ETV Bharat / bharat

কৰ’ণাৰ পৰিস্থিতি সম্পৰ্কত মোডীৰ বৈঠক

author img

By

Published : Apr 19, 2021, 7:54 PM IST

সমগ্ৰ দেশতে ক'ভিড-১৯ ৰ সংক্ৰমণ হঠাৎ বৃদ্ধি পোৱাৰ সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সোমবাৰে সন্ধিয়া ৬ বজাত মুখ্য ফাৰ্মাচী কোম্পানীসমূহৰ প্ৰতিনিধিসকলৰ সৈতে ভাৰ্চুৱেল বৈঠকত মিলিত হয় ।

ক'ভিড পৰিস্থিতি সম্পৰ্কত মোডীৰ ফাৰ্মাচীৰ প্ৰতিনিধিসকলৰ সৈতে বৈঠক

নেশ্যনেল ডেস্ক,১৯ এপ্ৰিল: দেশত পুনৰ ভয়াৱহ ৰূপ ধাৰণ কৰিছে ক'ভিড-১৯ ৰ সংক্ৰমণে । কৰ'ণাৰ গ্ৰাসত পৰিছে সমগ্ৰ দেশবাসী । সমগ্ৰ দেশতে ক'ভিড-১৯ ৰ সংক্ৰমণ হঠাৎ বৃদ্ধি পোৱাৰ সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সোমবাৰে সন্ধিয়া ৬ বজাত মুখ্য ফাৰ্মাচী কোম্পানীসমূহৰ প্ৰতিনিধিসকলৰ সৈতে ভাৰ্চুৱেল বৈঠকত মিলিত হয় । সূত্ৰ অনুসৰি, ক'ভিড পৰিস্থিতিৰ লগতে দেশত ৰেমডেচিবিৰৰ অভাৱ সম্পৰ্কে এই বৈঠকত আলোচনা কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে ।

ইফালে, শনিবাৰে মহামাৰীবিধৰ সৈতে মোকাবিলা কৰিবলৈ স্থিতি পৰ্যালোচনা কৰি এক উচ্চ পৰ্যায়ৰ বৈঠকত সভাপতিত্ব কৰে মোডীয়ে । উক্ত বৈঠকত ঔষধ, অক্সিজেন, ভেণ্টিলেটৰ আৰু টীকাকৰণ সম্পৰ্কে বিভিন্ন দিশত আলোচনা কৰে । ইয়াৰোপৰি, তেওঁ ৰেমডেচিবিৰ আৰু অন্যান্য ঔষধৰ যোগানৰ স্থিতি পৰ্যালোচনা কৰে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: দেশত অক্সিজেনৰ নাটনি ...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.