ETV Bharat / bharat

প্ৰধানমন্ত্ৰীৰ প্ৰমাণপত্ৰই লুকুৱাব নোৱাৰে যোগী চৰকাৰৰ নিষ্ঠুৰতা: প্ৰিয়ংকা গান্ধী

ক'ভিড(Covid) পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত উত্তৰ প্ৰদেশ চৰকাৰক প্ৰশংসা কৰি মোডীয়ে কৰা টুইটৰ প্ৰতিক্ৰিয়া প্ৰিয়ংকা গান্ধী ভাদ্ৰাৰ । উত্তৰ প্ৰদেশত দ্বিতীয় ঢৌৰ সময়ত যোগী চৰকাৰৰ আক্ৰমণাত্মক নিষ্ঠুৰতা, অৱহেলা আৰু সুব্যৱস্থা নথকাৰ সত্যতা প্ৰধানমন্ত্ৰী মোডীৰ প্ৰমাণপত্ৰই লুকুৱাব নোৱাৰে বুলি মন্তব্য প্ৰিয়ংকাৰ ।

author img

By

Published : Jul 16, 2021, 10:22 PM IST

Priyanka gandhi vadra
প্ৰধানমন্ত্ৰীৰ প্ৰমাণপত্ৰই যোগী চৰকাৰৰ নিষ্ঠুৰতা আৰু অৱহেলাক লুকাব নোৱাৰে

নেশ্যনেল ডেস্ক, ১৬ জুলাই : কৰ'ণাৰ (Corona) দ্বিতীয় ঢৌত যথেষ্ট পৰিমাণে প্ৰভাৱান্বিত হৈছে সমগ্ৰ দেশ । দেশৰ ভিন্ন প্ৰান্তত অক্সিজেনৰ নাটনিকে (Oxygen Crisis) ধৰি স্বাস্থ্যসেৱাৰ বহু সমস্যাই জোকাৰি গৈছে ভাৰতক । যাৰ ফলত এই দ্বিতীয় ঢৌত (Second wave) বহু লোকে হেৰুৱাইছে আপোনজনক । কিন্তু ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ (Narendra Modi) এটা টুইটে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । ক'ভিড (Covid) পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত উত্তৰ প্ৰদেশ চৰকাৰক প্ৰশংসা কৰি মোডীয়ে এটা টুইট কৰিছিল । এই টুইটৰ পিছতে বিৰোধী কংগ্ৰেছৰ বহু নেতা জাঙুৰ খাই উঠিছে ।

কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাই (Priyanka Gandhi Vadra) শুকুৰবাৰে এক টুইটযোগে প্ৰধানমন্ত্ৰী মোডীক উভতি ধৰে । কংগ্ৰেছ নেত্ৰীগৰাকীৰ মতে উত্তৰ প্ৰদেশক প্ৰশংসা কৰাটো উচিত হোৱা নাই । প্ৰধানমন্ত্ৰীৰ প্ৰমাণপত্ৰই সকলো কথা লুকুৱাব নোৱাৰে । প্ৰিয়ংকা গান্ধীৰ মতে উত্তৰ প্ৰদেশত দ্বিতীয় ঢৌৰ সময়ত যোগী চৰকাৰৰ আক্ৰমণাত্মক নিষ্ঠুৰতা, অৱহেলা আৰু সুব্যৱস্থা নথকাৰ সত্যতা প্ৰধানমন্ত্ৰী মোডীৰ প্ৰমাণপত্ৰই লুকুৱাব নোৱাৰে ।

উল্লেখ্য যে প্ৰধানমন্ত্ৰী মোডীয়ে বৃহস্পতিবাৰে তেওঁৰ সংসদীয় সমষ্টি বাৰাণসী ভ্ৰমণৰ সময়ত উত্তৰ প্ৰদেশ চৰকাৰক ক'ভিড সংকটৰ মোকাবিলা কৰাৰ বাবে প্ৰশংসা কৰে আৰু কয় যে, চৰকাৰে যিধৰণে দ্বিতীয় ঢৌক নিয়ন্ত্ৰণ কৰিছে সেয়া অভূতপূৰ্ব । জনসংখ্যাৰ ফালৰ পৰা ৰাজ্যখন যথেষ্ট ডাঙৰ কিন্তু তাৰ পাচতো ৰাজ্য চৰকাৰে যি ধৰণে মহামাৰীৰ সৈতে মোকাবিলা কৰিছে সেয়া প্ৰশংসাৰ পাত্ৰ বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে ।

এই টুইটৰ প্ৰতিক্ৰিয়া কৰি প্ৰিয়ংকা গান্ধীয়ে কয় যে, ৰাজ্যখনৰ সাধাৰণ নাগৰিকে যথেষ্ট কষ্ট আৰু অসহায় অৱস্থাৰ সন্মুখীন হৈছিল । তেওঁ লগতে কয় যে, এই সত্য মোডী অথবা যোগীয়ে পাহৰিব পাৰে কিন্তু কৰ'ণা ভাইৰাছৰ বেদনাত ভুগি থকাসকলে পাহৰিব নোৱাৰে ।

লগতে পঢ়ক :জম্মুৰ কেইবাটাও স্থানত দেখা গৈছে সন্দেহজনক ড্ৰোন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.