ETV Bharat / bharat

Tokyo Paralympic : ভাৰতীয় খেলুৱৈৰ সৈতে বাৰ্তালাপ কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে - ৯ বিধ ক্ৰীড়া

টকিঅ'(Tokyo)ত অনুষ্ঠিত হ'বলগীয়া পেৰা অলিম্পিক(Paralympic)ত অংশ ল'বলগীয়া ভাৰতীয় খেলুৱৈৰ সৈতে বাৰ্তালাপ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Prime Minister Narendra Modi)য়ে । ৯ বিধ ক্ৰীড়াৰ বিভিন্ন শাখাত অংশগ্ৰহণ কৰিব ৫৪ গৰাকী ভাৰতীয় খেলুৱৈয়ে । ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ সাজু হোৱা এই খেলুৱৈসকলৰ সৈতে মঙলবাৰে প্ৰধানমন্ত্ৰীয়ে মত বিনিময় কৰিব ।

PM Modi will interact with the Indian para athlete contingent
পেৰা অলিম্পিকত অংশ ল'বলগীয়া ভাৰতীয় খেলুৱৈৰ সৈতে বাৰ্তালাপ কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে
author img

By

Published : Aug 17, 2021, 10:33 AM IST

নেশ্যনেল ডেস্ক, ১৭ আগষ্ট: ২৪ আগষ্টৰ পৰা আৰম্ভ হ'ব ২০২০ বৰ্ষৰ টকিঅ' পেৰা অলিম্পিক গেমছ(Tokyo 2020 Paralympic Games)। ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰালয়ে(Ministry of Youth Affairs and Sports) প্ৰকাশ কৰা তথ্য অনুসৰি, ভাৰতৰ ৫৪ গৰাকী খেলুৱৈয়ে পেৰা অলিম্পিক গেমছত অংশগ্ৰহণ কৰিব । এই খেলুৱৈসকলক উৎসাহিত কৰাৰ বাবে মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Prime Minister Narendra Modi)য়ে তেওঁলোকৰ সৈতে মত বিনিময় কৰিব । ইতিমধ্যে টুইটযোগে প্ৰধানমন্ত্ৰী মোডীয়ে এই কথা জানিবলৈ দিছে ।

  • I look forward to interacting with India’s contingent at the #Paralympics tomorrow, 17th August at 11 AM. These are remarkable players who have shown outstanding skill and tenacity. I would urge sports lovers to watch the programme tomorrow.

    — Narendra Modi (@narendramodi) August 16, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

১৭ আগষ্টৰ পুৱা ১১ বজাত ভাৰতীয় দলটোৰ সৈতে বাৰ্তালাপ কৰিব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে টুইটত উল্লেখ কৰে । লগতে তেওঁ খেলুৱৈসকলৰ দক্ষতাৰ কথা উল্লেখ কৰি তেওঁলোকৰ প্ৰশংসা কৰে । ক্ৰীড়াপ্ৰেমীসকলক এই অনুষ্ঠানটি উপভোগ কৰিবলৈ টুইটযোগে আহ্বান জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । মুঠ ৯ বিধ ক্ৰীড়াৰ বিভিন্ন শাখাত অংশগ্ৰহণ কৰিব ভাৰতৰ ৫৪ গৰাকী খেলুৱৈয়ে ।

ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰালয়ে জনোৱা মতে, এতিয়ালৈকে পেৰা অলিম্পিকত অংশ লোৱা ভাৰতীয় খেলুৱৈৰ দলৰ ভিতৰত এয়াই আটাইতকৈ ডাঙৰ দল ।

মঙলবাৰে প্ৰধানমন্ত্ৰীৰ সৈতে খেলুৱৈসকলে মত বিনিময় কৰাৰ সময়ত কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰ উপস্থিত থাকিব । ২৪ আগষ্টৰ পৰা আৰম্ভ হ'বলগীয়া পেৰা অলিম্পিক গেমছত ২৭ আগষ্টত পুৰুষ আৰু মহিলাৰ আৰ্চাৰীৰ সৈতে ভাৰতে খেলৰ আৰম্ভণি কৰিব । উল্লেখ্য যে, টকিঅ' অলিম্পিকত ভাৰতে মুঠ ৭টা পদক দখল কৰিবলৈ সক্ষম হৈছিল ।

লগতে পঢ়ক: বিশ্ব যুৱ আৰ্চাৰী প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদকেৰে জিলিকিছে বিশাল চাংমাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.