নেশ্যনেল ডেস্ক, ১১ জানুৱাৰী: আজি আবেলি ৪ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হ'ব । প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে টুইটযোগে প্ৰকাশ কৰিছে যে, মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীয়ে কৰ'ণাসৃষ্ট পৰিস্থিতি আৰু টীকাকৰণ প্ৰক্ৰিয়াৰ বিষয়ে আলোচনা কৰিব । ভিডিঅ' কনফাৰেন্সযোগে অনুষ্ঠিত হ'ব এই বৈঠক । ইতিমধ্যে, ড্ৰাগ কন্ট্ৰ'লাৰ জেনেৰেল অৱ ইণ্ডিয়াই ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া আৰু ভাৰত বায়'টেকে প্ৰস্তুত কৰা প্ৰতিষেধক জৰুৰী অৱস্থাত সীমিতভাৱে ব্যৱহাৰ কৰাত অনুমতি প্ৰদান কৰিছে ।
ইয়াৰ পিছতে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ভাৰতত COVID-১৯ৰ টীকাকৰণ প্ৰক্ৰিয়া অহা ১৬ জানুৱাৰীৰ পৰা আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পূৰ্বেও এই বিষয়তে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্যমন্ত্ৰীৰ সৈতে কেইবাবাৰো বৈঠকত মিলিত হৈছে । যোৱা ৯ জানুৱাৰীত অনুষ্ঠিত হোৱা উচ্চস্তৰীয় বৈঠকত প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশত COVID-১৯ৰ সংক্ৰমণৰ শেহতীয়া স্থিতি আৰু টীকাকৰণ প্ৰক্ৰিয়াৰ বাবে ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ প্ৰস্তুতি সন্দৰ্ভত আলোচনা কৰে ।
উল্লেখ্য যে, প্ৰথম পৰ্যায়ত ৩ কোটি স্বাস্থ্য কৰ্মী আৰু COVID-১৯ৰ সময়ত সেৱা আগবঢ়োৱা আগশাৰীৰ কৰ্মীৰ টীকাকৰণ সম্পন্ন কৰা হ'ব । পঞ্চাশোৰ্ধৰ প্ৰায় ২৭ কোটি ব্যক্তিৰ টীকাকৰণ সম্পন্ন কৰা হ'ব প্ৰথম পৰ্যায়ত । দেওবাৰে ভাৰতত কৰ'ণাত আক্ৰান্তৰ সংখ্যা ১,০৪,৫০,২৮৪ জন । মুঠ আক্ৰান্তৰ ভিতৰত ২,২৩,৩৩৫টা ঘটনা বৰ্তমান সক্ৰিয় হৈ আছে । আনহাতে, দেশত COVID-১৯ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা হৈছেগৈ ১,৫০,৯৯৯ জন ।