ETV Bharat / bharat

আইজল পৌৰ নিগম নিৰ্বাচনৰ তাৰিখ ঘোষণা

author img

By

Published : Jan 22, 2021, 8:29 PM IST

ঘোষণা কৰা হ'ল আইজল পৌৰ নিগম নিৰ্বাচনৰ তাৰিখ ৷ 2021 ৰ 16 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব আইজল পৌৰ নিগম নিৰ্বাচন ৷ ৰাজ্যিক নিৰ্বাচন আয়োগে শুকুৰবাৰে ঘোষণা কৰে নিৰ্বাচনৰ তাৰিখ ৷ 16 ফেব্ৰুৱাৰীত পুৱা 7 বজাৰ পৰা আবেলি 4 বজালৈ অনুষ্ঠিত হ'ব ভোটগ্ৰহণ ৷

Aizawl Municipal Coorporation
Aizawl Municipal Coorporation

মিজোৰাম, 22 জানুৱাৰী: মিজোৰামৰ ৰাজ্যিক নিৰ্বাচনী আয়োগে শুকুৰবাৰে আইজল পৌৰ নিগম নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰে ৷ ৰাজ্যখনৰ নিৰ্বাচন আয়োগে 2021 চনৰ 16 ফেব্ৰুৱাৰী তাৰিখে আইজল পৌৰ নিগম নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ জানিব পৰা মতে 2021 ৰ আইজল পৌৰ নিগম নিৰ্বাচনৰ বাবে মুঠ 2,18870 গৰাকী ভোটাৰ আছে ৷

নিৰ্বাচন আয়োগে জানিবলৈ দিয়া মতে 28 জানুৱাৰীক মনোনয়ন পত্ৰ দাখিলৰ শেষ দিন হিচাপে ধৰা হৈছে আৰু বৃহস্পতিবাৰে অৰ্থাৎ 28 জানুৱাৰীত মনোনয়ন পত্ৰ সমূহ দাখিল কৰাৰ পাছতে 29 জানুৱাৰীত মনোনয়ন পত্ৰ সমূহ পৰীক্ষা কৰা হ'ব ৷

প্ৰাৰ্থী সকলে ইচ্ছা কৰিলে 1 ফেব্ৰুৱাৰীৰ আবেলি 3 বজাৰ ভিতৰত তেওঁলোকৰ প্ৰাৰ্থীত্ব উঠাই ল'ব পাৰিব ৷ 2 ফেব্ৰুৱাৰীত নিৰ্বাচনৰ তাৰিখ, সময় আৰু চিহ্নৰ লগতে নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱা প্ৰাৰ্থী সকলৰ তালিকা প্ৰকাশ কৰা হ'ব ৷

16 ফেব্ৰুৱাৰীত পুৱা 7 বজাৰ পৰা আবেলি 4 বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব আৰু প্ৰয়োজন সাপেক্ষে 17 ফেব্ৰুৱাৰীত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ৷ 18 ফেব্ৰুৱাৰীত ভোট গণনা সম্পূৰ্ণ হোৱাৰ পৰিৱৰ্তে 22 ফেব্ৰুৱাৰীৰ ভিতৰত সম্পূৰ্ণ নিৰ্বাচনী প্ৰক্ৰিয়া সম্পন্ন হ'ব বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক:মিজোৰামত প্ৰায় 5 কোটি টকাৰ নিচাঁজাতীয় সামগ্ৰী জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.