নেশ্যনেল ডেস্ক, ৫ ডিচেম্বৰ: COVID-19 ৰে যুঁজ দিয়াৰ বাবে নিৰৱিছিন্ন সেৱা আগবঢ়াই অহা এছিয়াৰ ৬ গৰাকী ব্যক্তিলৈ সন্মান প্ৰদৰ্শন কৰিছে 'দ্য ষ্ট্ৰেইট টাইমছে' । শেহতীয়াকৈ 'দ্য ষ্ট্ৰেইট টাইমছে' প্ৰকাশ কৰা 'এছিয়ানছ অৱ দ্য ইয়েৰ'ৰ তালিকাত অন্তৰ্ভুক্ত হৈছে বিশ্বৰ ভিতৰতে বৃহৎ ভেকচিন নিৰ্মাণকাৰী প্ৰতিষ্ঠান ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া আদৰ পুনাৱালাৰ নাম । পুণেস্থিত ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া আৰু অক্সফ'ৰ্ড বিশ্ববিদ্যালয়ে যুটীয়া প্ৰচেষ্টা চলাই ব্ৰিটিছ-চুইডিছ ঔষধ নিৰ্মাণকাৰী প্ৰতিষ্ঠান এষ্ট্ৰাজেনেকাৰ সৈতে লগ হৈ 'COVIDSHIELD' ভেকচিন প্ৰস্তুত কৰিছে আৰু বৰ্তমান ভাৰতত ইয়াৰ পৰীক্ষণ চলি আছে ।
'দ্য ষ্ট্ৰেইট টাইমছে' প্ৰকাশ কৰা 'এছিয়ানছ অৱ দ্য ইয়েৰ'ৰ তালিকাত নাম সন্নিৱিষ্ট হোৱা আন এগৰাকী ব্যক্তি হৈছে চীনৰ গৱেষক ঝাং য়ংঝেন । তেওঁ SARS COV-2 ভাইৰাছ প্ৰথম সম্পূৰ্ণ জিন'ম মেপ আৰু অনলাইন প্ৰকাশ কৰা দলক নেতৃত্ব দিছিল । 'এছিয়ানছ অৱ দ্য ইয়েৰ'ৰ ৬ জনীয়া তালিকা স্থান পাইছে চীনৰ মেজৰ জেনেৰেল চেন ৱেই, জাপানৰ ড০ ৰুইচি মৰিছিটা, ছিংগাপুৰৰ অধ্যাপক অই ইং ইঅঙে । ভেকচিন প্ৰস্তুত কৰাৰ ক্ষেত্ৰত আটাইকেইগৰাকীয়ে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে । এই তালিকাত সন্নিৱিষ্ট হৈছে দক্ষিণ কোৰিয়াৰ ব্যৱসায়ী ছিঅ' ঝাং জিনৰ নাম ।
ছিঅ' ঝাং জিনৰ কোম্পানীয়ে সমগ্ৰ বিশ্বতে ভেকচিন বিতৰণৰ কাম কৰিব আৰু বৰ্তমানেও মহামাৰীত আক্ৰান্তৰ চিকিত্সাৰ বাবে প্ৰয়োজনীয় ঔষধ বিভিন্ন দেশত বিতৰণ কৰি আহিছে । 'দ্য ষ্ট্ৰেইট টাইমছ'ত সামগ্ৰিকভাৱে এই ব্যক্তিকেইগৰাকীক 'ভাইৰাছ ব্ৰাষ্টাৰ্ছ' আখ্যা দিয়া হৈছে । তেওঁলোকক নায়ক আখ্যা দিয়া হৈছে কিয়নো আটাইকেইগৰাকী ব্যক্তিয়ে নিজৰ সাধ্য অনুসৰি কৰ'ণা মহামাৰীৰ পৰা বিশ্ববাসীক উদ্ধাৰ কৰিবলৈ অহোপুৰুষাৰ্থ কৰিছে । SARS COV-2 ভাইৰাছ, যিয়ে পৃথিৱীৰ আটাইতকৈ বেছি জনসংখ্যা থকা মহাদ্বীপটোত মৃত্যু আৰু কঠিন পৰিস্থিতিৰ সৃষ্টি কৰিছে, 'ভাইৰাছ ব্ৰাষ্টাৰ্ছ' কেইগৰাকীয়ে ইয়াৰ বিৰুদ্ধে যুঁজ দিছে ।
