নিউজ ডেস্ক, 29 জুলাই : শুকুৰবাৰে জয়পুৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আৰক্ষীয়ে জেৰাৰ বাবে আটক কৰে এগৰাকী পাকিস্তানী কিশোৰীক ৷ বিগত তিনি বছৰ ধৰি ৰাজস্থানৰ ছিকাৰ জিলাৰ শ্ৰীমাধোপুৰত থকা পেহীয়েকৰ ঘৰত আছিল কিশোৰীগৰাকী ৷ জানিব পৰা মতে ১৬ বছৰীয়া কিশোৰীগৰাকীয়ে পাকিস্তানলৈ উভতি যোৱাৰ বাবে টিকট বুকিং কৰিবলৈ আন দুজন লোকৰ সৈতে বিমানবন্দৰৰ বুকিং অফিচলৈ গৈছিল ৷ পাকিস্তানলৈ বিমানৰ টিকটৰ ব্যৱস্থা কৰাৰ বাবে দুয়োজন লোকৰ সহায় লৈছিল কিশোৰীগৰাকীয়ে ৷
কিশোৰীগৰাকীয়ে পাকিস্তানলৈ যোৱা বিমানৰ টিকট ক্ৰয় কৰিবলৈ ভিছা বা পাছপ’ৰ্টৰ দৰে কোনো বৈধ নথি-পত্ৰ লৈ যোৱা নাছিল ৷ জয়পুৰ বিমানবন্দৰৰ আৰক্ষীয়ে যেতিয়া তেওঁক কোনো ধৰণৰ পাছপ’ৰ্ট, ভিছা নোহোৱাকৈ ভাৰত ভ্ৰমণ কৰাৰ কথা সোধাত তেওঁ সন্তোষজনক উত্তৰ দিব পৰা নাছিল ৷ সেয়েহে কিশোৰীগৰাকীৰ সৈতে লগত অহা ব্যক্তি দুজনকো আৰক্ষীয়ে বিমানবন্দৰতে আটক কৰে ৷
লগতে পঢ়ক : Buldhana Bus accident : বুলধানাত তীৰ্থযাত্ৰীৰ বাছ দুৰ্ঘটনাত থিতাতে মৃত্যু 6; গুৰুতৰভাৱে আহত 25
বিমানবন্দৰৰ আৰক্ষী বিষয়া দিগপাল সিঙে জনোৱা মতে, "শুকুৰবাৰে এগৰাকী পাকিস্তানী কিশোৰীৰ সৈতে দুজন ব্যক্তি জয়পুৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয় ৷ বিমানবন্দৰত তেওঁলোকৰ কার্যকলাপ সন্দেহজনক আছিল ৷ নিৰাপত্তাৰক্ষীয়ে সোধা-পোছা কৰাত কিশোৰীগৰাকীয়ে পাকিস্তানৰ ভাষাত কথা পাতিছিল ৷ পৰৱৰ্তী সময়ত অধিক সোধা-পোছা কৰাত পাকিস্তানলৈ বিমানৰ টিকট বুকিং কৰাৰ বাবে কোনো নথি বা পাছপ'ৰ্ট লৈ যোৱা নাছিল বুলি জানিবলৈ দিয়ে তেওঁ ৷ কিশোৰীগৰাকীয়ে কয় যে, তেওঁ শ্ৰীমাধোপুৰত পেহীয়েকৰ সৈতে প্ৰায় তিনি বছৰ আগতে ভাৰতলৈ আহিছিল ৷ বৰ্তমান পেহীয়েকৰ সৈতে মনোমালিন্য হোৱাত ঘৰলৈ যোৱাৰ পৰিকল্পনা কৰিছিল তেওঁ।"
লগতে পঢ়ক : Telangana floods : ভয়াৱহ বানৰ কবলত তেলেংগানা; ১৮ জন মৃত্যু, সন্ধানহীন ১২ জন