ETV Bharat / bharat

Vibrant Gujarat Summit: ভাইব্ৰেণ্ট গুজৰাট সন্মিলনৰ ২০ বছৰ পূৰ্তি; প্ৰধানমন্ত্ৰীৰ অংশ গ্ৰহণ - Gujarat CM Bhupendrabhai Patel

ভাইব্ৰেণ্ট গুজৰাটৰ এক্স অফিচিয়েল টুইটাৰ হেণ্ডেলে পোষ্ট কৰিছে, "২০০৩ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (গুজৰাটৰ তদানীন্তন মুখ্যমন্ত্ৰী) ৰাজ্যখনৰ সামগ্ৰিক আৰু সৰ্বাংগীণ উন্নয়ন লাভ কৰাৰ লক্ষ্যৰে ভাইব্ৰেণ্ট গুজৰাট আৰম্ভ কৰিছিল । বিগত ২০ বছৰত ভাইব্ৰেণ্ট গুজৰাট গ্লোবেল ছামিট কেৱল ভাৰতৰে নহয়, সমগ্ৰ বিশ্বৰ বিনিয়োগকাৰীসকলৰ বাবে সৰ্বাধিক পছন্দ হৈ পৰিছে ।"

Vibrant Gujarat Summit
Vibrant Gujarat Summit
author img

By ANI

Published : Sep 27, 2023, 1:21 PM IST

নিউজ ডেস্ক, ২৭ ছেপ্টেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে ভাইব্ৰেণ্ট গুজৰাট সন্মিলনৰ ২০ বছৰ উপলক্ষে আয়োজিত অনুষ্ঠানত যোগদান কৰিব । এক এক্স বাৰ্তাত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "ব্যৱসায়, উদ্ভাৱন আৰু বিকাশ চিহ্নিত কৰা দুটা দশক ! পুৱা ১০ বজাত ভাইব্ৰেণ্ট গুজৰাট সন্মিলনৰ ২০ বছৰ উপলক্ষে আয়োজিত কাৰ্যসূচীত যোগদান কৰিম । যিটো হৈছে অৰ্থনৈতিক বিকাশৰ প্ৰতি গুজৰাটৰ অটল প্ৰতিশ্ৰুতিৰ এক প্ৰমাণ । বিগত বছৰবোৰত সন্মিলনবোৰে বিভিন্ন খণ্ডৰ মুখ্য অংশীদাৰসকলক একত্ৰিত কৰিছে, বিকাশক ত্বৰান্বিত কৰিছে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণভাৱে গুজৰাটৰ বহু যুৱক-যুৱতীৰ বাবে সুযোগ সৃষ্টি কৰিছে ।"

আনহাতে, ভাইব্ৰেণ্ট গুজৰাটৰ এক্স অফিচিয়েল টুইটাৰ হেণ্ডেলে পোষ্ট কৰিছে, "২০০৩ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (গুজৰাটৰ তদানীন্তন মুখ্যমন্ত্ৰী) ৰাজ্যখনৰ সামগ্ৰিক আৰু সৰ্বাংগীণ উন্নয়ন লাভ কৰাৰ লক্ষ্যৰে ভাইব্ৰেণ্ট গুজৰাট আৰম্ভ কৰিছিল । বিগত ২০ বছৰত ভাইব্ৰেণ্ট গুজৰাট গ্লোবেল ছামিট কেৱল ভাৰতৰে নহয়, সমগ্ৰ বিশ্বৰ বিনিয়োগকাৰীসকলৰ বাবে সৰ্বাধিক পছন্দ হৈ পৰিছে ।"

"আজি মুখ্যমন্ত্ৰী ভূপেন্দ্ৰভাই পেটেলৰ নিৰন্তৰ প্ৰচেষ্টাৰ দ্বাৰা গুজৰাটক ইয়াৰ ব্যৱসায়-অনুকূল নীতি, শক্তিশালী ঔদ্যোগিক আধাৰ আৰু বিনিয়োগ-অনুকূল পৰিৱেশৰ বাবে ভাৰতৰ অন্যতম উজ্জীৱিত ৰাজ্য হিচাপে স্বীকৃতি দিয়া হৈছে ।" ভাইব্ৰেণ্ট গুজৰাটে এক্স পোষ্টত লিখিছে ।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে গুজৰাটৰ চোটা উদেপুৰত ২২ খন জিলাৰ গাঁৱৰ ৱাই-ফাই সুবিধাকে ধৰি ৫,২০৬ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পও উদ্বোধন কৰিব ৷

উল্লেখ্য যে, গুজৰাট চৰকাৰে সোমবাৰে এক বিবৃতিযোগে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে ২৭ ছেপ্টেম্বৰত গুজৰাট ভ্ৰমণ কৰিব আৰু মিছন স্কুল অব এক্সেলেন্সৰ অধীনত ৪,৫০৫ কোটি টকাৰ প্ৰকল্প উদ্বোধন কৰিব । "তেওঁৰ ভ্ৰমণকালত তেওঁ চোটা উদেপুৰ জিলাত ৫,২০৬ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু উৎসৰ্গা কৰিব । মিছন স্কুলছ অব এক্সেলেন্স প্ৰকল্পৰ অধীনত প্ৰধানমন্ত্ৰীয়ে ৪,৫০৫ কোটি টকাৰ উন্নয়নমূলক কাম উদ্বোধন আৰু উৎসৰ্গা কৰিব ।" বিবৃতিটোত কোৱা হৈছে ।

আনহাতে, দাহোদত ২৩ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এখন নতুন নৱোদয় বিদ্যালয় আৰু ১০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এফএম ৰেডিঅ' ষ্টুডিঅ'ও উদ্বোধন কৰা হ'ব । প্ৰধানমন্ত্ৰী মোদীয়ে ২২ খন জিলাৰ ৭,৫০০ খন গাঁৱত ২০ লাখ হিতাধিকাৰীক লাভান্বিত কৰিব পৰা গাঁও ৱাই-ফাইৰ সুবিধাও উদ্বোধন কৰিব ।

"পথ আৰু ভৱন বিভাগৰ অধীনত ২৭৭ কোটি টকা, নগৰ উন্নয়ন বিভাগৰ অধীনত ২৫১ কোটি টকা আৰু পানী যোগান বিভাগৰ অধীনত ৮০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পও উদ্বোধন আৰু উৎসৰ্গা কৰা হ'ব ।" বিবৃতিটোত লগতে কোৱা হৈছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.