ETV Bharat / bharat

PM Modi Egypt Visit : ইজিপ্ত হৈছে কৌশলগতভাৱে গুৰুত্বপূৰ্ণ স্থান; ইজিপ্তত ভাৰতীয় ৰাষ্ট্ৰদূত অজিত গুপ্তে

author img

By

Published : Jun 24, 2023, 4:32 PM IST

দেওবাৰে মোদীয়ে আল-চিচিৰ সৈতে আলোচনাত মিলিত হ'ব । এই বৈঠকত দুয়োখন প্ৰধান দেশৰ মাজত কৌশলগত অংশীদাৰিত্ব ত্বৰান্বিত কৰাৰ উপায়ৰ বিষয়ে আলোচনা কৰিব ।

PM Modi Egypt Visit
PM Modi Egypt Visit

নিউজ ডেস্ক, ২৪ জুন : চাৰিদিনীয়া আমেৰিকা ভ্ৰমণসূচী সামৰি শনিবাৰে ইজিপ্ত অভিমুখে ৰাওনা হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । দুদিনীয়া ইজিপ্ত ভ্ৰমণত প্ৰধানমন্ত্ৰীয়ে বহুকেইটা দ্বিপাক্ষিক বিষয়ত আলোচনাত মিলিত হ'ব । আনহাতে, দেশখনত উপস্থিত হোৱাৰ পূৰ্বে ইজিপ্তত ভাৰতৰ ৰাষ্ট্ৰদূত অজিত গুপ্তেয়ে কয়, ইজিপ্তৰ সৈতে ভাৰতৰ বহুমুখী সম্পৰ্ক এই বছৰ 'কৌশলগত অংশীদাৰিত্ব'লৈ উন্নীত হৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মধ্যপ্ৰাচ্যৰ এই প্ৰতিষ্ঠিত ৰাষ্ট্ৰখনলৈ প্ৰথম ৰাষ্ট্ৰীয় ভ্ৰমণে দ্বিপাক্ষিক কৌশলগত সম্পৰ্কক অধিক গতি প্ৰদান কৰিব ।

উল্লেখ্য, ৰাষ্ট্ৰপতি আব্দেল ফাট্টাহ আল-চিচিৰ আমন্ত্ৰণক্ৰমে মোদী শনিবাৰে সন্ধিয়া ইজিপ্তৰ ৰাজধানী কাইৰোত উপস্থিত হ'ব । আনহাতে, ১৯৯৭ চনৰ পিছত ইজিপ্ত ভ্ৰমণ কৰা মোদী হৈছে প্ৰথমজন ভাৰতীয় প্ৰধানমন্ত্ৰী । "আমি ২৪ জুনৰ পৰা ২৫ জুনলৈ প্ৰধানমন্ত্ৰী মোদীৰ কাইৰো ভ্ৰমণৰ বাবে বহু আগ্ৰহেৰে অপেক্ষা কৰি আছোঁ । এই ভ্ৰমণ এক অতি ঐতিহাসিক অনুষ্ঠান । কিয়নো এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ দেশখনলৈ অন্তিমটো চৰকাৰী ৰাষ্ট্ৰীয় ভ্ৰমণ আছিল ১৯৯৭ চনত ।" তেওঁ কয় ।

উল্লেখ্য, দেওবাৰে মোদীয়ে আল-চিচিৰ সৈতে আলোচনাত মিলিত হ'ব । এই বৈঠকত দুয়োখন প্ৰধান দেশৰ মাজত কৌশলগত অংশীদাৰিত্ব ত্বৰান্বিত কৰাৰ উপায়ৰ বিষয়ে আলোচনা কৰিব । আনহাতে, প্ৰধানমন্ত্ৰী মোদীয়ে মঙলবাৰে তেওঁৰ ভ্ৰমণসূচী লৈ ৰাওনা হোৱাৰ পূৰ্বে নতুন দিল্লীত এক বিবৃতিত কয়, "মই এখন ঘনিষ্ঠ আৰু বন্ধুত্বপূৰ্ণ দেশলৈ (ইজিপ্ত) মোৰ প্ৰথম ৰাষ্ট্ৰীয় ভ্ৰমণৰ বাবে অপেক্ষা কৰি আছোঁ । কেইমাহমানৰ ভিতৰতে অনুষ্ঠিত এই দুটা ভ্ৰমণ কাৰ্যসূচীয়ে ইজিপ্তৰ সৈতে আমাৰ দ্ৰুত বিকাশশীল অংশীদাৰিত্বৰ এক আভাস প্ৰদান কৰে, যিটো ৰাষ্ট্ৰপতি চিচিৰ ভ্ৰমণৰ সময়ত এক 'কৌশলগত অংশীদাৰীত্ব'লৈ ৰূপান্তৰিত হৈছিল ।"

