নেশ্যনেল ডেস্ক,18 আগষ্ট: ত্ৰিপুৰাৰ আগৰতলাস্থিত মহাৰাজ বীৰ বিক্ৰম মহাবিদ্যালয়ৰ সোণালী জয়ন্তী কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ অহা ৯ ছেপ্টেম্বৰত ত্ৰিপুৰাত উপস্থিত হোৱাৰ সম্ভাৱনা আছে ভাৰতৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু(President of India Draupadi Murmu) ৷ সচিবালয়ত আজি ত্ৰিপুৰাৰ শিক্ষামন্ত্ৰী ৰতনলাল নাথৰ সভাপতিত্বত প্ৰস্তুতি সমিতিৰ এখন বৈঠক অনুষ্ঠিত হৈ যায় (Education Minister of Tripura Ratanlal Nath) ।
এম বি বি মহাবিদ্যালয়ৰ ৭৫ বছৰীয়া হীৰক জয়ন্তী অহা ৫ ছেপ্টেম্বৰৰ পৰা ৯ ছেপ্টেম্বৰলৈ বিভিন্ন অনুষ্ঠানৰ জৰিয়তে উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সংশ্লিষ্ট কৰ্তৃপক্ষই (Diamond Jubilee)। দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৯ ছেপ্টেম্বৰৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব বুলি বৈঠকত উল্লেখ কৰে ।
ৰাষ্ট্ৰপতি, ৰাজ্যপাল, মুখ্যমন্ত্ৰী আৰু অন্যান্য গণ্যমান্য ব্যক্তিসকলে ৯ ছেপ্টেম্বৰৰ কাৰ্যসূচীৰ মূল অনুষ্ঠানত অংশগ্ৰহণ কৰিব বুলি জানিবলৈ পোৱা গৈছে(President of India likely to visit Tripura) ৷
লগতে পঢ়ক: Droupadi Murmu: ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰচাৰৰ বাবে ৫ জুলাইত ত্ৰিপুৰা ভ্ৰমণ দ্ৰৌপদী মুৰ্মুৰ