নিউজ ডেস্ক, 30 মাৰ্চ : দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল চাইন্সত (এইমছ) ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ এক সফল বাইপাছ অস্ত্ৰোপচাৰ কৰা হয় ৷ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে টুইট যোগে উল্লেখ কৰে এই কথা ৷ তেওঁ টুইটটোত এইমছৰ সঞ্চালকৰ পৰা ৰাষ্ট্ৰপতি কোবিন্দৰ স্বাস্থ্যৰ সন্দৰ্ভত বুজ লোৱাৰ কথা জানিবলৈ দিয়ে ।
উল্লেখ্য যে, ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক শুকুৰবাৰে বুকুৰ বিষৰ বাবে সেনাৰ গৱেষণা আৰু ৰেফাৰেল চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল ৷ শনিবাৰে তেওঁক দিল্লী এইমছলৈ স্থানান্তৰ কৰা হয় ৷ এইমছৰ চিকিৎসকৰ দলে তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰি বাইপাছ অস্ত্ৰোপচাৰ কৰাৰ সিদ্ধান্ত লয় ।
লগতে পঢ়ক : ৰাহুল গান্ধী অবিবাহিত সমস্যা সৃষ্টিকাৰী লোক: জইচ জৰ্জ