'দ্য ষ্ট্ৰেইট টাইমছে' আগবঢ়োৱা প্ৰশস্তি পত্ৰত উল্লেখ কৰা হৈছে যে, 'আমি আপোনাৰ সাহস, কৰ্তব্যনিষ্ঠা আৰু সৃষ্টিশীলতাক সন্মান জনাইছো । বাস্তৱ পৃথিৱীৰ বাবে এই সংকটকালত আপোনালোক এছিয়াৰ আশাৰ প্ৰতীক ।' উল্লেখ্য যে, ১৯৬৬ চনত আদৰ পুনাৱালাৰ পিতৃ ছাইৰছ পুনাৱালাই ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া প্ৰতিষ্ঠা কৰিছিল । ২০০১ চনত আদৰ পুনাৱালাই ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াত সেৱা আগবঢ়াৱলৈ আৰম্ভ কৰে আৰু ২০১১ চনত কোম্পানীৰ পূৰ্ণ নিয়ন্ত্ৰণ নিজৰ অধীনলৈ আনি সঞ্চালকৰ দায়িত্বভাৰ গ্ৰহণ কৰে । পুনাৱালাই কয় যে, তেওঁ নিজৰ প্ৰতিষ্ঠানটোৰ উত্পাদন ক্ষমতা বৃদ্ধি কৰাৰ উদ্দেশ্যে ২৫০ মিলিয়ন ডলাৰ ব্যয় কৰিছিল ।
৩৯ বছৰীয়া পুনাৱালাই কয় যে, তেওঁৰ প্ৰতিষ্ঠানটোৱে দুখীয়া দেশসমূহত ভেকচিন ৰপ্তানি কৰাত সহায় কৰি আছে । ছিংগাপুৰৰ সংবাদপত্ৰ 'দ্য ষ্ট্ৰেইট টাইমছ'ত কোৱা হৈছে যে, 'মহামাৰীৰ সমাপ্তিৰ বিশাল ছবিত এই মহান উদ্দেশ্যই সুকীয়া স্থান পাইছে । সংবাদ পত্ৰখনত কোৱা হৈছে যে, 'এছিয়ানছ অৱ দ্য ইয়েৰ'ৰ তালিকাত ঠাই পোৱা লোকসকল সকলোৰে বাবে আদৰ্শ আৰু তেওঁলোকে সকলোকে নেতৃত্ব দিছে । এই ভয়াৱহ পৰিস্থিতি আনৰ সহায়ৰ বাবে এওঁলোকে নিজৰ জীৱন তুচ্ছ কৰি সেৱা আগবঢ়াইছে । চলিত বছৰত এনে এটা দিন অতিবাহিত হোৱা নাই, যিটো দিনত মহামাৰীৰ খবৰ অহা নাই ।'
দ্য ষ্ট্ৰেইট টাইমছৰ সম্পাদক ভাগ্যশ্ৰী গোৰেকাৰে অনুভৱ কৰে যে, চলিত বৰ্ষত এছিয়াৰ সকলোতকৈ ডাঙৰ স্বাস্থ্যজনিত প্ৰত্যাহ্বানৰ বাবে অগ্ৰণী ভূমিকা লোৱা লোকতকৈ আন কোনো লোক 'এছিয়ানছ অৱ দ্য ইয়েৰ'ৰ তালিকাৰ বাবে যোগ্য নহয় । ছিংগাপুৰৰ প্ৰেছ হল্ডিঙছৰ ইংৰাজী সম্পাদক ৱাৰেন ফাৰ্ণাণ্ডেজে কয় যে, এই সকল যোদ্ধাই সমগ্ৰ এছিয়া তথা বিশ্ববাসীক জীৱন ৰক্ষাৰ এক আশা দেখুৱাইছে ।
লগতে পঢ়ক:মিজোৰামত দুদিনীয়াকৈ অনুষ্ঠিত মিজোৰাম বিজ্ঞান সমাৰোহ 2020