ETV Bharat / bharat

Manipur election 2022 phase 1 : সপত্নীক ভোটাধিকাৰ সাব্যস্ত কৰিলে মুখ্যমন্ত্ৰীয়ে - ভোটাধিকাৰ সাব্যস্ত কৰিলে মুখ্যমন্ত্ৰীয়ে

সোমবাৰে পুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে মণিপুৰ বিধানসভা নিৰ্বাচনৰ (Manipur assembly elections 2022) প্ৰথম পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়া ৷ মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে (CM Biren Singh casts his Vote) পত্নীসহ সাব্যস্ত কৰে ভোটাধিকাৰ । পুৱা 1 বজালৈকে ভোটদানৰ হাৰ হৈছে 48.88 শতাংশ ৷

CM Biren Singh casts his Vote
মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে
author img

By

Published : Feb 28, 2022, 10:03 AM IST

Updated : Feb 28, 2022, 1:56 PM IST

নেশ্যনেল ডেস্ক, 28 ফেব্ৰুৱাৰী : মণিপুৰত সোমবাৰে পুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটদান (Voting started in Manipur) প্ৰক্ৰিয়া ৷ ৰাজ্যখনৰ পাঁচখন জিলাৰ ৩৮ টা সমষ্টিত ক’ভিডৰ কঠোৰ নিৰ্দেশনা পালন কৰি আৰম্ভ হৈছে ভোটগ্ৰহণ ।

মণিপুৰৰ মুখ্যমন্ত্ৰী তথা হেইনগাঙৰ বিজেপি প্ৰাৰ্থী এন বীৰেন সিঙে (CM Biren Singh casts his Vote) ইম্ফলৰ শ্ৰীৱান উচ্চ বিদ্যালয়ত পত্নীৰ সৈতে উপস্থিত হৈ ভোটাধিকাৰ সাব্যস্ত কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে ভোটাধিকাৰ সাব্যস্ত কৰি সমষ্টিৰ ৭৫% লোকে বিজেপি দলৰ লগতে তেওঁক ভোট দিব বুলি আশা ব্যক্ত কৰে ।

  • It gives me immense pleasure to cast my vote today. I urge all those voting today to turnout in record numbers and cast your valuable vote. pic.twitter.com/hFMymdNoE5

    — N.Biren Singh (@NBirenSingh) February 28, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

মুখ্যমন্ত্ৰীগৰাকীয়ে এই নিৰ্বাচনত বিজেপিয়ে প্ৰথম পৰ্যায়ত ৩৮ খন আসনৰ ভিতৰত কমেও ৩০ খন আসন লাভ কৰাৰ সম্ভাৱনা ব্যক্ত কৰে ৷ তেওঁ লগতে কয় যে, মণিপুৰৰ লোক প্ৰধানমন্ত্ৰী মোডীৰ দৰে ৷ উল্লেখ্য যে, মণিপুৰত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ১৭৩ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে (Manipur election 2022 phase 1) । ৰাজ্যখনৰ ১,৭২১ টা ভোটকেন্দ্ৰত প্ৰায় ১২,০৯,৪৩৯ জন ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব ।

CM Biren Singh casts his Vote
মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিং

আনহাতে, মুখ্যমন্ত্ৰী তথা বিজেপি প্ৰাৰ্থী এন বীৰেন সিঙৰ বাহিৰেও এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱা অন্যতম প্ৰাৰ্থীসকল হৈছে বিধানসভাৰ অধ্যক্ষ ৱাই খেমচান্দ সিং, উপ মুখ্যমন্ত্ৰী তথা এন পি পি প্ৰাৰ্থী য়ুমনাম জয়কুমাৰ আৰু মণিপুৰ কংগ্ৰেছৰ সভাপতি এন লোকেশ সিং ।

লগতে পঢ়ক : Manipur election 2022 phase 1 : আজি ইভিএমত বন্দী হ’ব ১৭৩ গৰাকী প্ৰাৰ্থীৰ ভাগ্য

Last Updated : Feb 28, 2022, 1:56 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.