ETV Bharat / bharat

সংসদৰ নিৰাপত্তা উলংঘন গোচৰ, অভিযুক্তৰ কৰা হ'ব পলিগ্ৰাফ, নাৰ্কো আৰু ব্ৰেইন মেপিং - Parliament Security

Parliament Security breach: সংসদৰ নিৰাপত্তা উলংঘন গোচৰৰ তদন্ত চলি আছে । ইয়াৰ মাজতে দিল্লী পাটিয়ালা হাউচ আদালতে এই গোচৰৰ সকলো অভিযুক্তৰে পলিগ্ৰাফ, নাৰ্কো আৰু ব্ৰেইন মেপিঙৰ নিৰ্দেশ দিছে ।

Delhi Patiala house court
সংসদৰ নিৰাপত্তা উলংঘন গোচৰ
author img

By ETV Bharat Assamese Team

Published : Jan 5, 2024, 4:56 PM IST

নেশ্যনেল ডেস্ক,৫ জানুৱাৰী : দিল্লীৰ পাটিয়ালা হাউচ আদালতে সংসদৰ শেহতীয়া নিৰাপত্তা উলংঘন গোচৰত গুৰুত্বপূৰ্ণ নিৰ্দেশ দিছে । আদালতে গোচৰটোৰ অভিযুক্তৰ পলিগ্ৰাফ, নাৰ্কো আৰু ব্ৰেইন মেপিঙৰ নিৰ্দেশ দিছে । আদালতে সকলো অভিযুক্তৰ ন্যায়িক জিম্মা ৮ দিনলৈ বৃদ্ধি কৰিবলৈও নিৰ্দেশ দিছে ।

শুকুৰবাৰে সকলো অভিযুক্তৰ উপস্থিতিৰ সময়তে দিল্লী আৰক্ষীয়ে কয় যে বিশেষজ্ঞসকলৰ মতে তেওঁলোকৰ সকলোৰে মানসিক পৰীক্ষা প্ৰয়োজনীয় । আৰক্ষীৰ মতে অভিযুক্ত মনোৰঞ্জন আৰু সাগৰৰো নাৰ্কো টেষ্ট কৰিব লাগিব । আদালতে তেতিয়া কয় যে আৰক্ষীয়ে অভিযুক্তজনৰ পলিগ্ৰাফ, নাৰ্কো টেষ্ট আৰু মগজুৰ মেপিঙৰ বাবেও আবেদন কৰিছে । সেয়েহে, আইনী সহায় কৰ্তৃপক্ষৰ অধিবক্তাৰ সৈতে অভিযুক্তসকলৰ এই বিষয়টো আলোচনা কৰিবলৈ কয় ।

ইয়াৰ পিচতে অভিযুক্ত সাগৰ শৰ্মা আৰু মনোৰঞ্জনে পলিগ্ৰাফ, নাৰ্কো আৰু ব্ৰেইন মেপিং পৰীক্ষা কৰিবলৈ সন্মত হয় । আনহাতে, ললিত ঝা, মহেশ কুমাৱত আৰু আনমোলেও পলিগ্ৰাফ পৰীক্ষা কৰিবলৈ সন্মত হৈছে । অৱশ্যে নীলম আজাদে পলিগ্ৰাফ পৰীক্ষাৰ বাবে সন্মতি দিবলৈ অস্বীকাৰ কৰিছিল । ২০২৩ চনৰ ২৮ ডিচেম্বৰত, অভিযুক্তক আদালতত হাজিৰ কৰাৰ সময়ত দিল্লী আৰক্ষীয়ে কৈছিল যে সকলো অভিযুক্তক প্ৰশ্ন কৰিব লাগে যে তেওঁলোক পলিগ্ৰাফ পৰীক্ষাৰ বাবে সাজু হয় নে নহয় । দিল্লী আৰক্ষীয়ে অভিযুক্তসকলৰ বিৰুদ্ধে ইউএপিএৰ ১৬এ ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰিছে ।

উল্লেখ্য যে যোৱা বছৰ ১৩ ডিচেম্বৰত দুই অভিযুক্তই সংসদৰ দৰ্শনাৰ্থী গেলেৰীৰ পৰা চেম্বাৰত প্ৰৱেশ কৰিছিল । এজন অভিযুক্তই জোতাৰ ভিতৰৰ পৰা ধোঁৱা কেনিষ্টাৰ খুলি প্ৰতিবাদ কৰিছিল । এই ঘটনাৰ পিচতে সদনত বিশৃংখলত পৰিৱেশৰ সৃষ্টি হৈছিল । হুলস্থূলীয়া পৰিৱেশৰ মাজতে একাংশ সাংসদে অভিযুক্তসকলক কৰায়ত্ব কৰে । আনহাতে সংসদৰ বাহিৰত শ্ল'গান দিয়া দুজন লোককো গ্ৰেপ্তাৰ কৰা হৈছিল ।

লগতে পঢ়ক :ব্ৰীজ ভূষণৰ বিৰুদ্ধে দিল্লী আৰক্ষীয়ে পুনৰ আৰম্ভ কৰিছে তদন্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.