ETV Bharat / bharat

Modis visit to Chhattisgarh: বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত প্ৰধানমন্ত্ৰীৰ 6000 কোটি টকীয়া উপহাৰ ছত্তীশগড়লৈ

author img

By ETV Bharat Assamese Team

Published : Sep 14, 2023, 10:45 AM IST

সমাগত ছত্তীশগড়ৰ বিধানসভা নিৰ্বাচন ৷ নিৰ্বাচনৰ দিন কাষ চাপি অহাৰ পিচতে নিৰ্বাচনী ব্যস্ততা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে শাসকীয় কেন্দ্ৰীয় চৰকাৰৰ ৷ নিৰ্বাচনী উদ্দেশ্যৰে বৃহস্পতিবাৰে ছত্তীশগড়ৰ ৰায়গড়ত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ আগবঢ়াব 6000 কোটি টকাৰ উপহাৰ ৷

Modis visit to Chhattisgarh
বৃহস্পতিবাৰে ছত্তীশগড়ত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

নেশ্যনেল ডেস্ক, 14 ছেপ্টেম্বৰ: নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ছত্তীশগড়ত বৃহস্পতিবাৰে উপস্থিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ ৰাজ্যখনত 6000 কোটি টকা উপহাৰ দিবলৈ 14 ছেপ্টেম্বৰৰ দিনা ৰাজ্যখনৰ ৰায়গড়ত উপস্থিত হৈছে প্ৰধানমন্ত্ৰীগৰাকী । ৰায়গড়ত উপস্থিত হৈ ৰে’ল প্ৰকল্পৰ সৈতে জড়িত উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে ।

9 খন জিলাত ক্ৰিটিকেল কেয়াৰ ব্লকৰ আধাৰশিলা স্থাপন কৰা হ’ব । ইয়াৰ লগতে এক লাখ ৰোগ সংক্ৰান্তীয় কাৰ্ডো বিতৰণ কৰা হ’ব বুলি জানিব পৰা গৈছে । ইয়াৰ পূৰ্বে জুলাই মাহত মোদীয়ে ছত্তীশগড়ৰ ৰায়পুৰত উপস্থিত হৈছিল । সেই সময়ছোৱাত তেওঁ ৰাজ্যখনক প্ৰায় 7600 কোটি টকাৰ প্ৰকল্প উপহাৰ দিছিল ।

দিনৰ 2.15 বজাত ৰায়গড় জিলাত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী মোদী । বায়ুসেনাৰ বিশেষ বিমানেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে জিন্দাল বিমানবন্দৰত অৱতৰণ কৰিব । তাৰ পৰা হেলিকপ্টাৰেৰে কোদাট্ৰাইত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী মোদী । ইয়াত বিভিন্ন উন্নয়নমূলক কাম-কাজ উদ্বোধন কৰাৰ পাছত তেওঁ এখন বৃহৎ ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰিব ।

প্ৰধানমন্ত্ৰীৰ আগমনৰ বাবে সাস-সলনি কৰা হৈছে যাতায়ত ব্যৱস্থাৰ ৷ ৰায়গড় আৰক্ষীয়েও প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ সন্দৰ্ভত প্ৰকাশ কৰিছে সাল-সলনিৰ বিষয়ে । কোডাট্ৰাইলৈ যোৱা পথত পুৱা 8.00 বজাৰ পৰা নিশা 8.00 বজালৈ গধুৰ যান-বাহনৰ চলাচল সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে । 53 নং ৰাষ্ট্ৰীয় ঘাইপথৰ উপৰিও খাৰচীয়াৰ পৰা ৰেংগলপালী পথ আৰু চতামুডা হৈ খাৰছিয়াৰ পৰা সৰনগড় পথেৰেও গধুৰ যান-বাহনৰ চলাচল বন্ধ কৰি দিয়া হৈছে ।

উল্লেখ কৰা প্ৰয়োজন যে, প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ পিছতে বিজেপিয়ে ছত্তীশগড় বিধানসভা নিৰ্বাচনৰ বাবে দ্বিতীয়খন তালিকা প্ৰকাশ কৰাৰ সম্ভাৱনা আছে । বুধবাৰে দিল্লীত বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ বৈঠক অনুষ্ঠিত হয় । য’ত ছত্তীশগড় আৰু মধ্যপ্ৰদেশৰ নিৰ্বাচন সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হৈ যায় ।

লগতে পঢ়ক: State Assembly polls: উদ্দেশ্য গাদী ৰক্ষা ! নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বে বিজেপিয়ে স্থিৰ কৰিলে প্ৰাৰ্থীৰ তালিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.