ETV Bharat / bharat

দেওবাৰে 11 বজাত প্ৰচাৰ হ’ব প্ৰধানমন্ত্ৰী মোডীৰ মন কী বাত - ডিডি নিউজ

দেওবাৰে দিনৰ 11 বজাত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ মাহেকীয়া ৰেডিঅ' অনুষ্ঠান মন কী বাতৰ জৰিয়তে প্ৰধানমন্ত্ৰী গৰাকীয়ে দেশবাসীক সম্বোধন কৰিব ৷ দেওবাৰে প্ৰচাৰ হ'ব মন কি বাতৰ 71 তম খণ্ড ৷

দেওবাৰে 11 বজাত মোডীৰ মন কি বাত
দেওবাৰে 11 বজাত মোডীৰ মন কি বাত
author img

By

Published : Nov 29, 2020, 8:05 AM IST

Updated : Nov 29, 2020, 10:55 AM IST

নেশ্যনেল ডেস্ক 29 নৱেম্বৰ: মাহেকীয়া ৰেডিঅ' অনুষ্ঠান মন কী বাতত পুনৰ নিজৰ চিন্তা-ধাৰা প্ৰকাশ কৰাৰ বাবে সাজু প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ টুইটাৰৰ জৰিয়তে দেওবাৰে দিনৰ 11 বজাত নিজৰ মাহেকীয়া ৰেডিঅ' অনুষ্ঠান মন কী বাতত উপস্থিত থকাৰ কথা প্ৰধানমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে ৷ শনিবাৰে নিশা টুইটাৰৰ জৰিয়তে প্ৰধানমন্ত্ৰী গৰাকীয়ে সকলোকে দেওবাৰৰ তেওঁৰ অনুষ্ঠানৰ বাবে অপেক্ষা কৰিবলৈ আহ্বান জনায় ৷

দেওবাৰৰ এই অনুষ্ঠান মাহেকীয়া ৰেডিঅ' অনুষ্ঠানটোৰ 71 তম খণ্ড হ'ব ৷ অল ইণ্ডিয়া ৰেডিঅ'ৰ লগতে দূৰদৰ্শনত এই অনুষ্ঠান সম্প্ৰচাৰ কৰা হ'ব ৷ অল ইণ্ডিয়া ৰেডিঅ', ডিডি নিউজ, পিএমঅ' আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ ইউটিউব চেনেল সমূহতো এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ হ'ব ৷

প্ৰতি মাহৰে শেষৰটো দেওবাৰত প্ৰধানমন্ত্ৰীৰ ৰেডিঅ' অনুষ্ঠান মন কী বাতৰ সম্প্ৰচাৰ কৰা হয় , য'ত প্ৰধানমন্ত্ৰী গৰাকীয়ে সাম্প্ৰতিক বিষয় সমূহৰ বিষয়ে আলোচনা কৰে ৷ ইয়াৰ পূৰ্বৰ খণ্ডত প্ৰধানমন্ত্ৰী গৰাকীয়ে বিভিন্ন বিষয়ৰ ওপৰত আলোকপাত কৰাৰ লগতে দেশৰ নাগৰিক সকলৰ মাজত ভাতৃত্ববোধ আৰু সাম্প্ৰদায়িক সম্প্ৰীতি বজাই ৰখাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে ৷

লগতে পঢ়ক:নক্সালবাদীৰ আইইডি আক্ৰমণত আহত পাঁচগৰাকী চিআৰপিএফ জোৱান

Last Updated : Nov 29, 2020, 10:55 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.