ETV Bharat / bharat

কাৰ্যকাল সম্পূৰ্ণৰ পূৰ্বে সকলো ক্ষমাৰ আবেদন নিস্পত্তি কৰিলে ৰাষ্ট্ৰপতি কোবিন্দে

author img

By

Published : Jul 8, 2022, 9:22 AM IST

Updated : Jul 8, 2022, 9:46 AM IST

ভাৰতৰ চতুৰ্দশ ৰাষ্ট্ৰপতি হিচাপে 25 জুলাইত কাৰ্যকাল সম্পূৰ্ণ কৰিব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে (President Ram Nath Kovind to complete his term as 14th President on July 25) ৷ কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ পূৰ্বে সকলো ক্ষমাৰ আবেদন নিস্পত্তি কৰিলে ৰাষ্ট্ৰপতিগৰাকীয়ে ৷

President Kovind leaves no mercy plea pending for his successor
কাৰ্যকাল সম্পূৰ্ণৰ পূৰ্বে সকলো ক্ষমাৰ আবেদন নিস্পত্তি কৰিলে কোবিন্দে

নিউজ ডেস্ক, 8 জুলাই: ভাৰতৰ চতুৰ্দশ ৰাষ্ট্ৰপতি হিচাপে 25 জুলাইত কাৰ্যকাল সম্পূৰ্ণ কৰিব বিদায়ী ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে (President Ram Nath Kovind to complete his term as 14th President on July 25) ৷ কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ পূৰ্বে সকলো ক্ষমাৰ আবেদন নিস্পত্তি কৰিলে ৰাষ্ট্ৰপতিগৰাকীয়ে ৷ যাতে তেওঁৰ পৰৰ্বতী উত্তৰাধিকাৰী ৰাষ্ট্ৰপতিৰ বাবে কোনো ক্ষমাৰ আবেদন বাকী ৰৈ নাযায় (Ram Nath Kovind has not left a mercy plea pending for his successor)৷ বৰ্তমানৰ ৰাষ্ট্ৰপতি কোবিন্দে তেওঁৰ পূৰ্বৰ ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ আবেদন নিষ্পত্তি কৰাৰ ধাৰা অনুসৰণ কৰা পৰিলক্ষিত হৈছে ৷ কিয়নো প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ 2012-2017 চনৰ কাৰ্যকালত 34 খন ক্ষমাৰ আবেদনৰ সকলোবোৰ নিষ্পত্তি কৰি থৈ গৈছিল (Pranab Mukherjee who disposed of all 34 petitions)।

সাধাৰণতে, ভাৰতৰ সকলো প্ৰাক্তন ৰাষ্ট্ৰপতিয়ে তেওঁলোকৰ উত্তৰাধিকাৰীসকললৈ অন্ততঃ কেইখনমান হ’লেও ক্ষমাৰ বাবে অপৰাধীসকলে জনোৱা আবেদন এৰি থৈ যায় ৷ কিন্তু এই ক্ষেত্ৰত ব্যতিক্ৰম ৰাষ্ট্ৰপতি কোবিন্দ ৷ কিয়নো তেওঁ পৰৰ্বতী ৰাষ্ট্ৰপতিৰ বাবে কোনো ধৰণৰ ক্ষমাৰ আবেদন বাকী ৰখা নাই ৷ ৰাষ্ট্ৰপতি সচিবালয়ৰ মতে, 2017 চনৰ পৰা আজিলৈকে তেওঁৰ কাৰ্যকালত যি ছয়খন আবেদন আহিছিল, সেই আটাইকেইটা আবেদন নিষ্পত্তি কৰিছিল কোবিন্দে ।

