নেশ্যনেল ডেস্ক, ১৯ ডিচেম্বৰ : জম্মু কাশ্মীৰৰ DDC নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ ১৯ ডিচেম্বৰত সম্পন্ন হৈ আছে। কাশ্মীৰৰ ১৩ টা সমষ্টি আৰু জম্মুৰ ১৫ টা সমষ্টিত পুৱা ৭ বজাৰ পৰা দিনৰ ২ বজালৈ অনুষ্ঠিত হৈছে ভোটগ্ৰহণ । ৰাজ্যৰ নিৰ্বাচন আয়ুক্ত কে কে শর্মাই এক সংবাদমেলত প্ৰকাশ কৰিছিল এই কথা ।
শর্মাই সংবাদমেলত উল্লেখ কৰা অনুসৰি, জম্মু কাশ্মীৰৰ অষ্টম পৰ্যায়ৰ নিৰ্বাচনত ১২২ জন পুৰুষ আৰু ৪৬ জন মহিলাসহ ১৬৮ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিছে । নিৰ্বাচনত ৬,৪০,৪৪৩ জন ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব । ৰাজ্যৰ নিৰ্বাচন আয়ুক্তগৰাকীয়ে লগতে নিৰ্বাচনত জনতাৰ অংশগ্ৰহণত সন্তুষ্টি প্ৰকাশ কৰে । ঠাণ্ডা বতৰৰ অৱস্থা স্বত্বেও, বিশেষকৈ কাশ্মীৰত ভোটাৰৰ হাৰ আকর্ষণীয় হৈছে বুলি শর্মাই উল্লেখ কৰে । তেওঁ ক'ভিড ১৯ৰ কাৰণে মাস্ক পিন্ধি সকলোকে ঘৰৰ পৰা ওলাবলৈ আহ্বান জনায় ।
আনহাতে, একেদিনাই ৮৪ টা চৰপঞ্চ আৰু ২৮৫ টা পঞ্চৰো নিৰ্বাচন অনুষ্ঠিত হয় । জম্মু কাশ্মীৰত ১৬৫ টা চৰপঞ্চৰ নিৰ্বাচন অধিসূচনা জাৰি কৰা হৈছিল। ইয়াৰে ৪৩ জন চৰপঞ্চৰ প্ৰাৰ্থী নিৰ্বাচনৰ অবিহনেই নিৰ্বাচিত হৈছে । যাৰবাবে কেৱল ৮৪ টা সমষ্টিতহে নিৰ্বাচন অনুষ্ঠিত হ'ব । উক্ত ৮৪ টা চৰপঞ্চ সমষ্টিত ২৪৯ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিছে বুলি নিৰ্বাচনী আয়ুক্তগৰাকীয়ে সংবাদমেলত উল্লেখ কৰে । একেদৰে জম্মু-কাশ্মীৰত ১,৪৫৭ টা পঞ্চৰ ৪৯৬ টা পঞ্চৰ নিৰ্বাচনৰ অবিহনেই নিৰ্বাচিত হৈছে । সেয়েহে শনিবাৰে কেৱল ২৮৫ টা পঞ্চতহে নিৰ্বাচন অনুষ্ঠিত হ'ব । নিৰ্বাচনত ৫৯৬ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিছে আৰু ৫৩,৯৯৬ জন ভোটাৰে প্ৰাৰ্থীসকলৰ ভাগ্য নিৰ্ণয় কৰিব ।
নিৰ্বাচনী আয়ুক্তগৰাকীয়ে সংবাদমেলত লগতে কয় যে, কাশ্মীৰত ১,০২৮ টা আৰু জম্মুত ৬৭৫ টা ভোটগ্ৰহণ কেন্দ্ৰকে ধৰি মুঠ ১,৭০৩ টা কেন্দ্ৰত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ । কাশ্মীৰত ৯৮৫ টা ভোটকেন্দ্ৰক অতি সংবেদনশীল আৰু ৪৩ টা ভোটকেন্দ্ৰক সংবেদনশীল হিচাপে চিনাক্ত কৰা হৈছে । অতি সংবেদনশীল আৰু সংবেদনশীল হিচাপে শ্ৰেণীবদ্ধ কৰা ভোটগ্ৰহণ কেন্দ্ৰসমূহত যাতে শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ হয় তাৰবাবে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে ।আনহাতে, জম্মুত, ৯৩ টাক অতি সংবেদনশীল, ২৪৬ টাক সংবেদনশীল আৰু ৩৩৬ টাক স্বাভাৱিক ভোটকেন্দ্ৰ হিচাপে চিনাক্ত কৰা হৈছে । শর্মাই উল্লেখ কৰা অনুসৰি, সপ্তম পৰ্যায়ৰ নিৰ্বাচনত ৫৭.২২ শতাংশ আৰু ইয়াৰ পূৰ্বৰ পৰ্যায়ত ৪৮ শতাংশৰ পৰা ৫১ শতাংশ ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিছিল ।
লগতে পঢ়ক : ক'ভিড প্ৰতিষেধক : ভাৰতে উৎপাদন কৰিব 300 মিলিয়ন স্পুট'নিক প্ৰতিষেধক