ETV Bharat / bharat

অভিনেতা কৰণ মেহৰাৰ জামিন লাভ

মুম্বাই আৰক্ষীয়ে 'ইয়ে ৰিস্তা ক্যা কেহলাতা হে' খ্যাত অভিনেতা কৰণ মেহৰাক জামিন প্ৰদান কৰিছে ৷ অভিনেতাজনক সোমবাৰে নিশা মুম্বাই আৰক্ষীয়ে পত্নী নিশা ৰাৱালক মাৰপিট কৰাৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰিছিল ৷

author img

By

Published : Jun 2, 2021, 9:21 AM IST

অভিনেতা কৰণ মেহৰাৰ জামিন লাভ
অভিনেতা কৰণ মেহৰাৰ জামিন লাভ

মুম্বাই,2 জুন: অভিনেতা কৰণ মেহৰাক মুম্বাই আৰক্ষীয়ে পত্নী নিশা ৰাৱালৰ সৈতে হোৱা পাৰিবাৰিক কন্দলৰ গোচৰত গ্ৰেপ্তাৰ কৰাৰ পিছত জামিন প্ৰদান কৰে ৷ মুম্বাইৰ গোৰেগাঁও আৰক্ষী থানাত মেহৰাৰ বিৰুদ্ধে ৰুজু কৰা হৈছিল এটা গোচৰ ৷ উল্লেখ্য যে, আৰক্ষীয়ে অভিনেতাজনৰ ভাষ্য ৰেকৰ্ড কৰিছিল ৷ ইয়ে ৰিস্তা ক্যা কেহলাতা হে-ত এগৰাকী আদৰ্শ স্বামীৰ চৰিত্ৰত অভিনয় কৰা কৰণৰ ৰিয়েল লাইফৰ এই কাণ্ডই তোলপাৰ লগাইছে অনুৰাগীসকলৰ মাজত ৷

মুম্বাই আৰক্ষীয়ে প্ৰকাশ কৰা অনুযায়ী, স্বামী-স্ত্ৰীৰ মাজত দীৰ্ঘদিনীয়া পাৰিবাৰিক বিবাদ অব্যাহত আছিল ৷ মঙলবাৰে সন্ধিয়া অভিনেতাজনে পত্নীক সামান্য কথাৰ অজুহাততে ঠেলি দিছিল, যাৰ ফলত পত্নী আঘাতপ্ৰাপ্ত হয় ৷ ইতিমধ্যে আৰক্ষীয়ে অভিনেতাজনৰ পত্নীৰ ভাষ্যৰ ভিত্তিত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ৷

লগতে চাওকঃ অমানৱীয় লংকাকাণ্ড: চিকিৎসক প্ৰহাৰৰ ঘটনাক লৈ দেশজুৰি প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.