ETV Bharat / bharat

Ram Mandir Pran Pratistha: 2024 চনৰ 22 জানুৱাৰীত প্ৰাণ প্ৰতিষ্ঠা হ’ব অযোধ্যাৰ ৰাম মন্দিৰৰ

author img

By ETV Bharat Assamese Team

Published : Oct 25, 2023, 10:20 PM IST

ৰামৰ জন্মভূমি অযোধ্যাত 2024 বৰ্ষৰ 22 জানুৱাৰীত প্ৰাণ প্ৰতিষ্ঠা হ’ব ৰাম মন্দিৰৰ ৷ উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷

অযোধ্যাৰ ৰাম মন্দিৰৰ
Ram Mandir Pran Pratistha

নিউজ ডেস্ক, 25 অক্টোবৰ: 2024 বৰ্ষৰ 22 জানুৱাৰীত মুকলি হ’ব ৰাম মন্দিৰ ৷ ৰামৰ জন্মভূমি অযোধ্যাত উক্ত দিনটোত এই মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচী অনুষ্ঠিত হ’ব ৷ সেই কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ ৰাম জন্মভূমি ক্ষেত্ৰ ন্যাসৰ সাধাৰণ সম্পাদক সম্পট ৰায়, ন্যাসৰ জ্যেষ্ঠ সদস্য তথা পেজাৱাৰ মঠৰ স্বামী বিশ্বেশ প্ৰসন্ন তীৰ্থ মাধৱাচাৰ্য মহাৰাজ, ন্যাসৰ কোষাধ্যক্ষ গোবিন্দ দেৱ গিৰি মহাৰাজ আৰু ভৱন নিৰ্মাণ কমিটীৰ অধ্যক্ষ নৃপেন্দ্ৰ মিশ্ৰই দিল্লীত প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰি অযোধ্যা ভ্ৰমণলৈ নিমন্ত্ৰণ জনায় ।

  • जय सियाराम!

    आज का दिन बहुत भावनाओं से भरा हुआ है। अभी श्रीराम जन्मभूमि तीर्थ क्षेत्र ट्रस्ट के पदाधिकारी मुझसे मेरे निवास स्थान पर मिलने आए थे। उन्होंने मुझे श्रीराम मंदिर में प्राण-प्रतिष्ठा के अवसर पर अयोध्या आने के लिए निमंत्रित किया है।

    मैं खुद को बहुत धन्य महसूस कर रहा… pic.twitter.com/rc801AraIn

    — Narendra Modi (@narendramodi) October 25, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

जय सियाराम!

— Narendra Modi (@narendramodi) October 25, 2023

উল্লেখ্য যে 2020 চনৰ 5 আগষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰামৰ মন্দিৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিছিল । প্ৰায় তিনি বছৰ ছমাহৰ পাছত এতিয়া প্ৰধানমন্ত্ৰী মোদীয়ে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচীত আয়োজকৰ ভূমিকা পালন কৰিব । ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ন্যাসৰ সাধাৰণ সম্পাদক সম্পট ৰায়ে প্ৰকাশ কৰা তথ্য অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচীত মুখ্য আয়োজক হিচাপে অংশগ্ৰহণ কৰাৰ আমন্ত্ৰণ গ্ৰাহ্য কৰিছে ।

অহা 22 জানুৱাৰীত ৰামৰ অভিষেক কাৰ্যসূচী বৃহৎ পৰিসৰত আয়োজন কৰা হ’ব । এই কাৰ্যসূচীলৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা গণ্যমান্য ব্যক্তিক আমন্ত্ৰণ জনোৱা হৈছে । কিন্তু 22 জানুৱাৰীত আয়োজন কৰা এই কাৰ্যসূচীত সাধাৰণ জনতাক অন্তৰ্ভুক্ত কৰা হোৱা নাই । প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচীত ন্যাসৰ আমন্ত্ৰিত সদস্যসকলেহে অংশগ্ৰহণ কৰিব পাৰিব । নিৰাপত্তাৰ দিশৰ পৰা ইতিমধ্যে ন্যাসে সাধাৰণ ৰামভক্তসকলক 26 জানুৱাৰীৰ পিছত ৰাম মন্দিৰত দৰ্শন আৰু পূজাৰ বাবে উপস্থিত হ’বলৈ অনুৰোধ জনাইছে । ইয়াৰ পূৰ্বে নিৰাপত্তাজনিত কাৰণত অসুবিধাৰ সন্মুখীন হ’ব পাৰে ।

লগতে পঢ়ক: PM Modi on Vijaya Dashami: আনৰ ভূমিত আধিপত্য প্ৰতিষ্ঠাৰ বাবে নহয়; নিজৰ ভূমি ৰক্ষাৰ বাবেহে অস্ত্ৰ পূজা: মোদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.