ETV Bharat / bharat

জি-২০ৰ সন্মিলনৰ বাবে ৰোমলৈ ৰাওনা হ'ব প্ৰধানমন্ত্ৰী মোডী

author img

By

Published : Oct 23, 2021, 6:03 PM IST

চলিত মাহৰ শেষৰফালে জি-২০(G-20)ৰ সন্মিলনৰ বাবে ইটালীৰ ৰোমলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Narendra Modi) । ইয়াৰ পাচত ৩১ অক্টোবৰত ইংলেণ্ডৰ গ্লাছগোত জলবায়ু পৰিৱৰ্তন সন্দৰ্ভত উচ্চ পৰ্যায়ৰ বৈঠকত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে ।

Prime minister Narendra modi
জি ২০ৰ সন্মিলনৰ বাবে ৰোমলৈ ৰাওনা হ'ব প্ৰধানমন্ত্ৰী মোডী

নেশ্যনেল ডেস্ক, ২৩ অক্টোবৰ: বৰ্তমান ক'ভিড-১৯ৰ সংক্ৰমণ তুলনামূলক ভাৱে হ্ৰাস পাইছে । সেয়ে, সকলো কাৰ্যকলাপ পুনৰ স্বাভাৱিক হৈ পৰিছে । মহামাৰীসৃষ্ট পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহাৰ পাচতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিদেশ ভ্ৰমণো আৰম্ভ হৈছে । চলিত মাহৰ শেষৰফালে প্ৰধানমন্ত্ৰী মোডীয়ে জি-২০ সন্মিলন আৰু জলবায়ু পৰিৱৰ্তন সন্দৰ্ভত আয়োজিত বৈঠকতো অংশগ্ৰহণ কৰাৰ কথা আছে ।

জানিব পৰা মতে, ৩০ আৰু ৩১ অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া জি-২০ সন্মিলনত অংশ লোৱাৰ বাবে প্ৰধানমন্ত্ৰী মোডী ২৯ অক্টোবৰত ইটালীৰ ৰোমত উপস্থিত হ'ব । ইয়াৰ পাচত ৩১ অক্টোবৰৰ সন্ধিয়া প্ৰধানমন্ত্ৰীগৰাকী ইংলেণ্ডৰ গ্লাছগোত উপস্থিত হ'ব আৰু চিঅ'পি২৬(COP26) বৈঠকত অংশ ল'ব । জি-২০ সন্মিলনত পুনৰ একেলগে দেখা পোৱা যাব আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বিডেন আৰু প্ৰধানমন্ত্ৰী মোডীক । কেৱল এয়াই নহয়, যোৱা মাহত ৱাশ্বিংটনত কোৱাড(QUAD) নেতাসকলৰ সন্মিলনৰ এমাহৰ পিছত পুনৰ ভাৰত, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু অষ্ট্ৰেলিয়াৰ নেতাক একেলগে দেখা পোৱা যাব ।

জাপানৰ নতুন প্ৰধানমন্ত্ৰী ফুমিও কিছিদা নিৰ্বাচনৰ বাবে সন্মিলনত উপস্থিত থাকিব নোৱাৰিব । আনহাতে, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙেও বেইজিংৰ পৰা ভিডিঅ' কনফানৰেন্সিঙৰ জৰিয়তে এই সন্মিলনত অংশগ্ৰহণ কৰিব ।

প্ৰধানমন্ত্ৰী মোডী আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ' বিডেনেও গুৰুত্বপূৰ্ণ সন্মিলনৰ বাবে ৰোমলৈ যাব । ইটালীত অনুষ্ঠিত হ'বলগীয়া জি-২০ সন্মিলনৰ বিষয়বস্তু মানুহ, গ্ৰহ আৰু সমৃদ্ধিৰে সম্পৰ্কিত । কৰ'ণা মহামাৰীয়ে কোঙা কৰা বিশ্ব অৰ্থনীতি পুনৰুদ্ধাৰ কৰাৰ বাবে কাৰ্যকৰী উপায়ৰ বিষয়েও এই সন্মিলনত আলোচনা কৰিব ৰাষ্ট্ৰনেতাসকলে ।

লগতে পঢ়ক:দেশৰ সাতটা ক’ভিড ভেকচিন প্ৰস্তুতকাৰী প্ৰতিষ্ঠানৰে বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.