প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কৈছিল, "আমাৰ দুয়োখন দেশৰ সভ্যতা আৰু বহুমুখী অংশীদাৰিত্বক অধিক গতি প্ৰদান কৰাৰ বাবে মই ৰাষ্ট্ৰপতি চিচি আৰু ইজিপ্ত চৰকাৰৰ জ্যেষ্ঠ সদস্যসকলৰ সৈতে হোৱা বাৰ্তালাপৰ বাবে আশাবাদী । মই ইজিপ্তত প্ৰবাসী ভাৰতীয়সকলৰ সৈতে বাৰ্তালাপ কৰাৰ সুযোগ পাম ।" ইফালে গুপ্তেয়ে কয় যে ইজিপ্ত আৰু ভাৰতৰ মাজত ঘনিষ্ঠ প্ৰতিৰক্ষা সম্পৰ্ক আছে । "দুয়োখন দেশে বহু বছৰ ধৰি যুটীয়া অনুশীলন, প্ৰশিক্ষণ কাৰ্যসূচী আদিত অংশগ্ৰহণ কৰি আহিছে । কিন্তু যোৱা দুবছৰত আমাৰ প্ৰতিৰক্ষা সহযোগিতা অধিক শক্তিশালী হৈছে । মই জনাবলৈ পাই সুখী হৈছোঁ যে এই সময়ছোৱাত ভাৰতৰ পৰা ৩০ টা প্ৰতিৰক্ষা প্ৰতিনিধি দলে ইজিপ্ত ভ্ৰমণ কৰিছে । বিগত দুটা বছৰত ইজিপ্তৰ পৰা প্ৰায় সাতটা প্ৰতিৰক্ষা প্ৰতিনিধি দলে ভাৰত ভ্ৰমণ কৰিছে ।" তেওঁ লগতে কয় ।

গুপ্তেয়ে লগতে কয় যে প্ৰথমবাৰৰ বাবে ভাৰত আৰু ইজিপ্তৰ বায়ুসেনাৰ যুঁজাৰু বিমানেও যুটীয়া সামৰিক অনুশীলন চলাইছিল । দুয়োখন দেশৰ মাজত কৌশলগত অংশীদাৰিত্ব সন্দৰ্ভত গুপ্তেয়ে কয়, "ভাৰত আৰু ইজিপ্তৰ জনসাধাৰণৰ মাজত যথেষ্ট গভীৰ বন্ধুত্ব আছে । কিন্তু এই সম্পৰ্কটোৱে কোনো বিশেষ মৰ্যাদা লাভ কৰা নাই ।"

আনহাতে, ইজিপ্তক জি-২০ৰ বাবে অতিথি দেশ হিচাপে আমন্ত্ৰণ জনোৱা সন্দৰ্ভত গুপ্তেয়ে কয়, "আমি নখন অতিথি দেশক আমন্ত্ৰণ জনাইছোঁ আৰু ইজিপ্ত তেওঁলোকৰ ভিতৰত অন্যতম । ইজিপ্ত হৈছে আটাইতকৈ জনবহুল আৰব দেশ আৰু কৌশলগতভাৱে এক গুৰুত্বপূৰ্ণ স্থানত অৱস্থিত ।" তেওঁ কয় । আৰব বিশ্বত ইজিপ্তৰ প্ৰভাৱ বহুত । সেয়ে ইজিপ্ত এক অতি গুৰুত্বপূৰ্ণ আঞ্চলিক ক্ষেত্ৰ আৰু ই উন্নয়নশীল দেশসমূহৰ আশা-আকাংক্ষাক প্ৰতিফলিত কৰে । জি-২০ত ইজিপ্তৰ অংশগ্ৰহণ অতি উপযোগী প্ৰমাণিত হ'ব বুলিও তেওঁ কয় ।

উল্লেখ্য, কাইৰোত থকা সময়ছোৱাত প্ৰধানমন্ত্ৰীয়ে প্ৰথম বিশ্বযুদ্ধৰ সময়ত ইজিপ্ত আৰু পেলেষ্টাইনত সেৱা আগবঢ়োৱা আৰু মৃত্যুবৰণ কৰা প্ৰায় ৩,৭৯৯ জন ভাৰতীয় সৈনিকৰ স্মৃতিত নিৰ্মিত এক পৱিত্ৰ স্থান আৰু স্মাৰক হেলিঅ'পলিছ কমনৱেলথ ৱাৰ গ্ৰেভ কবৰস্থান পৰিদৰ্শন কৰিব । মোদীয়ে একাদশ শতিকাৰ আল-হাকিম মছজিদো পৰিদৰ্শন কৰিব, যাক ডাউদী বোহৰা সম্প্ৰদায়ৰ সহায়ত পুনৰুদ্ধাৰ কৰা হৈছিল । মছজিদটো ফাতিম ৰাজবংশৰ শাসনকালত নিৰ্মাণ কৰা হৈছিল । ভাৰতৰ বোহৰা সম্প্ৰদায় প্ৰকৃততে ফাতিম ৰাজবংশৰ পৰা উদ্ভৱ হৈছিল আৰু তেওঁলোকে ১৯৭০-ৰ দশকৰ পৰা মছজিদটো পুনৰ নিৰ্মাণ কৰিছিল । মোদীয়ে এই ভ্ৰমণকালত ভাৰতীয় সম্প্ৰদায়কো সাক্ষাৎ কৰিব ।

লগতে পঢ়ক :PM Modi leaves for Egypt : PM Modi leaves for Egypt : আমেৰিকাৰ পৰা ইজিপ্তলৈ ৰাওনা প্ৰধানমন্ত্ৰী মোডী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.