ETV Bharat / bharat

কৃতী শিক্ষকসকলৰ সৈতে ভাব-বিনিময়ত অংশ লব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

author img

By

Published : Sep 5, 2022, 11:21 AM IST

সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শিক্ষক দিৱস উপলক্ষে ৰাষ্ট্ৰীয় শিক্ষক বঁটা-২০২২ কৃতী শিক্ষকসকললৈ প্ৰদান কৰাৰ লগতে কৃতী শিক্ষকসকলৰ সৈতে ভাব-বিনিময়তো অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে(PM Modi to meet national teacher award winners on september 5) । প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা প্ৰকাশিত এক বিবৃত্তিত প্ৰকাশ পাইছে এই তথ্য ৷

PM Modi to meet national teacher award winners on september 5
কৃতী শিক্ষকসকলৰ সৈতে ভাব-বিনিময়ত অংশ লব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

নেশ্যনেল ডেস্ক,5 ছেপ্তেম্বৰ: সোমবাৰে অৰ্থাৎ আজি শিক্ষক দিৱসৰ দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চলিত বৰ্ষৰ কৃতী শিক্ষক বঁটাৰ বাবে মনোনীত হোৱা শিক্ষকসকলক প্ৰদান কৰিব ৰাষ্ট্ৰীয় শিক্ষক বঁটা-২০২২(National Teacher Awards-2022) ৷ লগতে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কৃতী শিক্ষকসকলক সাক্ষাৎ কৰি তেওঁলোকৰ সৈতে ভাব-বিনিময়ত অংশগ্ৰহণ কৰিব বুলি প্ৰধানমন্ত্ৰী কার্যালয়ৰ পৰা প্ৰকাশিত এক বিবৃতিত প্ৰকাশ ৷

নিজৰ দায়বদ্ধতা আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে কেৱল বিদ্যায়তনিক শিক্ষাৰ মানদণ্ড উন্নত কৰাই নহয়, শিক্ষাৰ্থীসকলৰ জীৱন-ধাৰণৰ মানদণ্ড উন্নত কৰি তোলা দেশৰ কৃতী শিক্ষকসকলৰ অতুলনীয় অৱদানৰ প্ৰতি সন্মান তথা উদযাপন কৰাৰ উদ্দেশ্যৰে ৰাষ্ট্ৰীয় শিক্ষক বঁটা-২০২২ প্ৰদান কৰা হৈছে বুলি প্ৰধানমন্ত্ৰী কার্যালয়ৰ বিবৃতিত প্ৰকাশ ৷

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰা মতে, শিক্ষক দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৫ ছেপ্টেম্বৰৰ দিনা বিয়লি ৪.৩০ বজাত নতুন দিল্লীৰ সাত লোক কল্যাণ মাৰ্গত অৱস্থিত তেওঁৰ চৰকাৰী বাসগৃহত ৰাষ্ট্ৰীয় শিক্ষক বঁটা-২০২২ বিজয়ীসকলক সাক্ষাৎ কৰিব(will meet with the winners)। ৰাষ্ট্ৰীয় শিক্ষক বঁটা প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ত কৰ্মৰত কৃতী শিক্ষকসকললৈ প্ৰদান কৰা হয় । এইবাৰ কঠোৰ আৰু স্বচ্ছ পৰ্যায়ৰ তিনিটা অনলাইন প্ৰক্ৰিয়াৰ জৰিয়তে সমগ্ৰ দেশৰ পৰা ৪৫ গৰাকী শিক্ষকক এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে ।

লগতে পঢ়ক: ৰাষ্ট্ৰীয় শিক্ষকৰ সন্মানৰে জিলিকিল অসমৰ মিনাক্ষী গোস্বামী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.