নেশ্যনেল ডেস্ক, 22 ছেপ্তেম্বৰ : বুধবাৰে পুৱাই তিনিদিনীয়া ভ্ৰমণসূচীৰে আমেৰিকালৈ ৰাওনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ ভ্ৰমণকালত প্ৰধানমন্ত্ৰীক সংগ দিব বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ, ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা (NSS) অজিত ডোভালৰ লগতে এটি উচ্চস্তৰীয় প্ৰতিনিধিৰ দল ৷ বৈদেশিক সচিব হৰ্ষবৰ্ধন শৃংলাই মঙলবাৰে এক সংবাদমেলযোগে প্ৰধানমন্ত্ৰী এই ভ্ৰমণৰ কথা জানিবলৈ দিছিল ৷
বৈদেশিক সচিব শৃংলাই সংবাদমেলত কৈছিল, তিনিদিনীয়া এই ভ্ৰমণ কাৰ্যসূচীত প্ৰধানমন্ত্ৰী মোডীয়ে মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনৰ সৈতে দ্বি-পাক্ষিক বিষয়সমূহৰ ওপৰত আলোচনা কৰিব ৷ ইয়াৰ লগতে প্ৰধানমন্ত্ৰীয়ে ‘কেৱাড’ৰ নেতাসকলৰ সৈতেও বৈঠকত মিলিত হ’ব ৷ লগতে প্ৰধানমন্ত্ৰী মোডীয়ে ‘ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভা’(UNGA)ৰ বৈঠক সম্বোধন কৰিব ৷
ভ্ৰমণৰ প্ৰথমটো দিনতে প্ৰধানমন্ত্ৰীয়ে জ’ বাইডেনৰ দ্বাৰা আয়োজিত ক’ভিড-19 বৈশ্বিক শিখৰ সন্মিলনত ভাগ ল’ব ৷ 24 ছেপ্তেম্বৰত প্ৰধানমন্ত্ৰীয়ে মাৰ্কিন ৰাষ্ট্ৰপতিৰ সৈতে দ্বি-পাক্ষিক বৈঠকত ভাৰত-আমেৰিকাৰ সম্পৰ্কৰ সন্দৰ্ভত পৰ্যালোচনা কৰিব ৷ এই বৈঠকত দুয়ো দেশৰ মাজত গ্ল’বেল পাৰ্টনাৰশ্বিপক আগুৱাই নিয়া, ব্যৱসায়, সুৰক্ষা আৰু প্ৰতিৰক্ষাৰ দিশটো মজবুত কৰা সন্দৰ্ভত আলোচনা কৰিব বুলি আশা কৰা হৈছে ৷
লগতে পঢ়ক : নিষিদ্ধ হোৱাৰ দিশে অনলাইন গেম
25 ছেপ্তেম্বৰত প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাক সম্বোধন কৰিব ৷ এই সময়ত প্ৰধানমন্ত্ৰীয়ে সীমাত সন্ত্ৰাসবাদী কাৰ্যকলাপ, ক’ভিড 19, জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰিবলৈ বৈশ্বিক প্ৰয়াস, বহুপাক্ষিক প্ৰতিষ্ঠানত সংস্কাৰৰ প্ৰয়োজন আদি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোকপাত কৰিব ৷
ভাৰতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদ লাভৰ বাবে প্ৰয়াস কৰা সন্দৰ্ভত বৈদেশিক সচিব হৰ্ষবৰ্ধন শৃংলাই কয়, প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাক সম্বোধন কৰা সময়তেই ৰাষ্ট্ৰসংঘত কেনেধৰণৰ সালসলনি কৰিব পাৰি এই কথাৰ অৱতাৰণা কৰাৰ সম্ভাৱনা আছে ৷ লগতে এই সন্মিলনত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বিষয়ৰ ওপৰত আলোচনা হোৱাৰ সম্ভাৱনা আছে বুলি কয় হৰ্ষবৰ্ধন শৃংলাই ৷
ইয়াৰ উপৰিও এই ভ্ৰমণকালত ভাৰতত বিনিয়োগক উৎসাহিত কৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী মোডীয়ে কেইবাটাও মাৰ্কিন কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়াৰ সৈতে বৈঠকত মিলিত হ’ব ৷
লগতে পঢ়ক : উৰিত সেনাৰ অভিযান অব্যাহত