ETV Bharat / bharat

PM Modi South Africa tour : ২২ আগষ্টত দক্ষিণ আফ্ৰিকা আৰু গ্ৰীচ অভিমুখে ৰাওনা হ'ব প্ৰধানমন্ত্ৰী মোডী

author img

By

Published : Aug 19, 2023, 1:14 PM IST

বিদেশ ভ্ৰমণৰ বাবে সাজু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । ২২ আগষ্টত প্ৰথমে দক্ষিণ আফ্ৰিকা আৰু তাৰ পাছত গ্ৰীচলৈ ৰাওনা হ'ব । তেওঁ ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰিব । দুয়োখন দেশৰ সৈতে সম্পৰ্ক অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিব ।

PM Modi South Africa tour
দক্ষিণ আফ্ৰিকা আৰু গ্ৰীচ অভিমুখে ৰাওনা হ'ব প্ৰধানমন্ত্ৰী মোডী

নেশ্যনেল ডেস্ক,১৯ আগষ্ট : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২২ আগষ্টৰ পৰা ২৪ আগষ্টলৈ দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গ ভ্ৰমণ কৰিব । দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি মতামেলা চাইৰিল ৰামফোছাৰ আমন্ত্ৰণ ৰক্ষা কৰি তেওঁ দেশখন ভ্ৰমণ কৰিব । য'ত তেওঁ পঞ্চদশ ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰিব । দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ পাছত তেওঁ গ্ৰীচ ভ্ৰমণ কৰিব । গ্ৰীচৰ প্ৰধানমন্ত্ৰী কাইৰিয়াকোছ মিটচোটাকিছক সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে । ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিযোগে এই কথা স্পষ্ট কৰিছে ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জাৰি কৰা বিজ্ঞপ্তি অনুসৰি দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোডীয়ে ব্ৰিকছ সন্মিলনৰ পাছত আন এক বিশেষ অনুষ্ঠান 'ব্ৰিকছ-আফ্ৰিকা আউটৰিচ আৰু ব্ৰিকছ প্লাছ ডায়লগ'ত অংশগ্ৰহণ কৰিব । য'ত দক্ষিণ আফ্ৰিকাৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে আমন্ত্ৰণ জনোৱা অন্যান্য ৰাষ্ট্ৰসমূহেও অংশগ্ৰহণ কৰিব । ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জোহান্সবাৰ্গত উপস্থিত কেইবাগৰাকী নেতাৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব ।

প্ৰেছ বিজ্ঞপ্তিত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে ২০১৯ চনৰ পাছত এইখন প্ৰথম ব্যক্তিগত ব্ৰিকছ সন্মিলন হ'ব । এই সন্মিলনে ব্ৰিকছ দেশসমূহৰ দ্বাৰা গ্ৰহণ কৰা পদক্ষেপসমূহৰ অগ্ৰগতি পৰ্যালোচনা কৰা আৰু ভৱিষ্যতৰ পৰিকল্পনাৰ বিষয়ে আলোচনা কৰাৰ সুযোগ প্ৰদান কৰিব ।

উল্লেখ্য যে ৫ খন দেশ ব্ৰিকছ মিত্ৰতাৰ অন্তৰ্ভুক্ত । তাৰ ভিতৰত আছে ব্ৰাজিল, ৰাছিয়া, ভাৰত, চীন আৰু দক্ষিণ আফ্ৰিকা । দক্ষিণ আফ্ৰিকাক এই বছৰৰ ১ জানুৱাৰীত ব্ৰিকছৰ অধ্যক্ষতা অৰ্পণ কৰা হৈছিল । এই সন্মিলনৰ বিষয়বস্তু হৈছে 'ব্ৰিকছ আৰু আফ্ৰিকা: পাৰস্পৰিকভাৱে ত্বৰান্বিত উন্নয়ন, বহনক্ষম উন্নয়ন আৰু সামগ্ৰিক বহুপাক্ষিকতাৰ বাবে অংশীদাৰিত্ব' ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে দক্ষিণ আফ্ৰিকাৰ পৰা প্ৰধানমন্ত্ৰী মোডীয়ে গ্ৰীচ ভ্ৰমণ কৰিব । য'ত দুয়োখন দেশৰ মাজত সম্পৰ্ক অধিক গভীৰ কৰাৰ বিভিন্ন পদক্ষেপৰ বিষয়ে আলোচনা হোৱাৰ সম্ভাৱনা আছে । তেওঁ দুয়োখন দেশৰ ব্যৱসায়িক নেতাসকলৰ সৈতেও বৈঠকত মিলিত হ'ব । গ্ৰীচত ভাৰতীয়মূলৰ লোকসকলৰ সৈতেও তেওঁ বাৰ্তালাপ কৰিব ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৪০ বছৰৰ ভিতৰত গ্ৰীচ ভ্ৰমণ কৰা প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী হ'ব । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে ভাৰত আৰু গ্ৰীচৰ মাজত গভীৰ সম্পৰ্ক আছে । শেহতীয়া বছৰবোৰত, সামুদ্ৰিক পৰিবহণ, প্ৰতিৰক্ষা, বাণিজ্য আৰু বিনিয়োগ আৰু জনসাধাৰণৰ মাজত সম্পৰ্ক দুয়োখন দেশৰ সহযোগিতাৰ জৰিয়তে অধিক শক্তিশালী হৈছে ।

লগতে পঢ়ক :Sino Indian border dispute : ব্ৰিকছ সন্মিলনত অংশগ্ৰহণৰ পূৰ্বে সম্পন্ন চীনৰ সৈতে ভাৰতৰ সামৰিক আলোচনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.