নেশ্যনেল ডেস্ক, 14 জানুৱাৰী : যোৱা 6 জানুৱাৰীত মাৰ্কিন ৰাজধানীৰ কেপিট’ল হিলচত হোৱা হিংসাত্মক ঘটনাৰ পাচতে এই ঘটনাৰ বিৰুদ্ধে ভিন্ন প্ৰান্তত হয় উত্তাল প্ৰতিবাদ ৷ বুধবাৰে এই ঘটনাৰ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰা একাংশ প্ৰতিবাদকাৰীক নেপাল আৰক্ষীয়ে আটক কৰে ৷
উল্লেখ্য যে, আমেৰিকাৰ নিৰ্বাচনত জ’ বাইডেনৰ হাতত ড’নাল্ড ট্ৰাম্প পৰাস্ত হোৱাৰ পাচতে ট্ৰাম্পৰ একাংশ সমৰ্থকে ক্ষতিগ্ৰস্ত কৰিছিল কেপিটল হিলৰ ৷ ইয়াৰ পাচতে উক্ত স্থানত সৃষ্টি হৈছিল উত্তেজনাময় পৰিৱেশৰ ৷ পৰিস্থিতিয়ে ভয়ানক ৰূপ লোৱাত জাৰী কৰা হৈছিল সান্ধ্য আইন ৷
ইফালে, বুধবাৰে নেপালত সাব্যস্ত কৰা এই প্ৰতিবাদত উত্তেজিত হৈ পৰে প্ৰতিবাদকাৰী সকল ৷ নেপাল ছাত্ৰ সংগঠনৰ দ্ধাৰা সাব্যস্ত হয় এই প্ৰতিবাদ ৷ প্ৰতিবাদকাৰী সকলক আৰক্ষীয়ে আটক কৰিবলৈ লওতেই উক্ত স্থানত আৰক্ষী আৰু প্ৰতিবাদকাৰী সকলৰ মাজত এক বাক-বিতণ্ডাৰো সৃষ্টি হয় ৷ প্ৰতিবাদকাৰী সকলে কয় যে, ট্ৰাম্পে সাংসদ ভৱন ভগাব পাৰে কিন্তু আমি নোৱাৰো ৷
অন্য এক খবৰৰ বাবে: পাটাছাৰকুছিত আত্মপ্ৰকাশ ৰঞ্জিত কুমাৰ দাসৰ