্ৰাই কয় যে, আন্তঃগাঁথনিৰ সমস্যা থকা বিদ্যালয়সমূহৰ বাবে শ্ৰেণী পৰিচালনাৰ ক্ষেত্ৰত কিছু সকাহ দিয়া হৈছে ।

ইয়াৰ উপৰিও বিকল্প দিনত পাঠদান কৰি শিক্ষাৰ্থীসকলক সৰ্বাধিক শিক্ষণ ইনপুট প্ৰদান নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে । আনহাতে, একাংশ অভিভাৱকে পাঠদান পুনৰ আৰম্ভ কৰাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছিল । মহামাৰীসৃষ্ট পৰিস্থিতিৰ বাবে শ্ৰেণীত উপস্থিত থাকিব নিবিচৰা শিক্ষাৰ্থীসকলৰ বাবে বিকল্প ব্যৱস্থা ল'বলৈ একাংশ অভিভাৱকে চৰকাৰক আহ্বান জনাইছে ।

উল্লেখ্য যে, বিদ্যালয়সমূহত পাঠদান আৰম্ভ কৰাৰ বাবে শ্ৰেণীকোঠা, বিদ্যালয় চৌহদ ছেনিটাইজ কৰা হৈছে ।

মহামাৰীৰ সংক্ৰমণৰ পৰা যাতে ৰক্ষা পৰিব পাৰি, তাৰ বাবে প্ৰয়োজনীয় সাৱধনতা অৱলম্বন কৰা হৈছে । ৰাজ্যখনত বৰ্তমান ক'ভিড-১৯ৰ সংক্ৰমণ হ্ৰাস পাইছে যদিও মহামাৰীৰ ভয়াৱহতা সম্পূৰ্ণৰূপে দূৰ হোৱা নাই । সেয়ে, ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলক ক'ভিড-১৯ প্ৰট'কল মানি বিদ্যালয়লৈ আহিবলৈ কোৱা হৈছে ।

লগতে পঢ়ক:গুৱাহাটী উচ্চ ন্যায়ালয়ত স্থায়ী ন্যায়াধীশ নিযুক্তিৰ প্ৰস্তাৱত অনুমোদন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.