ETV Bharat / bharat

Wife kills husband: তামিলনাডুত চেপ্টিক টেংকৰ পৰা উদ্ধাৰ কংকাল, গ্ৰেপ্তাৰ পত্নী

author img

By ETV Bharat Assamese Team

Published : Sep 12, 2023, 10:01 PM IST

তামিলনাডুৰ দেৱকোট্টাইত ভাড়াঘৰৰ নলা-নৰ্দমাৰ টেংকৰ পৰা উদ্ধাৰ নৰকংকাল ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰিছে আঠ বছৰ পূৰ্বে ভাড়াঘৰটোত বসবাস কৰা এগৰাকী মহিলাক ৷ স্বামীক হত্যা কৰি নলা-নৰ্দমাৰ টেংকত পেলাই দিয়াৰ সন্দেহ মহিলাগৰাকীৰ বিৰুদ্ধে ৷ মহিলাগৰাকীৰ স্বামীৰ পিতৃয়ে ২০১৪ চনত মৃত্যুৰ পূৰ্বে পুত্ৰৰ নিৰুদ্দেশ হোৱা সন্দৰ্ভত আৰক্ষীক দাখিল কৰিছিল এজাহাৰ ।

Wife kills husband
তামিলনাডুত চেপ্টিক টেংকৰ পৰা উদ্ধাৰ কংকাল

নিউজ ডেস্ক, ১২ ছেপ্টেম্বৰ: তামিলনাডুৰ দেৱকোট্টাই গম্বৰ ষ্ট্ৰীটৰ এটা ভাড়াঘৰত নলা-নৰ্দমাৰ টেংক চাফাইৰ কাম কৰি থকা সময়তে এটা নৰকংকাল উদ্ধাৰ হয় । লগে লগে ঘৰটোৰ স্বত্বাধিকাৰী সৰৱননে ঘটনা সন্দৰ্ভত স্থানীয় দেৱকোট্টাই আৰক্ষী থানাত এজাহাৰ দাখিল কৰে । নৰকংকালটোৰ লগতে কিছু কাপোৰ আৰু কাঁচকে ধৰি আন কিছু সামগ্ৰী উদ্ধাৰ হয় । ঘটনাৰ সম্ভেদ লাভ কৰাৰ পাচতেই আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ নৰকংকালটো নিজৰ জিম্মাত লোৱাৰ ঘটনাৰ তদন্ত আৰম্ভ কৰে ৷

ঘৰৰ স্বত্বাধিকাৰী সৰৱননে কয়, "আঠ বছৰ আগতে তেওঁৰ ভাড়াঘৰটোত সুগন্তি আৰু পাণ্ডিয়ান নামৰ এটা দম্পতীয়ে বাস কৰিছিল । পাণ্ডিয়ান বাছ কণ্ডাক্টৰ আছিল আৰু তেওঁলোকৰ এটি কন্যা আৰু এটি ল'ৰা সন্তান আছিল । পাণ্ডিয়ান (৪৪) প্ৰায়ে মদ খাইছিল আৰু ঘৰত আহি কাজিয়া কৰিছিল ৷ স্বত্বাধিকাৰী সৰৱননেৰ তথ্যৰ ভিত্তিত আৰক্ষীয়ে সুগন্তীক জেৰা কৰে ।

আৰক্ষীৰ জেৰাত সুগন্তিয়ে ২০১৪ চনত পাণ্ডিয়ানে সুৰাসক্ত অৱস্থাত আহি তেওঁৰ লগত কাজিয়া কৰে আৰু দুয়োৰে মাজত সংঘাত হয় । ইয়াৰ পাচত সুগান্তিয়ে সন্তানৰ সৈতে উক্ত ঘৰটোত ৬ মাহ থাকি আন এটা ঘৰলৈ গুচি যায় । ইফালে, ২০১৪ চনত পাণ্ডিয়ানৰ পিতৃৰ মৃত্যু হৈছিল ৷ তেওঁৰ মৃত্যুৰ পূৰ্বে পুত্ৰ নিৰুদ্দেশ হোৱা বুলি আৰক্ষীক এখন এজাহাৰ দাখিল কৰিছিল ।

সুগন্তিয়ে জেৰা কৰাৰ সময়ত আৰক্ষীৰ আগত তেওঁৰ স্বামীয়ে কইম্বাটুৰত কাম কৰাৰ কথা উল্লেখ কৰি আন এগৰাকী মহিলাৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকাৰ কথা উল্লেখ কৰে ৷ যাৰ বাবে তেওঁ মাজে মাজেহে ঘৰলৈ ধন পঠিয়াইছিল ৷ ইফালে, নলা-নৰ্দমা টেংকৰ পৰা নৰকংকালটো উদ্ধাৰ হোৱাৰ পিচত আৰক্ষীয়ে সুগন্তিক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: Maharashtra murder case: মুম্বাইত শয্যা সংগীক হত্যাৰ অভিযোগত এজনক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.