ETV Bharat / bharat

প্ৰধানমন্ত্ৰী মোডীৰ জন্মদিন, ৰাষ্ট্ৰপতি মূৰ্মুয়ে জনালে শুভেচ্ছা - BJP celebrates PM MOdi birthday

ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে প্ৰধানমন্ত্ৰী মোডীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে (President Murmu extends birthday greetings to Modi)। তেওঁৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে । জন্মদিনৰ বিশেষ মুহূৰ্তত কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশ ল'ব প্ৰধানমন্ত্ৰী মোডীয়ে ।

President Murmu
প্ৰধানমন্ত্ৰী মোডীৰ জন্মদিন
author img

By

Published : Sep 17, 2022, 11:10 AM IST

নেশ্যনেল ডেস্ক,১৭ ছেপ্টেম্বৰ : আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন (PM Modi Birthday)। বিভিন্নজনে প্ৰধানমন্ত্ৰীগৰাকীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছে । ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে আৰু তেওঁৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে (President Murmu extends birthday greetings to Modi)।

ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয় যে প্ৰধানমন্ত্ৰী মোডীয়ে কঠোৰ পৰিশ্ৰম, নিষ্ঠা আৰু সৃজনশীলতাৰে চলোৱা ৰাষ্ট্ৰ নিৰ্মাণ অভিযান তেওঁৰ নেতৃত্বত অব্যাহত থাকিব । ৰাষ্ট্ৰপতি ভৱনে টুইটযোগে প্ৰধানমন্ত্ৰীগৰাকীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে ।

লক্ষণীয়ভাৱে বিজেপিৰ নেতা-কৰ্মী, সমৰ্থক লগতে প্ৰধানমন্ত্ৰীৰ বহু অনুৰাগীয়েও বিভিন্ন ধৰণে জন্মদিনৰ শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিছে । সামাজিক মাধ্যমৰ জৰিয়তে বহু লোকে প্ৰধানমন্ত্ৰীৰ জন্মদিনৰ শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিছে (Birthday greeting to PM Modi)। ইফালে নমো এপৰ (Namo App) জৰিয়তেও বহু লোকে অডিঅ' আৰু ভিডিঅ' বাৰ্তা প্ৰেৰণ কৰিছে ।

৭২ বছৰত ভৰি দিয়া প্ৰধানমন্ত্ৰীগৰাকীয়ে এই বিশেষ দিনটোত বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব । দিনটোৰ কাৰ্যসূচী অনুসৰি মধ্য প্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত নামিবিয়াৰ পৰা অনা চিতা বাঘ তেওঁ মুকলি কৰিব (PM will release 8 Cheetahs at Kuno National Park)। ইয়াৰ পাছতে প্ৰায় চাৰিটাকৈ গুৰুত্বপূৰ্ণ অনুষ্ঠানত তেওঁ ভাষণ প্ৰদান কৰিব ।

একে সময়তে, বিজেপিয়েও প্ৰধানমন্ত্ৰী মোডীৰ জন্মদিন উদযাপনৰ বিভিন্ন পৰিকল্পনা কৰিছে (BJP celebrates PM MOdi birthday)। বিজেপিয়ে ২১ দিনীয়া "সেৱা আৰু সমৰ্পণ" অভিযান আৰম্ভ কৰিব । ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই নতুন দিল্লীৰ দলীয় মুখ্য কাৰ্যালয়ত প্ৰধানমন্ত্ৰীৰ জীৱন আৰু নেতৃত্বৰ ওপৰত আধাৰিত এক প্ৰদৰ্শনী উদ্বোধন কৰিব । একেধৰণৰ প্ৰদৰ্শনী আন আন ৰাজ্যসমূহতো আয়োজন হ'ব ।

বিজেপিয়ে প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে দৰিদ্ৰ লোকৰ কল্যাণৰ বাবে 'সেৱা পষেক'(Seva Pakhwada) কাৰ্যসূচী ৰূপায়ণ কৰিব । দৰিদ্ৰ লোকৰ সেৱাৰ উদ্দেশ্যে বিজেপিয়ে ঠায়ে ঠায়ে স্বাস্থ্য শিবিৰ, ৰক্তদান শিবিৰ, টীকাকৰণ কেন্দ্ৰ আদি স্থাপন কৰিব । আনহাতে প্ৰতিখন ৰাজ্যতে স্বচ্ছ অভিযানৰ আয়োজন কৰা হ'ব । ইয়াৰোপৰি প্ৰতিটো বুথত গছপুলি ৰোপণ কৰিব বিজেপিয়ে ।

লগতে পঢ়ক :72 বছৰীয়া হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.