ETV Bharat / bharat

ডিজিটেল লুণ্ঠনৰ পৰা নিজকে ৰক্ষা কৰাৰ উপায়

author img

By

Published : Oct 9, 2022, 2:02 PM IST

বৰ্তমান সময়ত ধনৰ ডিজিটেল লেনদেনৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে (Everyone making Digital payments)। সমান্তৰালকৈ ডিজিটেল লুণ্ঠনৰ ঘটনাও পূৰ্বতকৈ বৃদ্ধি পাইছে । বেংকৰ অতি গোপনীয় তথ্য আপুনি নজনাকৈয়ে দুষ্টচক্ৰই সংগ্ৰহ কৰি আপোনাৰ একাউণ্টৰ পৰা ধন লুণ্ঠন কৰিছে । এই ক্ষেত্ৰত প্ৰতিগৰাকী গ্ৰাহক সজাগ হোৱাৰ দৰকাৰ ।

online
ডিজিটেল লুণ্ঠনৰ পৰা নিজকে ৰক্ষা কৰাৰ উপায়

নেশ্যনেল ডেস্ক,৯ অক্টোবৰ : যি সময়ত সকলোৱে ডিজিটেল মাধ্যমেৰে ধন পৰিশোধ কৰিবলৈ আগ্ৰহ দেখুৱাইছে (Digital transactions)। তেনে সময়তে গ্ৰাহকৰ বেংক একাউণ্টৰ ওটিপি (OTP), পিন (PIN) আৰু পাছৱৰ্ড (Password) চুৰি হৈ ধন লুণ্ঠনৰ ঘটনাও যথেষ্ট বৃদ্ধি পাইছে (Digital fraud incident)। গ্ৰাহকসকলে সুৰক্ষা ব্যৱস্থা অনুসৰণ কৰাৰ যত্ন লোৱা নাই কিয়নো তেওঁলোক ডিজিটেল লেনদেনৰ সৈতে জড়িত সুবিধাৰ প্ৰতি বেছিকৈ আকৰ্ষিত হোৱা দেখা গৈছে ।

যিহেতু এই ডিজিটেল পৰিশোধবোৰ তাৎক্ষণিক । সেয়ে এই পৰিশোধৰ সংখ্যা বৃদ্ধি পাইছে । সমান্তৰালকৈ প্ৰৱঞ্চনাও একে গতিত বৃদ্ধি পাইছে (Cyber fraud case increase)। চাইবাৰ অপৰাধীসকলে সজাগতাৰ অভাৱৰ সুযোগ লৈছে । যাৰ বাবে আমি সকলোৱে আমাৰ কঠোৰ পৰিশ্ৰমৰ ধন সুৰক্ষিত কৰাৰ বাবে যিমান সম্ভৱ সাৱধানতা অৱলম্বন কৰিব লাগিব (How much safe digital transactions)।

মুদ্ৰা-আধাৰিত লেনদেনত আমি আনক বা বেংকত ধন জমা দিয়াৰ পূৰ্বে এবাৰ নহয় দুবাৰ নোট গণনা কৰো । আমি টকা জমা কৰোতে বেংক একাউণ্ট নম্বৰ আৰু নাম পূৰণ কৰোতে অতি সাৱধানতা অৱলম্বন কৰো । একেধৰণৰ যত্ন বৰ্তমানৰ ডিজিটেল লেনদেনত লোৱা নহয় । সেইটো প্ৰৱঞ্চকসকলৰ বাবে এটা সুবিধা হৈ পৰিছে ।

আনকি ভাৰতীয় ৰিজাৰ্ভ বেংকেও (RBI) এই সন্দৰ্ভত ৰাইজক সতৰ্ক কৰি আহিছে (RBI warned public about digital frauds)। তথাপিও, প্ৰতিদিনে ডিজিটেল প্ৰৱঞ্চনাৰ ঘটনা সংঘটিত হৈ আছে ।

বৰ্তমান সময়ত চাইবাৰ অপৰাধীসকলে জনপ্ৰিয় বেংকৰ ভুৱা ৱেবছাইট সৃষ্টি কৰাৰ দৰে উন্নত উপায় অৱলম্বন কৰি আছে । তেওঁলোকে গ্ৰাহকৰ মেইল বা এছএমএছৰ জৰিয়তে তেওঁলোকৰ ফোনলৈ লিংক প্ৰেৰণ কৰে । দুষ্টচক্ৰই গ্ৰাহকক ফোন কৰে আৰু বেংকৰ বিষয়া বুলি পৰিচয় দিয়ে ।

যেতিয়া তেওঁলোকে বেংকৰ কাৰ্ডৰ অন্তিম চাৰিটা অংক কয় গ্ৰাহকসকলে সেইবোৰ বিশ্বাস কৰে । যদি গ্ৰাহকে OTPৰ দৰে অন্যান্য সংবেদনশীল তথ্য তেওঁলোকক জনায়, অপৰাধীয়ে ছেকেণ্ডতে গ্ৰাহকৰ ধন লুটি লৈ যাব পাৰে ।

লগতে পঢ়ক :শীৰ্ষ নক্সালবাদী আলুৰি ঊষা ৰাণীৰ তেলেংগানা আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.