ETV Bharat / bharat

ত্ৰিপুৰাত বিজেপি আৰু চিপিআইএমৰ মাজত ৰাজনৈতিক সংঘাত - স্বেচ্ছাসেৱক

বিজেপি আৰু চিপিআইএমৰ মাজত ৰক্তক্ষয়ী ৰাজনৈতিক সংঘাত ৷ ত্ৰিপুৰাৰ বক্সানগৰ উপ-সংমণ্ডলৰ অন্তৰ্গত আচাবাৰীত জনসাধাৰণ ক’ভিড সাহায্য বিতৰণ কৰিবলৈ যোৱা কেইবাজনো চিপিআইএম স্বেচ্ছাসেৱকক অভিযুক্ত বিজেপি দুৰ্বৃত্তই প্ৰহাৰ কৰে ৷ আক্ৰমণৰ নেতৃত্ব দিয়া আবুল হোছেইন শাসনাধিষ্ঠিত বিজেপিৰ বক্সনগৰ মণ্ডল যুৱ মৰ্চাৰ সভাপতি।

tripura-violence
ত্ৰিপুৰাত বিজেপি আৰু চিপিআইএমৰ মাজত ৰক্তক্ষয়ী ৰাজনৈতিক সংঘাত
author img

By

Published : Jun 23, 2021, 10:00 AM IST

আগৰতলা, 23 জুন : ত্ৰিপুৰাত বিজেপি-আইপিএফটি চৰকাৰ গঠনৰ চাৰে তিনি বছৰৰ পিছতো বিজেপি আৰু চিপিআইএমৰ মাজত ৰক্তক্ষয়ী ৰাজনৈতিক সংঘাত হ্ৰাস হোৱা নাই ৷ শেহতীয়াভাৱে ত্ৰিপুৰাৰ বক্সানগৰ উপ-সংমণ্ডলৰ অন্তৰ্গত আচাবাৰীত জনসাধাৰণ ক’ভিড সাহাৰ্য বিতৰণ কৰিবলৈ যোৱা কেইবাজনো চিপিআইএম স্বেচ্ছাসেৱকক অভিযুক্ত বিজেপি দুৰ্বৃত্তই প্ৰহাৰ কৰাৰ ঘটনাক লৈ সৃষ্টি হৈছে তীব্ৰ উত্তেজনাৰ ৷ স্থানীয় সূত্ৰই প্ৰকাশ কৰা অনুসৰি স্বেচ্ছাসেৱকসকলে মাস্ক, চেনিটাইজাৰ আৰু অন্যান্য সুৰক্ষা মূলক সঁজুলি বিতৰণ কৰিবলৈ স্থানীয় ঘৰলৈ গৈছিল ৷

বিজেপি সমৰ্থকৰ এটা গোটে বিষয়টো শুনি ওচৰলৈ আহিছিল আৰু স্বেচ্ছাসেৱকসকলক তেওঁলোকৰ সেৱা অব্যাহত নাৰাখিবলৈ কৈছিল । চিপিআইএম স্বেচ্ছাসেৱকসকলে আদেশ অমান্য কৰি সুৰক্ষা মূলক সঁজুলি বিতৰণ অব্যাহত ৰাখিছিল । এই ঘটনাৰ পটভূমিত ক্ষুদ্ধ হৈ আবুল হোছেইন, ৰফিকুল ইছলাম, নুৰু মিয়া, ছানাউল্লাহ নামৰ বিজেপি নেতাসকলে দাও, লাঠি আৰু লোহাৰ ৰডৰ দৰে মাৰাত্মক অস্ত্ৰৰে স্বেচ্ছাসেৱক দলটোক উপৰ্যুপৰি আক্ৰমণ কৰে ।

tripura-violence
ত্ৰিপুৰাত বিজেপি আৰু চিপিআইএমৰ মাজত ৰক্তক্ষয়ী ৰাজনৈতিক সংঘাত

এই ঘটনাত জুৱেল আলম (৩২), মমিনুল হক (৪৩), পেৰা মিয়া (৪২), আবুল হোছেইন (৩৫), লিটন মিয়া (৪১), জাবেদ হোছেইন (২৮) আৰু আন কেইবাজনো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । ইয়াৰে সংকটজনক অৱস্থাত জুৱেল আলম আৰু আবুল হোছেইন নামৰ লোক দুজনক ৰাজধানীৰ জিবি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷

আক্ৰমণৰ খবৰ পোৱাৰ পিছত অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ বিৰোধী যুৱ কৰ্মীৰ এশৰো অধিক যুৱকে আক্ৰমণকাৰীৰ বিৰুদ্ধে প্ৰতিশোধ লোৱাৰ সিদ্ধান্ত লয় । পিছত, তেওঁলোকে বক্সনগৰ চৌমুহানীত এক প্ৰতিবাদী শোভাযাত্ৰা কৰে আৰু দুৰ্বৃত্তসকলক গ্ৰেপ্তাৰ কৰাৰ দাবীত কালামচৌৰা আৰক্ষী থানাত এক প্ৰতিনিধিত্বত মিলিত হয় । কালামচৌৰা আৰক্ষী বিষয়া বিষ্ণুপদ ভৌমিকে দুৰ্বৃত্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আশ্বাস দিয়াৰ পিছত প্ৰতিবাদসমূহ উঠাই লোৱা হয় ।

উল্লেখ্য যে, আক্ৰমণৰ নেতৃত্ব দিয়া আবুল হোছেইন বৰ্তমান শাসনাধিষ্ঠিত বিজেপিৰ বক্সনগৰ মণ্ডল যুৱ মৰ্চাৰ সভাপতি।

লগতে পঢ়ক : দিল্লী আনলক: সোমবাৰৰ পৰা খোলা থাকিব পাৰ্ক আৰু বাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.