2018 চনৰ পৰা 2020 চনলৈকে সকলো ক্ষমাৰ আবেদন নাকচ কৰে কোবিন্দে । 2017 চনৰ জুলাই মাহত গৃহ মন্ত্ৰালয়ৰ (Ministry Home affairs) পৰা পৰামৰ্শ লাভ কৰাৰ পিছত 2018 চনৰ এপ্ৰিল মাহত জগত ৰায়ৰ প্ৰথমখন ক্ষমাৰ আবেদন নাকচ কৰিছিল । ৰাষ্ট্ৰপতিৰ সচিবালয়ৰ মতে, ৰাষ্ট্ৰপতি কোবিন্দে নাকচ কৰা শেষৰটো ক্ষমা আবেদন আছিল সঞ্জয়ৰ ।গৃহ মন্ত্ৰালয়ৰ পৰা পৰামৰ্শ লাভ কৰাৰ তিনিমাহৰ ভিতৰতে 2020 চনৰ জুলাই মাহত কোবিন্দে সঞ্জয়ৰ ক্ষমাৰ আবেদন নাকচ কৰিছিল । পিছত 2020 চনৰ জুলাই মাহত সঞ্জয়ক মৃত্যুদণ্ড দিয়া হৈছিল।

ৰাষ্ট্ৰপতি সচিবালয়ৰ মতে (President's Secretariat), কোবিন্দৰ উত্তৰাধিকাৰীৰ বাবে কোনো ধৰণৰ কমিউটেচন বা কোনো বিচাৰধীন গোচৰ বাকী নাই । কিন্তু পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিয়ান্ত সিঙৰ হত্যাকাৰী বলৱন্ত সিং ৰাজোয়ানাকে ধৰি এনে আবেদনক লৈ গৃহ মন্ত্ৰণালয়ে ৰাষ্ট্ৰপতিক এতিয়াও কোনো পৰামৰ্শ আগবঢ়োৱা নাই বাবে কোবিন্দৰ উত্তৰাধিকাৰীয়ে দায়িত্ব গ্ৰহণ কৰাৰ লগে লগে চাৰিখন ক্ষমাৰ আবেদন পোৱাৰ সম্ভাৱনা আছে ।

তাৎপৰ্যপূৰ্ণভাৱে উচ্চতম ন্যায়ালয়ে (Supreme Court) মে’ মাহত কেন্দ্ৰীয় চৰকাৰক ৰাজোয়ানাৰ মৃত্যুদণ্ড আজীৱন কাৰাদণ্ডলৈ হ্ৰাস কৰাৰ আবেদনৰ সন্দৰ্ভত দুমাহৰ ভিতৰত সিদ্ধান্ত ল’বলৈ কৈছিল, যি আবেদন এটা সংগঠনে দাখিল কৰিছিল ।

অপৰাধীসকলে জনোৱা ক্ষমাৰ আবেদন মানে কি ?

উচ্চতম ন্যায়ালয়ে এবাৰ দোষীক মৃত্যুদণ্ডৰ ৰায় প্ৰদান কৰাৰ পিছত অপৰাধীজনে গৃহ মন্ত্ৰণালয়, ৰাষ্ট্ৰপতিৰ কাৰ্যালয় বা ৰাজ্যৰ ৰাজ্যপালৰ ওচৰত তেওঁ কৰা অপৰাধৰ বাবে ক্ষমা বিচাৰি আবেদন দাখিল কৰিব পাৰে । ভাৰতীয় সংবিধানৰ 72 নং অনুচ্ছেদৰ অধীনত এজন ৰাষ্ট্ৰপতিয়ে ক্ষমা দিব পাৰে, নাকচ কৰিব পাৰে অথবা স্থগিত ৰাখিব পাৰে বা মৃত্যুদণ্ড ৰেমিট কৰিব পাৰে ৷

ৰাষ্ট্ৰপতিয়ে অৱশ্যে কাৰ্যবাহী-প্ৰধানমন্ত্ৰী আৰু তেওঁৰ মন্ত্ৰীসভাৰ পৰামৰ্শ অনুসৰিহে কাম কৰে । গৃহ মন্ত্ৰালয়ৰ এগৰাকী বিষয়াই জনোৱা মতে ‘ৰাষ্ট্ৰপতিৰ সন্মতি বিচাৰি ৰাষ্ট্ৰপতিৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰাৰ পূৰ্বে কেন্দ্ৰীয় কেবিনেটে এনে সকলো ক্ষমাৰ আবেদনৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰে ।

লগতে পঢ়ক: ৰাজ্যসভালৈ মনোনীত পিটি ঊষা, ইলাইয়াৰাজাসহ চাৰি বিশিষ্ট ব্যক্তি

Last Updated : Jul 8, 2022, 9:46 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.