ETV Bharat / bharat

Nepal PM India visit : আজি প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ কৰিব নেপালৰ প্ৰধানমন্ত্ৰী পুষ্প কমল দাহালে

author img

By

Published : Jun 1, 2023, 10:00 AM IST

নেপালৰ প্ৰধানমন্ত্ৰী প্ৰচণ্ডৰ ভাৰত ভ্ৰমণ (Nepal PM in India)। দ্বিপাক্ষিক আলোচনাত সীমান্ত সমস্যাৰ উপৰিও বাণিজ্য আৰু শক্তি বিনিয়োগৰ বিষয়সমূহে স্থান পাব । প্ৰধানমন্ত্ৰী মোডীক সাক্ষাতৰ সময়ত কেইবাখনো চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা ।

Nepal PM India visit
প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ কৰিব পুষ্প কমল দাহালে

নেশ্যনেল ডেস্ক,১ জুন : চাৰিদিনীয়া ভ্ৰমণসূচীৰে বুধবাৰে অসমত উপস্থিত হৈছে নেপালৰ প্ৰধানমন্ত্ৰী পুষ্প কমল দাহাল ওৰফে প্ৰচণ্ড (Nepal PM Prachanda India visit)। কাৰ্যভাৰ গ্ৰহণৰ পাছত প্ৰধানমন্ত্ৰী দাহালৰ এয়া প্ৰথমটো বিদেশ ভ্ৰমণ । এই ভ্ৰমণৰ সময়ত ভাৰতৰ সৈতে নেপালৰ বাণিজ্যিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁ জোৰ দিব বুলি আশা কৰা হৈছে ।

সূত্ৰৰ মতে বাংলাদেশক বিদ্যুৎ বিক্ৰীৰ বাবে ভাৰতীয় পথৰ জৰিয়তে নেপালে শক্তি পৰিবহণ বাণিজ্যৰ বিষয়টো আলোচনা কৰিব । কিয়নো নেপাল আৰু বাংলাদেশে ভাৰতক শক্তি পৰিবহণ বাণিজ্যৰ অনুমতি দিবলৈ জোৰ দি আহিছে । দ্বিপাক্ষিক আলোচনাৰ সময়ত শক্তিৰ ক্ষেত্ৰত কিছুমান চুক্তি চূড়ান্ত হোৱাৰো সম্ভাৱনা আছে ।

ইফালে প্ৰধানমন্ত্ৰী দাহালে বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে বৈঠকত মিলিত হ'ব (Prachanda to meet PM Modi)। তেওঁ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু ভাৰতীয় বৈদেশিক সচিব বিনয় মোহন কাৱাট্ৰাকে ধৰি আন কেইবাগৰাকী ব্যক্তিক সাক্ষাৎ কৰিব ।

দাহালে প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ কৰাৰ সময়ত দুয়োগৰাকী নেতাৰ মাজত কেইবাটাও চুক্তি স্বাক্ষৰিত হ'ব বুলি আশা কৰা হৈছে । দাহাল আৰু মোডীয়ে দুয়োখন দেশৰ মাজত যোগাযোগ বৃদ্ধিৰ লক্ষ্যৰে এটা ৰে'লৱে য়াৰ্ড আৰু সম্প্ৰসাৰিত ৰে'ল সংযোগ দূৰৱৰ্তীভাৱে উদ্বোধন (Remotely inaugurate) কৰিব বুলি আশা কৰা হৈছে ।

ইটিভি ভাৰতৰ সন্মুখত প্ৰাক্তন ৰাষ্ট্ৰদূত মনজীৱ সিং পুৰীয়ে কয় যে দাহালৰ এই ভ্ৰমণৰ ফলত ভাৰত আৰু নেপালৰ মাজত শক্তি, বাণিজ্য আৰু শক্তি খণ্ডত ফলপ্ৰসূ ফলাফল দেখা যাব । আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে নেপালে ভাৰতক এখন বৃহৎ বজাৰ হিচাপে বিবেচনা কৰে আৰু নেপালে জলবিদ্যুৎ খণ্ডত অধিক ভাৰতীয় বিনিয়োগৰ সম্ভাৱনা অন্বেষণ কৰিব । চীনৰ বৰ্ধিত প্ৰভাৱৰ পৰিপ্ৰেক্ষিতত ই অতি গুৰুত্বপূৰ্ণ বুলিও প্ৰাক্তন কূটনীতিবিদগৰাকীয়ে উল্লেখ কৰে (India and Nepal relation)।

পুৰীয়ে লগতে কয় যে ভাৰত আৰু নেপালৰ মাজত সীমান্ত সমস্যাটোও ভ্ৰমণৰ সময়ত আলোচনাৰ বিষয় হ'ব । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী মীনাক্ষী লেখিয়ে তেওঁৰ আগমনৰ সময়ত প্ৰচণ্ডক উষ্ম আদৰণি জনায় ।

উল্লেখ্য যে দাহালৰ ভাৰত ভ্ৰমণৰ পূৰ্বে দেওবাৰে নেপালে ভাৰতৰ সতলুজ জল বিদ্যুৎ নিগম (এছজেভিএন) লিমিটেডক দেশখনত দ্বিতীয় জলবিদ্যুৎ প্ৰকল্প বিকশিত কৰিবলৈ অনুমতি দিয়াৰ সিদ্ধান্ত লয় । বৰ্তমান, ভাৰত চৰকাৰে ৯০০ মেগাৱাটৰ অৰুণ-৩ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰি আছে । যিটো পূৱ নেপালৰ অৰুণ নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে ।

লগতে পঢ়ক :Nepal PM Visit: চাৰিদিনীয়া কাৰ্যসূচীৰে আজি ভাৰতত উপস্থিত হ’ব নেপালৰ প্ৰধানমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.