ETV Bharat / bharat

আমেৰিকাৰ বিশ্ব হিন্দু পৰিষদৰ হিন্দু ঐতিহ্য মাহৰ সামৰণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা - আমেৰিকাৰ বিশ্ব হিন্দু পৰিষদৰ হিন্দু ঐতিহ্য মাহ সমাৰোহৰ সামৰণি

আমেৰিকাৰ বিশ্ব হিন্দু পৰিষদৰ হিন্দু ঐতিহ্য মাহৰ সফল সামৰণিৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী মোডীয়ে ৷ এই সমাৰোহৰ জৰিয়তে ভাৰতীয় সম্প্ৰদায়ৰ সদস্যসকলক নিজৰ মাতৃভূমিৰে সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাত সহায় হ’ব বুলি মন্তব্য প্ৰধানমন্ত্ৰীৰ ৷

HINDU COUNCIL
আমেৰিকাৰ বিশ্ব হিন্দু পৰিষদৰ হিন্দু ঐতিহ্য মাহ সমাৰোহৰ সামৰণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
author img

By

Published : Nov 1, 2021, 9:40 AM IST

নেশ্যনেল ডেস্ক, 1 নৱেম্বৰ : আমেৰিকাৰ বিশ্ব হিন্দু পৰিষদৰ হিন্দু ঐতিহ্য মাহ সমাৰোহ সম্পন্ন হোৱাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ বিশ্ব হিন্দু পৰিষদ আমেৰিকা আৰু কানাডাৰ প্ৰায় 100 টা সংগঠনৰ একত্ৰিত মঞ্চ য’ত হিন্দু ঐতিহ্য মাহৰ সমাপন সমাৰোহ উদযাপন কৰা হৈছে ৷

প্ৰধানমন্ত্ৰীয়ে পৰিষদলৈ লিখা চিঠিত উল্লেখ কৰিছে যে, এই সমাৰোহৰ জৰিয়তে ভাৰতীয় সম্প্ৰদায়ৰ সদস্যসকলে নিজৰ মাতৃভূমিৰে সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাত সহায় হ’ব ৷ তেওঁ লগতে লিখে, ‘আমাৰ সমৃদ্ধ সংস্কৃতি আৰু ঐতিহ্যৰ সাৰ্বজনীনতাই সময়ৰ বাহিৰেও আমাক আকৰ্ষিত কৰে, যাৰ মূল হৈছে সকলো ধৰণৰ জীৱৰ কল্যাণ আৰু যত্ন । ইয়াৰ অন্তৰ্নিহিত বাৰ্তাই মানৱতাক দৈনন্দিন প্ৰত্যাহ্বানসমূহৰ সমাধানৰ পথ দেখুৱায় ৷’

প্ৰধানমন্ত্ৰী মোডীয়ে পত্ৰখনত লগতে উল্লেখ কৰিছে যে, ‘ভাৰতীয় সম্প্ৰদায়ৰ লোকসকল ভাৰতীয় সংস্কৃতি, পৰম্পৰা আৰু মূল্যবোধৰ দূত ৷ এনেধৰণৰ উৎসৱে ‘ভাৰতীয়তা’ আৰু ‘সনাতন’ বিচাৰসমূহ আৰু মূল্যবোধৰে সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাত সহায়ক হ’ব ৷’

হিন্দু ঐতিহ্য মাহ সমাৰোহৰ সফলতাপূৰ্বক সমাপ্তি কামনা কৰি প্ৰধানমন্ত্ৰীয়ে কয়, তেওঁ বিশ্বাস কৰে যে ৰাইজে এই সুযোগটো চিহ্নিত কৰিবলৈ আয়োজিত বিভিন্ন সাংস্কৃতিক কাৰ্যক্ৰম, ৱেবিনাৰ, ৱাকাথন আৰু কেইবাদিনীয়া সন্মিলনত সম্পূৰ্ণ অন্তৰেৰে আৰু উৎসাহেৰে অংশগ্ৰহণ কৰিব ৷

লগতে পঢ়ক : ভাৰতৰ স্বাধীনতা সংগ্ৰাম আৰু জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ সম্পৰ্ক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.