নিউজ ডেস্ক, 17 জুন : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (PM Narendra Modi)য়ে তেওঁৰ ভুল স্বীকাৰ কৰিলে আৰু বিশেষজ্ঞ দলৰ সহায় ল’লে ভাৰত পুননিৰ্মাণ আৰম্ভ হ’ব । কংগ্ৰেছ নেতা ৰাহুল গান্ধী (Rahul Gandhi)য়ে বৃহস্পতিবাৰে বিশ্ববেংকৰ দৰিদ্ৰতা সম্পৰ্কীয় এখন প্ৰতিবেদন টুইটত শ্বেয়াৰ কৰি এই কথা উল্লেখ কৰে ৷ এই প্ৰতিবেদনখনত উল্লেখ কৰা অনুসৰি ক’ভিড মহামাৰী (Covid 19)ৰ সময়ত বিশ্বব্যাপী হোৱা দৰিদ্ৰ লোকৰ হাৰত ভাৰতৰ দৰিদ্ৰ লোকৰ হাৰ আছিল 57.3 শতাংশ ।
কংগ্ৰেছ নেতাগৰাকীয়ে লগতে টুইট কয় যে, এইয়া ক’ভিড মহামাৰীৰ সময়ত চৰকাৰৰ অব্যবস্থাপনাৰ পৰিণাম । কিন্তু এতিয়া দেশৰ পুননিৰ্মাণৰ সময় ৷ দেশৰ পুননিৰ্মাণৰ কাম তেতিয়াহে আৰম্ভ হ’ব, যেতিয়া প্ৰধানমন্ত্ৰীয়ে যেতিয়া নিজৰ ভুল স্বীকাৰ কৰিব আৰু বিশেষজ্ঞ দলৰ সহায় ল’ব ৷ প্ৰধানমন্ত্ৰী (PM Narendra Modi)ক অস্বীকাৰ কৰিলে সমস্যাৰ সমাধান নহয় ৷ ৰাহুল গান্ধী (Rahul Gandhi )য়ে প্ৰতিবেদনৰ এখন গ্ৰাফ প্ৰকাশ কৰি দাবী কৰে যে, মহামাৰীৰ সময়ত বিশ্বব্যাপী হোৱা দৰিদ্ৰ লোকৰ হাৰত ভাৰতৰ অৱদান সকলোতকৈ অধিক আছিল ৷ ইয়াৰে 57.3 দৰিদ্ৰ আৰু 59.3 শতাংশ মধ্যবিত্ত শ্ৰেণীৰ ।
লগতে পঢ়ক : ভাৰত শান্তিৰ পূজাৰী যদিও অনুপ্ৰৱেশ সহ্য নকৰে: ৰাজনাথ সিং