ETV Bharat / bharat

দিল্লীত ৪ বছৰীয়া কন্যাক ধৰ্ষণ পাষাণ পিতৃৰ

৪ বছৰীয়া কন্যা সন্তানক ধৰ্ষণ কৰি পিতৃ-কন্যাৰ সম্পৰ্কত কলংক সানিলে দিল্লীৰ এজন লোকে । দিল্লীৰ প্ৰহ্লাদপুৰত যোৱা অক্টোবৰ মাহত সংঘটিত হয় এই নিকৃষ্ট কাণ্ড । আৰক্ষীক অভিযোগ দিবলৈ যোৱা মাতৃৰ ওপৰতো নিৰ্যাতন চলালে নৰপিশাচটোৱে ।

author img

By

Published : Dec 31, 2020, 4:54 PM IST

পিতৃ-কন্যাৰ সম্পৰ্কত কলংক সানিলে দিল্লীৰ এজন লোকে

নেশ্যনেল ডেস্ক, ৩১ ডিচেম্বৰ : দিল্লীৰ প্ৰহ্লাদপুৰত পিতৃৰ নিকৃষ্ট কামনাৰ বলি হ'ল ৪ বছৰীয়া কণমানি । পিতৃ-কন্যাৰ পৱিত্ৰ সম্পৰ্ক কলুষিত কৰি কণমানিজনীক ধৰ্ষণ কৰিলে পাষাণ পিতৃয়ে । যোৱা অক্টোবৰ মাহত দিল্লীৰ প্ৰহ্লাদপুৰস্থিত বাসগৃহত পিতৃ-মাতৃৰ সৈতে আছিল কণমানিজনী । সেই সময়তে নিজৰ সন্তানকে ধৰ্ষণ কৰিলে নৰপিশাচৰূপী পিতৃয়ে ।

ইয়াৰ পিছতে কণমানিজনীৰ মাতৃয়ে আৰক্ষীক অভিযোগ দিবলৈ চেষ্টা কৰিছিল যদিও লোকজনে নিজৰ পত্নীৰ ওপৰতো নিৰ্যাতন চলায় আৰু ধমক দিয়ে । ইয়াৰ পিছতে কণমানিজনীক মাতৃয়ে নিজ গৃহলৈ পঠিয়াই দিয়ে আৰু আইতাকে আৰক্ষী থানাত গোচৰ ৰুজু কৰে । আইতাকৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে পাষাণ পিতৃক গ্ৰেপ্তাৰ কৰে ।

উল্লেখ্যে যে, উত্তৰ দিল্লীত ৬০ বছৰীয়া এজন লোকৰ ধৰ্ষণৰ বলি হোৱা এগৰাকী কিশোৰীয়ে নিজ গৃহৰ বাৰাণ্ডতে সন্তান প্ৰসৱ কৰা ঘটনাও পোহৰলৈ আহিছে ।

লগতে পঢ়ক:বৰ্তমান নিয়ন্ত্ৰিত অৱস্থাত আছে জুক' বনাঞ্চলৰ পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.