সিৰহি, 22 জুন: দেশৰ ৰাষ্ট্ৰপতি পদৰ বাবে শিৰোনামত আছে এন ডি এৰ প্ৰাৰ্থী আদিবাসী মহিলা আৰু ঝাৰখণ্ডৰ প্ৰাক্তন ৰাজ্যপাল দ্ৰৌপদী মুৰ্মূৰ নাম (NDA Presidential Candidate Draupadi Murmu) ৷ ইতিমধ্যে এন ডি এয়ে ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰাৰ্থীৰ ৰূপত দ্ৰৌপদী মুৰ্মূৰ নাম ঘোষণা কৰিছে ৷ মুৰ্মূ প্ৰজাপিতা ব্ৰহ্মাকুমাৰী নামৰ আধ্যত্মিক অনুষ্ঠানটোৰ লগত গভীৰ ভাৱে জড়িত হৈ আহিছে (Draupadi Murmu Attachment to Brahma Kumaris) ৷ 2009 চনৰ পৰা অনুষ্ঠানটোৰ লগত জড়িত হোৱাৰ লগতে প্ৰাক্তন ৰাজ্যপালগৰাকীক ব্ৰহ্মাকুমাৰী ভগ্নীসকলে ৰাজযোগ ধ্যান কৰিবলৈ উদ্বুদ্ধ কৰি আহিছে ৷
উল্লেখ্য যে, দ্ৰৌপদী মুৰ্মূ আধ্যত্মিক ধ্যানধাৰণাত যথেষ্ঠ আগ্ৰহী ৷ ৰাজ্যপাল হৈ থকাৰ অৱস্থাত তেখেতে দুবাৰ ৰাজস্থানৰ মাউণ্ড আবুস্থিত ব্ৰহ্মাকুমাৰীৰ মূখ্য কেন্দ্ৰ ভ্ৰমণ কৰিছে ৷ অৱশ্যে ৰাজ্যপাল হোৱাৰ পূৰ্বেও দ্ৰৌপদী মুৰ্মূয়ে বহুবাৰ গৈছে মাউণ্ড আবুলৈ ৷
দ্ৰৌপদী মুৰ্মূৱে কৈছিল যে, ৰাজযোগ ধ্যান আৰু আধ্যত্মিক অনুষ্ঠানটোৰ পৰা আহৰণ কৰা জ্ঞানে তেখেতৰ জীৱনত এক ইতিবাচক পৰিৱৰ্তন অনাত যথেষ্ট সহায় কৰি আহিছে । তাৰোপৰি প্ৰাক্তন ৰাজ্যপাল মুৰ্মূৱে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আধ্যাত্মিকতাৰ জৰিয়তে বিশ্ব শান্তি তথা পৰিৱৰ্তনৰ বাবে আধ্যত্মিক অনুষ্ঠানটোৰ প্ৰচেষ্টাক সদায়েই প্ৰশংসা কৰি আহিছে ।
মুৰ্মূ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হোৱাত অনুষ্ঠানটোৰ কাৰ্য্যকৰ্তাৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে ৷ এন ডি এৰ দ্বাৰা ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে মুৰ্মূক প্ৰক্ষেপৰ খবৰ পাই ব্ৰহ্মাকুমাৰীৰ কাৰ্য্যকৰী সচিব বি. কে মৃত্যুঞ্জয়ে ফোনযোগে তেওঁক অভিনন্দন জনোৱাৰ লগতে আৰু তেখেতৰ সফলতা কামনা কৰিছে ।
লগতে পঢ়ক: ৰাইজক বিৰোধীৰ ভূমিকা লোৱাৰ আহ্বান তুলিৰামৰ