ETV Bharat / bharat

Summer vacation tips: কম বাজেটত উপভোগ কৰক মালদ্বীপৰ দৰে আনন্দ, ক'ত আছে এই স্থান জানি লওক

আপুনি জানেনে যে ভাৰতত এনেকুৱা এখন ঠাই আছে য'ত মালদ্বীপৰ দৰে দৃশ্য উপভোগ কৰিব পাৰি । ইয়াত পানীৰ ওপৰত ওপঙি থকা ৰিজ’ৰ্টবোৰৰ সৌন্দৰ্যতাই মনক মুগ্ধ কৰি তোলে । ভাৰতত ক’ত আছে এই স্থান জানি লওক ।

Poovar island resort in Kerala gives facilities like Maldives resorts
কম বাজেটত উপভোগ কৰিব মালদ্বীপৰ দৰে আনন্দ, ক'ত আছে এই স্থান জানি লওক
author img

By

Published : Apr 26, 2023, 11:35 AM IST

Updated : Apr 26, 2023, 11:59 AM IST

নিউজ ডেস্ক, 26 এপ্ৰিল: মালদ্বীপ ভ্ৰমণলৈ যোৱাটো অধিকাংশ লোকৰ বাবে এক সপোনৰ দৰে (Maldives Tourism) । সাগৰে আগুৰি থকা মালদ্বীপ এখন অতি জনপ্ৰিয় গন্তব্যস্থান য’ত আনকি বলীউডৰ তাৰকাসকলেও সময় কটাবলৈ যায় । অৱশ্যে ইয়ালৈ যাত্ৰা কৰাটো অতি ব্যয়বহুল হয় ।

মানুহে মালদ্বীপলৈ যোৱাৰ পৰা বিৰত থাকে যাতে পকেটত কোনো অতিৰিক্ত বোজা নপৰে । কিন্তু আপুনি জানেনে যে ভাৰতৰ এনেকুৱা ঠাই আছে য'ত মালদ্বীপৰ দৰে আপুনি আনন্দ উপভোগ কৰিব পাৰে (Poovar island resort in kerala) । ইয়াত পানীৰ ওপৰত ওপঙি থকা ৰিজ’ৰ্টবোৰৰ সৌন্দৰ্যই মনক মুগ্ধ কৰি তোলে । ভাৰতৰ এই ঠাইখন ক’ত অৱস্থিত জানি আহক-

কেৰালাৰ পূৱৰ দ্বীপ

নিস্তব্ধ বিল, ৰসাল সেউজীয়া পাহাৰ, চাহ বাগিচা আৰু উৎকৃষ্ট বতৰৰ সৈতে কেৰালা সকলো ধৰণৰ ভ্ৰমণৰ বাবে সৰ্বোত্তম । ইয়াত এনে বহু স্থান আছে আৰু তাৰ ভিতৰত এটা হ’ল পূৱৰ দ্বীপ (Summer vacation tips)। ইয়াত থকা ৰিজৰ্টখনত মালদ্বীপৰ দৰে অনুভৱ ল’ব পাৰি । সাগৰ আৰু সেউজীয়াৰে সুন্দৰকৈ আগুৰি আছে পূৱৰ দ্বীপ ।

ইয়াক কেৰালাৰ অন্যতম লুকাই থকা স্থান হিচাপে গণ্য কৰা হয় । floating cottage পৰা সাগৰৰ সৰ্বোত্তম দৃশ্যই যিকোনো ব্যক্তিক পাগল কৰি তুলিব পাৰে । ইয়ালৈ যাবলৈ তিৰুৱনন্তপুৰম বিমানবন্দৰ বা ৰেলযোগে যাব লাগে । চহৰৰ পৰা মাত্ৰ ২৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত এই মনোমোহা ঠাই । খবৰ অনুসৰি ২ জন ব্যক্তিক ইয়াত থাকিবলৈ ৮ৰ পৰা ৯ হাজাৰ টকা পৰ্যন্ত লোৱা হয় ।

এই অভিজ্ঞতাই হানিমুন দম্পতীৰ বাবে সৰ্বোত্তম হ’ব পাৰে । একে সময়তে মানুহে শ্বেয়াৰিঙৰ জৰিয়তে নিজৰ সঠিক বাজেটত ভ্ৰমণ উপভোগ কৰিব পাৰে । ইচ্ছা কৰিলে আপোনাৰ এই ভ্ৰমণত কোভালামকো অন্তৰ্ভুক্ত কৰিব পাৰে । পূৱৰ ভ্ৰমণৰ বাবে জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহক সৰ্বোত্তম সময় বুলি ধৰা হয় । এই দ্বীপটোৰ আন এক বিশেষত্ব হ’ল ইয়াত নদী আৰু সাগৰৰ সংগম দেখা যায় (Kerala Tourist Places) ।

কেৰালাৰ এই ঠাইখনো বেকৱাটাৰেৰে আগুৰি আছে আৰু হানিমুন দম্পতীয়ে ইয়াত ৰাইড কৰি নিজৰ বিশেষ মূহোৰ্তবোৰ আৰু অধিক বিশেষ কৰি তুলিব পাৰে । ইয়াৰ পানীৰ সৌন্দৰ্যতা আৰু সেউজীয়াৰ দৃশ্যই যিকোনো ব্যক্তিৰ মোহিত কৰিব পাৰে । floating cottage বা ৰিজৰ্টত থাকি মালদ্বীপৰ দৰে মূহোৰ্ত উপভোগ কৰিব পাৰে ।

লগতে পঢ়ক: Offbeat Destination: গ্ৰীষ্মকালত শীতকালৰ অনুভৱ ল'ব বিচাৰিছে নেকি ? তেন্তে ভ্ৰমণৰ বাবে উত্তম মানালিৰ এইসমূহ স্থান

Last Updated : Apr 26, 2023, 11:59 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.