ETV Bharat / bharat

Journalist attacked in Tripura : সাংবাদিকক আক্ৰমণ কৰি নিলম্বিত হ'ল ত্ৰিপুৰাৰ আৰক্ষী

author img

By

Published : May 19, 2022, 3:33 PM IST

শেহতীয়াকৈ আৰক্ষীৰ হাতত অপদস্থ ত্ৰিপুৰা এগৰাকী সাংবাদিক (Journalist attacked in Tripura)। অভিযুক্ত আৰক্ষী বিষয়াৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ত্ৰিপুৰা আৰক্ষীৰ । চাকৰিৰ পৰা নিলম্বনৰ লগতে ঘটনাৰ উচিত তদন্তৰ নিৰ্দেশ । ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া ।

police-attacked-journalist-in-tripura
সাংবাদিকক আক্ৰমণ কৰি নিলম্বিত হ'ল ত্ৰিপুৰাৰ আৰক্ষী

আগৰতলা,১৯ মে' : পুনৰ চতুৰ্থ স্তম্ভৰ ওপৰত আক্ৰমণ । এইবাৰ ত্ৰিপুৰাত আৰক্ষীৰ হাতত অপদস্থ সাংবাদিক (Journalist humiliated by police in Tripura)। এটা সংবাদ প্ৰতিষ্ঠানৰ ভিডিঅ' সাংবাদিক নীতাই দে'ৰ ওপৰত শাৰীৰিক নিৰ্যাতন চলিল ত্ৰিপুৰা আৰক্ষীৰ । অভিযুক্ত আৰক্ষী বিষয়াক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে (Suspension of police who attacked journalist)। লগতে বিষয়াজনৰ বিৰুদ্ধেও বিভাগীয় তদন্ত ঘোষণা কৰে ।

Journalist attacked in Tripura : সাংবাদিকক আক্ৰমণ কৰি নিলম্বিত হ'ল ত্ৰিপুৰাৰ আৰক্ষী

উল্লেখ্য যে বুধবাৰে মাজনিশা ত্ৰিপুৰা গ্ৰামীণ বেংকৰ সমীপৰ ৰাধানগৰ পেট্ৰ'ল পাম্পত ভিডিঅ' সাংবাদিক নীতাই দে'ই মটৰ চাইকেলত ইন্ধন ভৰাবলৈ শাৰীত আছিল । অভিযোগ অনুসৰি পাম্পটোৰ ফালে গৈ থকা অৱস্থাতে কলেজ টিলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অৰিন্দম ৰয়ে সাংবাদিকগৰাকীক ধৰি শাৰীৰ পৰা বাহিৰলৈ উলিয়াই দিছিল আৰু সাংবাদিকজনক উদ্দেশ্যি আপত্তিজনক মন্তব্য কৰিছিল । ইয়াৰ পাছতে দুয়োজনৰ মাজত সামান্য। কাজিয়াৰ সূত্ৰপাত হয় ।

ইয়াৰ পাছত বিনা দোষত আৰক্ষী বিষয়াজনে সাংবাদিকজনক থানালৈ লৈ আহে আৰু ভুৱা গোচৰ জাপি দি লকআপত আৱদ্ধ কৰি ৰাখে (Police attacked Journalist in Tripura)। সাংবাদিক নিতাই দে'ই অভিযোগ কৰা মতে থানাত তেওঁৰ ওপৰত অমানৱীয় অত্যাচাৰ চলোৱা হয় । বিভিন্ন ধৰণৰ গালি-গালাজ কৰাৰ লগতে মহিলা আৰক্ষীৰ সন্মুখতে সাংবাদিকগৰাকীক অপদস্থ কৰে । সাংবাদিকগৰাকীৰ অভিযোগ অনুসৰি তেওঁ সাংবাদিক বুলি গম পোৱাৰ পাছত আৰক্ষীৰ বাহনৰ ভিতৰতো তেওঁ একাংশ আৰক্ষীয়ে হাৰাশাস্তি কৰে আৰু হত্যাৰ ভাবুকি দিয়ে ।

পূব আগৰতলা আৰক্ষী থানাত উপস্থিত হোৱাৰ পাছতে অৰিন্দম ৰয়ে সাংবাদিকগৰাকীক ভাৰপ্ৰাপ্ত বিষয়াৰ চেম্বাৰলৈ ঠেলি লৈ যায় আৰু আৰক্ষী বিষয়াজনে সাংবাদিক নিতাইৰ মুখত বিদেশী সুৰা ঢালি দিয়াৰো অভিযোগ উত্থাপন কৰে (Journalist in Tripura assaulted inside Police lockup)। ইয়াৰ পাছত সাংবাদিকজনৰ বুকুত ভৰি থৈ আৰক্ষী জনে হত্যাৰ ভাবুকি দিয়ে । সংবাদ মাধ্যমত কৰ্মৰত একাংশ সাংবাদিকৰ নাম ক'ব পাৰিলে তেওঁক মুকলি কৰি দিয়াৰ কথাও কৈছিল আৰক্ষী বিষয়াজনে । ভিন্ন ধৰণৰ মিছা অভিযোগ দিয়াৰ উপৰিও অৰিন্দম ৰয়ে সাংবাদিকগৰাকীক ভাবুকি প্ৰদানো কৰিছিল ।

এই ঘটনাৰ পাছতে ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় । আগৰতলা প্ৰেছ ক্লাবৰ সভাপতি সুবল কুমাৰ দে, উপ-সভাপতি অৰুণ নাথ আৰু সচিব প্ৰণৱ সৰকাৰৰ নেতৃত্বত একাংশ স্থানীয় সাংবাদিকে পশ্চিম আগৰতলা আৰক্ষী থানাত উপস্থিত হৈ সমগ্ৰ ঘটনাটোৰ দোষী আৰক্ষী বিষয়াজনক নিলম্বনৰ দাবী জনায় । কেইবা ঘণ্টা ধৰি হোৱা প্ৰতিবাদৰ অন্তত ত্ৰিপুৰা আৰক্ষীৰ মহাপৰিদৰ্শক জি কে ৰাৱে প্ৰতিবাদকাৰী জ্যেষ্ঠ সাংবাদিকসকলক সাক্ষাৎ কৰে আৰু তেওঁলোকৰ দাবী পূৰণৰ আশ্বাস দিয়ে ।

অভিযুক্ত আৰক্ষী বিষয়াজনক আৰক্ষী অধীক্ষক বগাটি জগদেশ্বৰ ৰেড্ডীয়ে নিলম্বনৰ নিৰ্দেশ দিয়ে । ইয়াৰ ওপৰিও উক্ত ঘটনাৰ তদন্ত আৰম্ভ কৰে । আৰক্ষী অধীক্ষকগৰাকীয়ে জনোৱা মতে অৰিনন্দম ৰয়ক ৰিজাৰ্ভ ক্লজ কৰা হৈছে আৰু কোনো অনুমতি অবিহনে আৰক্ষীৰ মুখ্য কাৰ্যালয় এৰিব নোৱাৰিব অৰিন্দম ৰয়ে । নিলম্বনৰ সময়চোৱাত অভিযুক্ত আৰক্ষী বিষয়াজনে দৰমহাৰ ৫০ শতাংশহে লাভ কৰিব ।
আনহাতে সাংবাদিকৰ ওপৰত হোৱা আক্ৰমণৰ কথা গম পোৱাৰ লগে লগে নতুন মুখ্যমন্ত্ৰী ড০ মানিক সাহাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । ঘটনাৰ সঠিক তদন্তৰ আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক:তেলেংগানা উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ উজ্জ্বল ভূঞা

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.