ETV Bharat / bharat

১১-১২ মাৰ্চত গুজৰাট ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে - BJP state president CR Patil

পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতেই ১১ আৰু ১২ মাৰ্চত গুজৰাট ভ্ৰমণৰ কথা সদৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ । বিশাল ৰোড শ্ব'ত অংশগ্ৰহণ কৰি খেল মহাকুম্ভ(Khel Mahakumbha) মুকলি কৰাৰ কথা ঘোষণা কৰিব প্ৰধান মন্ত্ৰীগৰাকীয়ে । আৰু কি কি অনুস্তানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে ? জানিবলৈ পঢ়ক এই প্ৰতিবেদন ।

pm-modi-to-visit-gujarat-on-march-11-12-to-participate-in-several-programs
১১-১২ মাৰ্চত গুজৰাট ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
author img

By

Published : Mar 10, 2022, 9:58 PM IST

নেশ্যনেল ডেস্ক,১০ মাৰ্চ: পাচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতেই প্ৰধামন্ত্ৰী মোদীৰ ভ্ৰমণসূচী সদৰি কৰিছে । ১১ আৰু ১২ মাৰ্চত গুজৰাটলৈ যাব প্ৰধানমন্ত্ৰীগৰাকী । প্ৰধানমন্ত্ৰীগৰাকীক আদৰিবলৈ ব্যাপক প্ৰস্তুতি চলাইছে গুজৰাট BJP য়ে । গুজৰাট BJP ৰ ৰাজ্যিক সভাপতি CR পাটিলে (BJP state president CR Patil)জনাই যে আহমেদাবাদ বিমান বন্দৰৰ পৰা প্ৰধানমন্ত্ৰীগৰাকীক আদৰিবলৈ সাজু কৰা হৈছে এক বিশাল ৰেলী । য'ত ৪ লাখৰো অধিক লোকৰ উপস্থিতিৰ আশা কৰা হৈছে ।

প্ৰধানমন্ত্ৰীগৰাকীক শুভেচ্ছা জনাবলৈ বিভিন্ন সংগঠন, গোট, আৱাসী, আৰু শুভাকাক্ষী তথা কৰ্মীসকল ৰোড শ্ব'ত উপস্থিত থাকিব । ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীগৰাকীয়ে ১১ মাৰ্চৰ সন্ধিয়া গুজৰাট পঞ্চায় মহাসন্মিলনত অংশগ্ৰহণ কৰি জনতাক সম্বোধন কৰিব । অনুষ্ঠানটোতে ১১সংখ্যক "খেল মহাকুম্ভ" মুকলি কৰাৰ কথা ঘোষণা কৰিব ।

"গুজৰাট পঞ্চায়ত মহাসন্মিলনঃ আপনু গাম আপনু গৌৰৱ" কাৰ্যসূচী ১১ মাৰ্চৰ সন্ধিয়া আহমেদাবাদৰ GMDC গ্ৰাউণ্ডত অনুস্থিত হ'ব । য'ত তালুকা পঞ্চায়ত, জিলা পঞ্চায়ত, নগৰ পালিকা আৰু মহানগৰ পালিকাৰ কাৰ্যবাহী বিষয়াসকলক নিয়োগ কৰা হ'ব । পাটিলে প্ৰকাশ কৰা তথ্য অনুসৰি গুজৰাট ভ্ৰমণৰ দ্বিতীয় দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহমেদাবাদ চৰ্দাৰ পেটে ষ্টেডিয়ামত(Sardar Patel Stadium in Ahmedabad) একাদশ খেল মহাকুম্ভৰ মুখ্য উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিব ।

'খেল মহাকুম্ভ' কি(What is Khel Mahakumbha) ?

২০১০ চনত মুখ্যমন্ত্ৰী পদত থকাৰ সময়তে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত গুজৰাটত আৰম্ভ কৰা হৈছিল 'খেল মহাকুম্ভ' । য'ত ১৬ টা বিভাগৰ খেলত আৰু ১৩ লাখ লোকে অংশগ্ৰহণ কৰিছিল । বৰ্তমান খেল মহাকুম্ভই ৩৬ টা সাধাৰণ খেল আৰু ২৬ টা পেৰা খেল সামৰি লৈছে ।

প্ৰায় ৪৫ লাখ খেলুৱৈয়ে নামভৰ্তি কৰিছে 'খেল মহাকুম্ভ'ত (Khel Mahakumbh has 45 lakh players enrolled)

মন কৰিবলগীয়া যে এতিয়ালৈকে ৪৫ লাখ খেলুৱৈয়ে ১১ সংখ্যক 'খেল মহাকুম্ভ'ৰ বাবে নাম ভৰ্তি কৰিছে আৰু কাৰ্যসূচীত প্ৰায় ৫০০ টা স্থানত একেলগে অনুষ্ঠিত হ'ব । আহমেদাবাদৰ চৰ্দাৰ পেটেল ষ্টেডিয়ামত 'খেল মহাকুম্ভ'ৰ মূল অনুষ্ঠানত ১১০০ ৰো অধিক বিশিষ্ট প্ৰদৰ্শকে লাইভ প্ৰদৰ্শন কৰিব । একাধিক ক্ৰীড়াৰ বিভিন্ন খেলুৱৈয়েও অনুষ্ঠানটোত উপস্থিত থাকিব ।

কোনো বয়সৰ বাধা নোহোৱাকৈ, 'খেল মহাকুম্ভে' ৰাজ্যজুৰি বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰা লোকসকলৰ অংশগ্ৰহণৰ সাক্ষী হয় যিসকলে এমাহৰ ভিতৰত বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰে । ই-কাবাডী, খো-খো, টাগ অফ ৱাৰ, যোগাসন, মললাখাম্ভ আৰু আধুনিক ক্ৰীড়া যেনে শৈল্পিক স্কেটিং, টেনিছ আৰু ফেন্সিংৰ দৰে পৰম্পৰাগত ক্ৰীড়াৰ এক অনন্য সঙ্গম ঘটিব এইবাৰৰ 'খেল মহাকুম্ভ'ত ।

লগতে পঢ়ক: তেওঁলোকে মোক সন্ত্ৰাসবাদী বুলি কৈছিল, কিন্তু মই এজন প্ৰকৃত দেশভক্ত: অৰবিন্দ কেজৰিৱাল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.